পঞ্চায়ত নিৰ্বাচনঃ ভোটাৰ কাৰ্ড থাকিলেই নোৱাৰিব ভোট দিব! লাগিব এই নথি... | Panchayat election in assam What documents are required to vote know in details Assam news - Assam Tv9

পঞ্চায়ত নিৰ্বাচনঃ ভোটাৰ কাৰ্ড থাকিলেই নোৱাৰিব ভোট দিব! লাগিব এই নথি…

Updated On: 

06 Apr 2025 19:59 PM

Panchayat election Assam: অৱশেষত ঘোষণা হ'ল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি আৰু বৰাকত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন নামনি অসমত হ'ব।

1 / 5অৱশেষত ঘোষণা হ'ল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰে।

অৱশেষত ঘোষণা হ'ল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰে।

2 / 5

এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২ মে’ আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৭ মে’ ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বৰাক উপত্যকা আৰু উজনি অসমত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন নামনি অসমত অনুষ্ঠিত হ'ব।

3 / 5

এনে সময়ত ভোটাৰসকলৰ বাবে আছে এক ডাঙৰ খবৰ। কিয়নো ভোট দিবলৈ যোৱাৰ সময়ত ভোটাৰ কাৰ্ডৰ লগতে অন্য পৰিচয় পত্ৰও লগত নিব লাগিব। তাৰ পাছতহে ভোট দান কৰিব পাৰিব।

4 / 5

ভোটাৰ কাৰ্ডৰ বাহিৰে ভোটাৰে উল্লেখিত যিকোনো এখন পৰিচয় পত্ৰ লগত নিব লাগিব। সেয়া হ'ল- আধাৰ কাৰ্ড, এম এন ৰেগা জব কাৰ্ড, বেংক-ডাকঘৰৰ পাচবুক, শ্রম মন্ত্রণালয়ৰ স্বাস্থ্য বীমা স্মার্ট কার্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, এনপিআৰৰ অধীনৰ RGIএ জাৰি কৰা স্মার্ট কার্ড,ভাৰতীয় পাছপৰ্ট,ফটোযুক্ত পেঞ্চন নথি,চৰকাৰী কৰ্মচাৰীৰ পৰিচয় পত্র,দিব্যাংগসকলৰ ইউডিআইডি কার্ড

5 / 5

উল্লেখ্য যে, এইবাৰ বেলট পেপাৰ যোগেদি ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰোপৰি ভোটিঙৰ হাৰ অনলাইনত উপলব্ধ হ'ব। ইয়াৰোপৰি এই নিৰ্বাচনৰ ফলাফল ১১ মে'ত ঘোষণা কৰা হ'ব।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...