Delhi New CM Rekha Gupta: ৰেখা গুপ্তাক দিল্লীৰ মুখ্যমন্ত্ৰী পতাৰ আঁৰৰ কথা জানো আহক | Know the reason behind making Rekha Gupta the Chief Minister of Delhi Assam news - Assam Tv9

Delhi New CM Rekha Gupta: ৰেখা গুপ্তাক দিল্লীৰ মুখ্যমন্ত্ৰী পতাৰ আঁৰৰ কথা জানো আহক

barasha-misra
Updated On: 

19 Feb 2025 23:38 PM

বহু প্ৰত্যাশাৰ অন্তত ঘোষণা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী নাম। ৰেখা গুপ্তা হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী৷ প্ৰৱেশ বাৰ্মা হ’ব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী। জানো আহক নতুন মহিলা মুখ্যমন্ত্ৰীৰ বিষয়ে।

1 / 5ৰেখা গুপ্তা নিৰ্বাচন হ’ল দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে। ২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত কৰিব শপতগ্ৰহণ।দিল্লীৰ শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল ৰেখা। বিধানসভা নিৰ্বাচন ২০২৫ত তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰে।

ৰেখা গুপ্তা নিৰ্বাচন হ’ল দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে। ২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত কৰিব শপতগ্ৰহণ।দিল্লীৰ শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল ৰেখা। বিধানসভা নিৰ্বাচন ২০২৫ত তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰে।

2 / 5পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত, ৰেখা গুপ্তাই ২০০৩-০৪ চনত বিজেপি যুৱ মৰ্চাৰ দিল্লী গোটত যোগদান কৰে আৰু তাত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত ২০০৪ চনৰ পৰা ২০০৬ চনলৈ তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। এইদৰে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল।

পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত, ৰেখা গুপ্তাই ২০০৩-০৪ চনত বিজেপি যুৱ মৰ্চাৰ দিল্লী গোটত যোগদান কৰে আৰু তাত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত ২০০৪ চনৰ পৰা ২০০৬ চনলৈ তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। এইদৰে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল।

3 / 5শপত গ্ৰহণৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও বিজেপি-এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব বুলিও আশা কৰা হৈছে। এই সন্দৰ্ভত, দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে।

শপত গ্ৰহণৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও বিজেপি-এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব বুলিও আশা কৰা হৈছে। এই সন্দৰ্ভত, দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে।

4 / 5

কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ নেতাসকলৰ উপৰিও বলীউডৰ কিছুসংখ্যক লোকে অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি সাধু-সন্তসকলকো নিমন্ত্ৰণ জনোৱা হৈছে। অনুষ্ঠানটোৰ নিৰাপত্তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। এছপিজি, অৰ্ধসামৰিক বাহিনী আৰু দিল্লী আৰক্ষীৰ এক বহুস্তৰীয় নিৰাপত্তা প্ৰদান কৰিব।

5 / 5

বৰ্তমান বিজেপি শাসিত কোনো এখন ৰাজ্যতো মহিলা মুখ্যমন্ত্ৰী নাই। দেশৰ ১৫ খনতকৈও অধিক ৰাজ্যত বিজেপিৰ চৰকাৰ আছে। এই পৰিপ্ৰেক্ষিতত, এগৰাকী মহিলাক দায়িত্ব দিয়াটো দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদক্ষেপ বুলি গণ্য কৰা হ'ব।

সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...
ব্ৰেকফাষ্ট নকৰাকৈয়ে আৰম্ভ কৰে নেকি দিনটো? সাৱধান, এই ভুলৰ ফলত দেহত হ’ব পাৰে ৫টা চিন্তনীয় সমস্যা