কামাখ্যা মন্দিৰ কিমান পুৰণি আৰু কোনে নিৰ্মাণ কৰিছিল? | kamakhya devi mandir assam How old and Who built the Kamakhya Temple know details in assamese Assam news - Assam Tv9

Kamakhya Devi Temple : কামাখ্যা মন্দিৰ কিমান পুৰণি আৰু কোনে নিৰ্মাণ কৰিছিল?

Updated On: 

22 Jun 2025 08:36 AM

কামাখ্যা মন্দিৰ ২০০০ বছৰৰো অধিক পুৰণি বুলি ধাৰণা কৰা হয়। ইয়াৰ মূল নিৰ্মাণৰ তাৰিখ সঠিকভাৱে ক'তো উল্লেখ নাই । বহু সময়ত মন্দিৰটো পুনৰ নিৰ্মাণৰ কাম কৰা হৈছিল। উল্লেখ্য যে,১৫৬৫ চনত কোচ বংশৰ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।

1 / 5গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা হৈছে হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ । ভাৰতৰ মুঠ ৫১খন দেৱীপীঠৰ ভিতৰত কামাখ্যা মন্দিৰক অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে গণ্য কৰা হয় । বছৰৰ সকলো সময়তে মা কামাখ্যাৰ আশীষ ল'বৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰা দেখা যায় ।

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা হৈছে হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ । ভাৰতৰ মুঠ ৫১খন দেৱীপীঠৰ ভিতৰত কামাখ্যা মন্দিৰক অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে গণ্য কৰা হয় । বছৰৰ সকলো সময়তে মা কামাখ্যাৰ আশীষ ল'বৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰা দেখা যায় ।

2 / 5

বিশেষকৈ অম্বুবাচীৰ সময়ত বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা আগবঢ়ায় । কামাখ্যা মন্দিৰক অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি গণ্য কৰা হয়। শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাৰ প্ৰভাৱ সমগ্ৰ দেশতে দেখা যায় ।

3 / 5

প্ৰবাদ অনুসৰি, এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল সুধিলে, নৰকাসুৰ কথা জনা যায় । একেদৰে ইতিহাসত উল্লেখ থকা মতে, কোচ ৰজা বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল কোৱা হয় । ইফালে, মন্দিৰৰ শেষৰ অংশ নৃত্য-মণ্ডপ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হৈছিল বুলি কোৱা হয় ।

4 / 5

কামাখ্যা মন্দিৰ ২০০০ বছৰৰো অধিক পুৰণি বুলি ধাৰণা কৰা হয়। ইয়াৰ মূল নিৰ্মাণৰ তাৰিখ সঠিকভাৱে ক'তো উল্লেখ নাই । বহু সময়ত মন্দিৰটো পুনৰ নিৰ্মাণৰ কাম কৰা হৈছিল। উল্লেখ্য যে,১৫৬৫ চনত কোচ বংশৰ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।

5 / 5

ধ্বংসস্তূপ হৈ পৰাৰ পিছত তেওঁলোকে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল আৰু তেওঁলোকৰ পুনৰ নিৰ্মাণেই কামাখ্যা মন্দিৰক বৰ্তমানৰ স্থাপত্যৰ ৰূপ দিয়ে।

এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...
কিডনী ষ্টোন হ'লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক
ভাৰতৰ ১০০০ টকা এই দেশত হৈ পৰে ২ লাখৰ অধিক! জানক সকলো...