কামাখ্যা মন্দিৰ কিমান পুৰণি আৰু কোনে নিৰ্মাণ কৰিছিল? | kamakhya devi mandir assam How old and Who built the Kamakhya Temple know details in assamese Assam news - Assam Tv9

Kamakhya Devi Temple : কামাখ্যা মন্দিৰ কিমান পুৰণি আৰু কোনে নিৰ্মাণ কৰিছিল?

Updated On: 

22 Jun 2025 | 08:36 AM

কামাখ্যা মন্দিৰ ২০০০ বছৰৰো অধিক পুৰণি বুলি ধাৰণা কৰা হয়। ইয়াৰ মূল নিৰ্মাণৰ তাৰিখ সঠিকভাৱে ক'তো উল্লেখ নাই । বহু সময়ত মন্দিৰটো পুনৰ নিৰ্মাণৰ কাম কৰা হৈছিল। উল্লেখ্য যে,১৫৬৫ চনত কোচ বংশৰ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।

1 / 5গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা হৈছে হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ । ভাৰতৰ মুঠ ৫১খন দেৱীপীঠৰ ভিতৰত কামাখ্যা মন্দিৰক অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে গণ্য কৰা হয় । বছৰৰ সকলো সময়তে মা কামাখ্যাৰ আশীষ ল'বৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰা দেখা যায় ।

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা হৈছে হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ । ভাৰতৰ মুঠ ৫১খন দেৱীপীঠৰ ভিতৰত কামাখ্যা মন্দিৰক অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে গণ্য কৰা হয় । বছৰৰ সকলো সময়তে মা কামাখ্যাৰ আশীষ ল'বৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰা দেখা যায় ।

2 / 5

বিশেষকৈ অম্বুবাচীৰ সময়ত বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা আগবঢ়ায় । কামাখ্যা মন্দিৰক অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি গণ্য কৰা হয়। শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাৰ প্ৰভাৱ সমগ্ৰ দেশতে দেখা যায় ।

3 / 5

প্ৰবাদ অনুসৰি, এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল সুধিলে, নৰকাসুৰ কথা জনা যায় । একেদৰে ইতিহাসত উল্লেখ থকা মতে, কোচ ৰজা বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল কোৱা হয় । ইফালে, মন্দিৰৰ শেষৰ অংশ নৃত্য-মণ্ডপ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হৈছিল বুলি কোৱা হয় ।

4 / 5

কামাখ্যা মন্দিৰ ২০০০ বছৰৰো অধিক পুৰণি বুলি ধাৰণা কৰা হয়। ইয়াৰ মূল নিৰ্মাণৰ তাৰিখ সঠিকভাৱে ক'তো উল্লেখ নাই । বহু সময়ত মন্দিৰটো পুনৰ নিৰ্মাণৰ কাম কৰা হৈছিল। উল্লেখ্য যে,১৫৬৫ চনত কোচ বংশৰ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।

5 / 5

ধ্বংসস্তূপ হৈ পৰাৰ পিছত তেওঁলোকে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল আৰু তেওঁলোকৰ পুনৰ নিৰ্মাণেই কামাখ্যা মন্দিৰক বৰ্তমানৰ স্থাপত্যৰ ৰূপ দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...