Uruka 2025: উৰুকালৈ মাজত মাথোঁ কেইটামান দিন, তাৰ পূৰ্বে জানক ভোগালীত পানীহিলৈ ফুটোৱা পৰম্পৰাৰ বিষয়ে | Just a few days in between for Uruka, know about the tradition of Pani Hiloi in the fire of meji Assam news - Assam Tv9

Uruka 2025: উৰুকালৈ মাজত মাথোঁ কেইটামান দিন, তাৰ পূৰ্বে জানক ভোগালীত পানীহিলৈ ফুটোৱা পৰম্পৰাৰ বিষয়ে

barasha-misra
Published: 

09 Jan 2025 20:53 PM

ৰাজ্যজুৰি ভোগালীক আদৰাৰ ব্যপক প্ৰস্তুতি। ভিন্ন আৰ্হিত ভেলাঘৰ নিৰ্মাণত ব্যস্ত ৰাইজ। এই ভোগালী বিহুত জড়িত হৈ আছে বহু পৰম্পৰা।

1 / 5পদূলিমুখত হেঁপাহৰ ভোগালী। উৰুকালৈ সাজু হৈছে চহা অসমীয়া। এতিয়া সকলোতে বিহুক আদৰাৰ প্ৰস্তুতি। চৌদিশে চলিছে ভেলাঘৰ নিৰ্মাণৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা।

পদূলিমুখত হেঁপাহৰ ভোগালী। উৰুকালৈ সাজু হৈছে চহা অসমীয়া। এতিয়া সকলোতে বিহুক আদৰাৰ প্ৰস্তুতি। চৌদিশে চলিছে ভেলাঘৰ নিৰ্মাণৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা।

2 / 5গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে।

গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়। তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে।

3 / 5ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়। বহু ঠাইত মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়।

ভেলাঘৰৰ কাষতে কাঠ-বাঁহৰে সজা মেজিত অগ্নিসংযোগ কৰা হয়। বহু ঠাইত মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়।

4 / 5

এই মেজিৰ জুইতে বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো এক পৰম্পৰা আছে। পানী হিলৈ হৈছে পানী জমা হোৱা কোনো বাঁহক মেজিৰ জুইত ভৰাই দি দাৰে আঘাত কৰা হয়। মেজিৰ জুইত আশীৰ্বাদ ল'লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।

5 / 5

ইয়াৰোপৰি, পুৱা মেজিত মাহকৰাই উৎসগা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ অনা হয় আৰু সেইবোৰ আম-কঁঠাল, তামোল আদি গুটি লগা গছত ছটিয়াই দিয়ে। উল্লেখ্য যে, মাঘ বিহুত বিভিন্ন লোকবিশ্বাস জডিত আছে, লগতে সেইবোৰক পৰম্পৰাগত ভাৱে পালন কৰি অহা হৈছে।

ঘৰৰ এই ৩টা স্থানত কেতিয়াও নাৰাখিব মানী প্লাণ্ট, অন্যথা দৰিদ্ৰতাই আগুৰিব আপোনাৰ জীৱন
হাওঁফাওঁৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
যকৃত সুস্থ ৰাখিবলৈ খাওক এইসমূহ খাদ্য! জনালে চিকিৎসকে...
প্ৰস্ৰাৱৰ লগত তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? জানক...