ঝুমইৰ বিনন্দিনীঃ সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৯০০০ শিল্পীয়ে আজি পৰিৱেশন কৰিব ঝুমুৰ নৃত্য... | Jhumoir Binandini almost 9000 dacncer patriciate in jhumur dance will create world record assam Assam news - Assam Tv9

ঝুমইৰ বিনন্দিনীঃ সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৯০০০ শিল্পীয়ে আজি পৰিৱেশন কৰিব ঝুমুৰ নৃত্য…

barasha-sarma
Updated On: 

24 Feb 2025 21:04 PM

Jhumoir Binandini: পুনৰ এবাৰ ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাখনো দেশৰ ৰাষ্ট্ৰ প্ৰতিনিধিৰ উপস্থিতিত আজি অনুষ্ঠিত হ'ব 'ঝুমইৰ বিনন্দিনী' শীৰ্ষক অনুষ্ঠান।

1 / 5ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম। দীৰ্ঘদিন ধৰি চলা অনুশীলনৰ পাছত আজি (২৪ ফেব্ৰুৱাৰী) গুৱাহাটীত অনুষ্ঠিত হ'ব 'ঝুমইৰ বিনন্দিনী'  শীৰ্ষক অনুষ্ঠান। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে দেশ-বিদেশৰ বহু প্ৰতিনিধি ৰাজ্যত উপস্থিত হৈছে।

ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম। দীৰ্ঘদিন ধৰি চলা অনুশীলনৰ পাছত আজি (২৪ ফেব্ৰুৱাৰী) গুৱাহাটীত অনুষ্ঠিত হ'ব 'ঝুমইৰ বিনন্দিনী' শীৰ্ষক অনুষ্ঠান। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে দেশ-বিদেশৰ বহু প্ৰতিনিধি ৰাজ্যত উপস্থিত হৈছে।

2 / 5আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়েও  এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। ইয়াৰোপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ,  ৪৩ খন দেশৰ ৬৪ গৰাকী প্ৰতিনিধিৰ লগতে বহু লোকে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব।

আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়েও এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। ইয়াৰোপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৪৩ খন দেশৰ ৬৪ গৰাকী প্ৰতিনিধিৰ লগতে বহু লোকে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব।

3 / 5জানিব পৰা মতে, ঝুমইৰ বিনন্দিনী অনুষ্ঠানত মুঠ ২৭ খন জিলাৰ  ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব।  ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী।  মুঠ ১৬ মিনিট ৩২ ছেকেণ্ডৰ হ’ব এই অনুষ্ঠান । আজি সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ বাবে দৰ্শকসকলে ৩ বজাৰ আগতে সৰুসজাই ষ্টেডিয়ামত হাজিৰ হ’ব লাগিব।

জানিব পৰা মতে, ঝুমইৰ বিনন্দিনী অনুষ্ঠানত মুঠ ২৭ খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী। মুঠ ১৬ মিনিট ৩২ ছেকেণ্ডৰ হ’ব এই অনুষ্ঠান । আজি সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ বাবে দৰ্শকসকলে ৩ বজাৰ আগতে সৰুসজাই ষ্টেডিয়ামত হাজিৰ হ’ব লাগিব।

4 / 5

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীকে ২৫,০০০ কৈ টকা আগবঢ়োৱা হ'ব। ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে সকলো প্ৰস্তুতি।

5 / 5

উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানে বিশ্ব ৰেকৰ্ড গঢ়িব। কিয়নো ইয়াৰ পূৰ্বে কেতিয়াও ইমান সংখ্যক নৃত্যশিল্পীয়ে একেলগে নৃত্য পৰিৱেশন কৰা নাছিল। গতিকে পুনৰ এবাৰ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে ৰাজ্যবাসী।

সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...
ব্ৰেকফাষ্ট নকৰাকৈয়ে আৰম্ভ কৰে নেকি দিনটো? সাৱধান, এই ভুলৰ ফলত দেহত হ’ব পাৰে ৫টা চিন্তনীয় সমস্যা