পঞ্চায়ত নিৰ্বাচনঃ ভোটাৰ কাৰ্ড থাকিলেই নোৱাৰিব ভোট দিব! লাগিব এই নথি... | Panchayat election in assam What documents are required to vote know in details Assam news - Assam Tv9

পঞ্চায়ত নিৰ্বাচনঃ ভোটাৰ কাৰ্ড থাকিলেই নোৱাৰিব ভোট দিব! লাগিব এই নথি…

Updated On: 

06 Apr 2025 | 07:59 PM

Panchayat election Assam: অৱশেষত ঘোষণা হ'ল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি আৰু বৰাকত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন নামনি অসমত হ'ব।

1 / 5অৱশেষত ঘোষণা হ'ল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰে।

অৱশেষত ঘোষণা হ'ল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰে।

2 / 5

এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২ মে’ আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৭ মে’ ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বৰাক উপত্যকা আৰু উজনি অসমত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন নামনি অসমত অনুষ্ঠিত হ'ব।

3 / 5

এনে সময়ত ভোটাৰসকলৰ বাবে আছে এক ডাঙৰ খবৰ। কিয়নো ভোট দিবলৈ যোৱাৰ সময়ত ভোটাৰ কাৰ্ডৰ লগতে অন্য পৰিচয় পত্ৰও লগত নিব লাগিব। তাৰ পাছতহে ভোট দান কৰিব পাৰিব।

4 / 5

ভোটাৰ কাৰ্ডৰ বাহিৰে ভোটাৰে উল্লেখিত যিকোনো এখন পৰিচয় পত্ৰ লগত নিব লাগিব। সেয়া হ'ল- আধাৰ কাৰ্ড, এম এন ৰেগা জব কাৰ্ড, বেংক-ডাকঘৰৰ পাচবুক, শ্রম মন্ত্রণালয়ৰ স্বাস্থ্য বীমা স্মার্ট কার্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, এনপিআৰৰ অধীনৰ RGIএ জাৰি কৰা স্মার্ট কার্ড,ভাৰতীয় পাছপৰ্ট,ফটোযুক্ত পেঞ্চন নথি,চৰকাৰী কৰ্মচাৰীৰ পৰিচয় পত্র,দিব্যাংগসকলৰ ইউডিআইডি কার্ড

5 / 5

উল্লেখ্য যে, এইবাৰ বেলট পেপাৰ যোগেদি ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰোপৰি ভোটিঙৰ হাৰ অনলাইনত উপলব্ধ হ'ব। ইয়াৰোপৰি এই নিৰ্বাচনৰ ফলাফল ১১ মে'ত ঘোষণা কৰা হ'ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...