Assamese Movie: দীৰ্ঘ বিৰতিৰ অন্তত জাহ্নু বৰুৱাৰ নতুন অসমীয়া ছবি নিৰ্মাণ, আহি আছে ‘হেৰোৱা ছন্দ’ | Jahnu Barua's new Assamese film herowa chanda will release soon Assam news - Assam Tv9

Assamese Movie: দীৰ্ঘ বিৰতিৰ অন্তত জাহ্নু বৰুৱাৰ নতুন অসমীয়া ছবি নিৰ্মাণ, আহি আছে ‘হেৰোৱা ছন্দ’

Updated On: 

28 Dec 2025 16:07 PM

অসমীয়া ছবিজগতলৈ সুখবৰ। এক দীঘলীয়া বিৰতিৰ অন্তত ছবিগৃহলৈ আহি আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ চলচ্চিত্ৰ ‘হেৰোৱা ছন্দ’। এই ছবিখন পৰিচালনা কৰিছে হৃষীকেশ ভট্টাচাৰ্যই।

1 / 5নৱবৰ্ষত অসমত মুক্তি পাব নতুন অসমীয়া চলচ্চিত্ৰ। অহা ২ জানুৱাৰীত ছবিগৃহলৈ আহি আছে অসমীয়া চলচ্চিত্ৰ "হেৰোৱা ছন্দ"।

নৱবৰ্ষত অসমত মুক্তি পাব নতুন অসমীয়া চলচ্চিত্ৰ। অহা ২ জানুৱাৰীত ছবিগৃহলৈ আহি আছে অসমীয়া চলচ্চিত্ৰ "হেৰোৱা ছন্দ"।

2 / 5

এক দীঘলীয়া বিৰতিৰ অন্তত ছবিগৃহলৈ আহি আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ চলচ্চিত্ৰ। এই ছবিখন পৰিকল্পনা কৰিছে হৃষীকেশ ভট্টাচাৰ্যই।

3 / 5

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপ, ময়ুখ শৰ্মা, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড৹ অৰূপ বৰঠাকুৰ, উজ্জ্বল ৰাজখোৱা, ড৹ নাৰায়ণ শৰ্মা ইত্যাদিয়ে । ছবিখনৰ দৃশ্যগ্ৰহণ সুমন দুৱৰাই কৰিছে আৰু মিক্সিং ছাউণ্ড ডিজাইন কৰিছে অমৃত প্রীতম আৰু দেৱজিৎ চাংমায়ে।

4 / 5

২০২৬ৰ ২ জানুৱাৰীত শুভমুক্তি লাভ কৰিব ছবিখনে। ইতিমধ্যে মুকলি হৈছে ছবিখনৰ পোষ্টাৰ আৰু সংগীত। সোমবাৰে ছবিখনৰ প্ৰিমিয়াম শ্ব' অনুষ্ঠিত হ'ব গুৱাহাটীৰ Kelvin Gold ত।

5 / 5

উল্লেখ্য যে, বিশেষকৈ নতুন প্ৰজন্মক টাৰ্গেট কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে । বিশিষ্ট পৰিচালক, পদ্মভূষণ জাহ্নু বৰুৱাই হালধীয়া চৰাইয়ে বাওধান খায়, অজেয় আৰু সাগৰলৈ বহু দূৰৰ দৰে ছবি ইতিমধ্যে দৰ্শকক উপহাৰ দিছে। এইবাৰ মুকভা প্ৰডাকশ্যনছ আৰু ৰা ক্রিয়েশ্যনছৰ ‘হেৰোৱা ছন্দ’ ছবিখনক লৈ আশাবাদী কলা-কুশলীসকল।

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ পুৱা কি কি খাব লাগে? জানক...
ভাগৰ আৰু অনিদ্ৰা...কি ভিটামিনৰ অভাৱত এনে সমস্যা হয়? জানক...
একেৰাহে ২১ দিন চেনি নাখালে শৰীৰৰ কি কি পৰিৱৰ্তন হ'ব? জানক চিকিৎসকৰ পৰা...
পেট ফুলাৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? খাদ্য খোৱাৰ আগত আৰু পাছত এই ৫ টা নিময় মানি চলক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...