Assamese Movie: দীৰ্ঘ বিৰতিৰ অন্তত জাহ্নু বৰুৱাৰ নতুন অসমীয়া ছবি নিৰ্মাণ, আহি আছে ‘হেৰোৱা ছন্দ’ | Jahnu Barua's new Assamese film herowa chanda will release soon Assam news - Assam Tv9

Assamese Movie: দীৰ্ঘ বিৰতিৰ অন্তত জাহ্নু বৰুৱাৰ নতুন অসমীয়া ছবি নিৰ্মাণ, আহি আছে ‘হেৰোৱা ছন্দ’

Edited By: 

Barasha Sarma | Updated On: 28 Dec 2025 | 04:07 PM

অসমীয়া ছবিজগতলৈ সুখবৰ। এক দীঘলীয়া বিৰতিৰ অন্তত ছবিগৃহলৈ আহি আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ চলচ্চিত্ৰ ‘হেৰোৱা ছন্দ’। এই ছবিখন পৰিচালনা কৰিছে হৃষীকেশ ভট্টাচাৰ্যই।

1 / 5নৱবৰ্ষত অসমত মুক্তি পাব নতুন অসমীয়া চলচ্চিত্ৰ। অহা ২ জানুৱাৰীত ছবিগৃহলৈ আহি আছে অসমীয়া চলচ্চিত্ৰ "হেৰোৱা ছন্দ"।

নৱবৰ্ষত অসমত মুক্তি পাব নতুন অসমীয়া চলচ্চিত্ৰ। অহা ২ জানুৱাৰীত ছবিগৃহলৈ আহি আছে অসমীয়া চলচ্চিত্ৰ "হেৰোৱা ছন্দ"।

2 / 5

এক দীঘলীয়া বিৰতিৰ অন্তত ছবিগৃহলৈ আহি আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ চলচ্চিত্ৰ। এই ছবিখন পৰিকল্পনা কৰিছে হৃষীকেশ ভট্টাচাৰ্যই।

3 / 5

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ, জয় কাশ্যপ, ময়ুখ শৰ্মা, অজু বৰুৱা, সুকন্যা ৰাজগুৰু, ড৹ অৰূপ বৰঠাকুৰ, উজ্জ্বল ৰাজখোৱা, ড৹ নাৰায়ণ শৰ্মা ইত্যাদিয়ে । ছবিখনৰ দৃশ্যগ্ৰহণ সুমন দুৱৰাই কৰিছে আৰু মিক্সিং ছাউণ্ড ডিজাইন কৰিছে অমৃত প্রীতম আৰু দেৱজিৎ চাংমায়ে।

4 / 5

২০২৬ৰ ২ জানুৱাৰীত শুভমুক্তি লাভ কৰিব ছবিখনে। ইতিমধ্যে মুকলি হৈছে ছবিখনৰ পোষ্টাৰ আৰু সংগীত। সোমবাৰে ছবিখনৰ প্ৰিমিয়াম শ্ব' অনুষ্ঠিত হ'ব গুৱাহাটীৰ Kelvin Gold ত।

5 / 5

উল্লেখ্য যে, বিশেষকৈ নতুন প্ৰজন্মক টাৰ্গেট কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে । বিশিষ্ট পৰিচালক, পদ্মভূষণ জাহ্নু বৰুৱাই হালধীয়া চৰাইয়ে বাওধান খায়, অজেয় আৰু সাগৰলৈ বহু দূৰৰ দৰে ছবি ইতিমধ্যে দৰ্শকক উপহাৰ দিছে। এইবাৰ মুকভা প্ৰডাকশ্যনছ আৰু ৰা ক্রিয়েশ্যনছৰ ‘হেৰোৱা ছন্দ’ ছবিখনক লৈ আশাবাদী কলা-কুশলীসকল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...