IPL 2025: ১৫টা বলত ২৫ ৰান কৰি আউট হ'ল ৰিয়ান পৰাগ... | IPL 2025 RR vs KKR riyan out 25 run guwahati match know in details Assam news - Assam Tv9

IPL 2025: ১৫টা বলত ২৫ ৰান কৰি আউট হ’ল ৰিয়ান পৰাগ…

Updated On: 

26 Mar 2025 | 08:33 PM

IPL 2025: আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে RR vs KKR ৰ খেল। এই মেচত মাত্ৰ ২৫ ৰান কৰিলে আউট হয় ৰিয়ান পৰাগ। বৰ্তমান চলি আছে এই মেচ।

1 / 5আজি গুৱাহাটীত অনুষ্ঠিত হৈছে আই পি এল ২০২৫ ৰ মেচ। RR আৰু KKR ৰ মাজত অনুষ্ঠিত হৈছে এই খেল। টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত কৰে KKR য়ে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে কৰে বেটিং।

আজি গুৱাহাটীত অনুষ্ঠিত হৈছে আই পি এল ২০২৫ ৰ মেচ। RR আৰু KKR ৰ মাজত অনুষ্ঠিত হৈছে এই খেল। টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত কৰে KKR য়ে। ইয়াৰ বিপৰীতে ৰাজস্থান ৰয়েলছে কৰে বেটিং।

2 / 5

ৰাজস্থান ৰয়েলছৰ প্ৰথমটো উইকেট হেৰুৱাই বৈভৱ অৰোৰাৰ হাতত। অৰোৰাই সঞ্জু চেমছনক আউট কৰে। চেমছনে ১১টা বলত ১৩ ৰান সংগ্ৰহ কৰে। তাৰ পাছতে আহে ৰিয়ান পৰাগ।

3 / 5

ৰিয়ান পৰাগৰ আৰম্ভণি ভাল দেখা যায়। ৬ কোবায় ৰিয়ানে খেলৰ আৰম্ভণি কৰে যদিও মাত্ৰ ২৫ ৰান কৰিয়েই আউট হ'বলগীয়া হয়। ১৫ টা বলত ২৫ ৰান কৰে ৰিয়ানে। বৰুন চক্ৰৱৰ্তীয়ে আউট কৰে ৰিয়ানক।

4 / 5

ইতিমধ্যে ৰাজস্থান ৰয়েলছে সম্পূৰ্ণ কৰিছে ৫০ ৰান। ৰাজস্থানৰ ৬৭ স্কোৰত আউট হয় ৰিয়ান। ইয়াৰ পাছতে ৬৯ ৰানৰ স্ক’ৰত যশস্বী জয়ছোৱালৰ উইকেট হেৰুয়ায়। এটাৰ পাছত আনটো উইকেট হেৰুৱাই বিপদত আৰ আৰ।

5 / 5

উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলতো প্ৰদৰ্শন ভাল নাছিল। প্ৰথম খেলত ৰিয়ান পৰাগে মাত্ৰ ৪ ৰান কৰিয়ে পেভেলিয়ানলৈ ঘূৰিবলগীয়া হৈছিল। ইয়াৰ পাছতো ৰিয়ানৰ পৰা অনুৰাগীয়ে যথেষ্ঠ আশা কৰিছিল যদিও বিশেষ ভাল ফল দেখুৱাব নোৱাৰিলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...