পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়, ৬ ইউকেটত জয়ী টীম ইণ্ডিয়া | শতকেৰে ফৰ্মলৈ উভতিল কোহলীঃ পাকিস্তানৰ বিৰুদ্ধে সহজ জয়েৰে ছেমিত ভাৰত Assam news - Assam Tv9

শতকেৰে ফৰ্মলৈ উভতিল কোহলীঃ পাকিস্তানৰ বিৰুদ্ধে সহজ জয়েৰে ছেমিত ভাৰত

Updated On: 

23 Feb 2025 22:43 PM

IND vs PAk: চেম্পিয়নছ ট্ৰফীৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। ইয়াৰ পাছতে সমগ্ৰ দেশত আনন্দৰ লহৰ উঠে।৬ ইউকেটত জয়ী টীম ইণ্ডিয়া ।

1 / 5চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ আজিৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। টচত জয়ী হৈ পাকিস্তানে  ৪৯.৪ অভাৰত ২৪১ ৰান কৰি ভাৰতক লক্ষ্য বান্ধি দিছিল ২৪২ ৰানৰ। মাত্ৰ ৪২.৩ অভাৰতে এই লক্ষ্যত উপনীত হৈ ভাৰতে ৪ টা উইকেটৰ বিনিময়ত ২৪৪ ৰান কৰিবলৈ সক্ষম হয়।

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ আজিৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। টচত জয়ী হৈ পাকিস্তানে  ৪৯.৪ অভাৰত ২৪১ ৰান কৰি ভাৰতক লক্ষ্য বান্ধি দিছিল ২৪২ ৰানৰ। মাত্ৰ ৪২.৩ অভাৰতে এই লক্ষ্যত উপনীত হৈ ভাৰতে ৪ টা উইকেটৰ বিনিময়ত ২৪৪ ৰান কৰিবলৈ সক্ষম হয়।

2 / 5

আজিৰ খেল আছিল উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ। বিৰাট কোহলীয়ে ১১১ টা বলত ১০০ ৰান নট আউটৰ এক সুন্দৰ ইনিংছ খেলে। এই সময়চোৱাত তেওঁ ৭ টা চাৰি কোবায়। এই জয়ৰ পাছতেই ছেমি ফাইনেলত ভাৰতৰ স্থান প্ৰায় নিশ্চিত হৈ পৰিছে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত টিম ইণ্ডিয়াই পুনৰবাৰ অতি সহজে লক্ষ্যত উপনীত হয়।

3 / 5

২৩ ফেব্ৰুৱাৰী দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা হাইভ'ল্টেজচখনৰ বাবে ক্ৰিকেটৰ অনুৰাগীসকলে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। ভাৰতীয় অনুৰাগীৰ আশা আৰু বিশ্বাসত উপনীত হৈ ভাৰতীয় ক্ৰিকেট দলটোৱে দিলে জয়ৰ সোৱাদ।

4 / 5

ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই ২টা উইকেট লয়। কুলদ্বীপ যাদৱে ৩টা, ৰবীন্দ্ৰ জাদেজাই ১টা, হৰ্ষিত ৰাণাই ১টা আৰু অস্কৰ পেটেলে ১টা উইকেট দখল কৰে।

5 / 5

ইয়াৰোপৰি ভাৰতৰ হৈ ৰোহিত শৰ্মাই ২০ ৰান, শুভমন গিলে ৪৬ ৰান, বিৰাট কোহলিয়ে শতক,শ্ৰেয়ছ আয়াৰে ৫৬ ৰান, হাৰ্দিক পাণ্ডিয়াই ৮ ৰান আৰু অক্ষৰ পেটেলে ৩ ৰান কৰিবলৈ সক্ষম হয়।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...