Modi Assam visit: ৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰীয়ে জনালে সকলো... | narendra modi's 2 days assam visit 13th and 1th September see in details Assam news - Assam Tv9

Modi Assam visit: ৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰীয়ে জনালে সকলো…

Published: 

27 Aug 2025 | 09:52 PM

Modi assam visit: অহা ৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ সলনি অন্য দিনত আহিব।

1 / 5৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উল্লেখ্য যে, ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসমলৈ অহাৰ কথা আছিল নৰেন্দ্ৰ মোদী।

৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উল্লেখ্য যে, ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসমলৈ অহাৰ কথা আছিল নৰেন্দ্ৰ মোদী।

2 / 5

কিন্তু এতিয়া সেই দিনটোত অসমলৈ নাহে মোদী। কিয়নো ৯ ছেপ্টেম্বৰত দেশত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। এনে ক্ষেত্ৰত মোদীৰ অসম ভ্ৰমণৰ দিন সাল-সলনি কৰা হৈছে। ইয়াৰ সলনি অন্য দিনত অসমলৈ আহিব মোদী।

3 / 5

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জনাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৮ ছেপ্টেম্বৰত অসমলৈ অহাৰ কথা আছিল। কিন্তু ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন হোৱা বাবে মোদী অসমলৈ নাহে।

4 / 5

তেওঁ লগতে কয়, অহা ১৩ ছেপ্টেম্বৰত মোদী দুদুনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ইয়াৰোপৰি ৮ ছেপ্টেম্বৰৰ কাৰ্যসূচীসমূহ সেই দিন কেইটাত অনুষ্ঠিত হ'ব। অৱশ্যে নিৰ্ধাৰিত দিনতে অনুষ্ঠিত হ’ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী।

5 / 5

উল্লেখ্য যে, এইবাৰ বছৰজোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিছে অসম চৰকাৰে। তেনে পৰিপ্ৰেক্ষিতত এই অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছিল শৰ্মাই। কিন্তু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এতিয়া ১৩-১৪ ছেপ্টেম্বৰত অসমত উপস্থিত থাকিব মোদী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...