IPL 2025 ৰ পৰা বাহিৰ হোৱাৰ পাছতো কিমান কোটি টকা লাভ কৰিব মুম্বাই ইণ্ডিয়ানছে? জানক... | IPl 2025 Prize money rcb vs PBKS how much will get MI know in details Assam news - Assam Tv9

IPL 2025 ৰ পৰা বাহিৰ হোৱাৰ পাছতো কিমান কোটি টকা লাভ কৰিব মুম্বাই ইণ্ডিয়ানছে? জানক…

Published: 

02 Jun 2025 15:43 PM

IPl 2025 Prize money: মাজত মাত্ৰ কেইটামান ক্ষণ। কাইলে আৰ চি বি (RCB) আৰু পঞ্জাৱ কিংছ (PBKS)ৰ মাজত অনুষ্ঠিত হ'ব আই পি এলৰ ফাইনেল। পিছে এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা মুম্বাই ইণ্ডিয়ানছে কিমাট টকা লাভ কৰিব জানেনে?

1 / 5আই পি এল ২০২৫ (IPL 2025) ৰ কোৱালিফায়াৰ ২ মেচখন অতি ৰোমাঞ্চকৰ আছিল। এই মেচক পঞ্জাৱ কিংছে (PBKS)পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়া (MI)নছক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ লগে লগে  মুম্বাই ইণ্ডিয়ানছ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় যদিও এই ছিজনত কৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কোটি কোটি টকাৰ পুৰস্কাৰ ধন প্ৰদান কৰা হ’ব।

আই পি এল ২০২৫ (IPL 2025) ৰ কোৱালিফায়াৰ ২ মেচখন অতি ৰোমাঞ্চকৰ আছিল। এই মেচক পঞ্জাৱ কিংছে (PBKS)পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়া (MI)নছক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ লগে লগে মুম্বাই ইণ্ডিয়ানছ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় যদিও এই ছিজনত কৰা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কোটি কোটি টকাৰ পুৰস্কাৰ ধন প্ৰদান কৰা হ’ব।

2 / 5

এই ছিজনৰ পুৰস্কাৰৰ ধন সন্দৰ্ভত বিচিচিআইয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। একাংশই ধাৰণা কৰিছে যে, বিগত বৰ্ষৰ দৰে সমান পুৰস্কাৰ ধন এইবছৰ প্ৰদান কৰা হ'ব। এইবাৰৰ মুঠ পুৰস্কাৰ ধন ৪৬.৫ কোটি টকা হ’ব পাৰে, যি প্ৰতিযোগিতাখনৰ শীৰ্ষ ৪ টা দলৰ মাজত বিতৰণ কৰা হ’ব।

3 / 5

গতিকে জয়ী দলটোৱে ২০ কোটি, ৰাণাৰ আপে ১৩ কোটি, কোৱালিফায়াৰে ৭ কোটি আৰু এলিমিনেটৰে ৬.৫ কোটি লাভ কৰিব পাৰে। এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ দলটোৱেও তৃতীয় স্থানত ছিজন সমাপ্ত কৰিছে। এনে পৰিস্থিতিত দলটোৱে ৭ কোটি পুৰস্কাৰ লাভ কৰাৰ সম্ভাৱনা আছে।

4 / 5

আই পি এল ২০২৫ ত মুম্বাই ইণ্ডিয়ানছে অতি উচ্চমানৰ প্ৰদৰ্শন আগবঢ়ায়। এলিমিনেটৰত গুজৰাট টাইটানছক ২০ ৰাণত পৰাস্ত কৰি কোৱালিফায়াৰ ২ত স্থান লাভ কৰে দলটোয়ে। কিন্তু পঞ্জাৱৰ আগত জয়ৰ এই ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে দলটোয়ে। এই মেচখনত মুম্বাইয়ে প্ৰথমে বেটিং কৰি ২০৩ ৰান সংগ্ৰহ কৰে। কিন্তু পঞ্জাৱে এই লক্ষ্য সহজে পূৰ কৰে।

5 / 5

এই পৰাজয় মুম্বাই ইণ্ডিয়ানছৰ বাবে এক ডাঙৰ আঘাত আছিল। ইয়াৰ লগে লগে মুম্বাই ফাইনেলৰ পৰা বাহিৰ হয়। ইয়াৰ পূৰ্বে তেওঁলোকে ১৮ বাৰকৈ ২০০+ ৰান কৰি টাৰগেট পূৰ কৰাত সক্ষম হৈছিল। কিন্তু এই যাত্ৰা এইবাৰ সমাপ্ত হয় দলটোৰ। ৩ জুনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব আই পি এলৰ ফাইনেল।

অৱসৰ ল’লে নেকি অক্ষৰ পেটেলে? ভাইৰেল ভিডিঅ’ই লগাইছে চাঞ্চল্য
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে পুৱা আৰু দুপৰীয়াৰ আহাৰত কি কি খাদ্য খাইছিল, জানেনে?
প্ৰস্ৰাৱ কৰিলে অধিক ফেন উঠে নেকি? জানক ই কি বেমাৰৰ লক্ষণ...
ভিটামিন E ৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...