Modi Assam visit: ৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰীয়ে জনালে সকলো... | narendra modi's 2 days assam visit 13th and 1th September see in details Assam news - Assam Tv9

Modi Assam visit: ৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰীয়ে জনালে সকলো…

Published: 

27 Aug 2025 21:52 PM

Modi assam visit: অহা ৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ সলনি অন্য দিনত আহিব।

1 / 5৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উল্লেখ্য যে, ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসমলৈ অহাৰ কথা আছিল নৰেন্দ্ৰ মোদী।

৮ ছেপ্টেম্বৰত অসমলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উল্লেখ্য যে, ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসমলৈ অহাৰ কথা আছিল নৰেন্দ্ৰ মোদী।

2 / 5

কিন্তু এতিয়া সেই দিনটোত অসমলৈ নাহে মোদী। কিয়নো ৯ ছেপ্টেম্বৰত দেশত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। এনে ক্ষেত্ৰত মোদীৰ অসম ভ্ৰমণৰ দিন সাল-সলনি কৰা হৈছে। ইয়াৰ সলনি অন্য দিনত অসমলৈ আহিব মোদী।

3 / 5

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জনাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৮ ছেপ্টেম্বৰত অসমলৈ অহাৰ কথা আছিল। কিন্তু ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন হোৱা বাবে মোদী অসমলৈ নাহে।

4 / 5

তেওঁ লগতে কয়, অহা ১৩ ছেপ্টেম্বৰত মোদী দুদুনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ইয়াৰোপৰি ৮ ছেপ্টেম্বৰৰ কাৰ্যসূচীসমূহ সেই দিন কেইটাত অনুষ্ঠিত হ'ব। অৱশ্যে নিৰ্ধাৰিত দিনতে অনুষ্ঠিত হ’ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী।

5 / 5

উল্লেখ্য যে, এইবাৰ বছৰজোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিছে অসম চৰকাৰে। তেনে পৰিপ্ৰেক্ষিতত এই অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছিল শৰ্মাই। কিন্তু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এতিয়া ১৩-১৪ ছেপ্টেম্বৰত অসমত উপস্থিত থাকিব মোদী।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...