23 Feb 2025 | 10:43 PM
চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ আজিৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। টচত জয়ী হৈ পাকিস্তানে ৪৯.৪ অভাৰত ২৪১ ৰান কৰি ভাৰতক লক্ষ্য বান্ধি দিছিল ২৪২ ৰানৰ। মাত্ৰ ৪২.৩ অভাৰতে এই লক্ষ্যত উপনীত হৈ ভাৰতে ৪ টা উইকেটৰ বিনিময়ত ২৪৪ ৰান কৰিবলৈ সক্ষম হয়।
আজিৰ খেল আছিল উত্তেজনাপূৰ্ণ আৰু ৰোমাঞ্চকৰ। বিৰাট কোহলীয়ে ১১১ টা বলত ১০০ ৰান নট আউটৰ এক সুন্দৰ ইনিংছ খেলে। এই সময়চোৱাত তেওঁ ৭ টা চাৰি কোবায়। এই জয়ৰ পাছতেই ছেমি ফাইনেলত ভাৰতৰ স্থান প্ৰায় নিশ্চিত হৈ পৰিছে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত টিম ইণ্ডিয়াই পুনৰবাৰ অতি সহজে লক্ষ্যত উপনীত হয়।
২৩ ফেব্ৰুৱাৰী দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা হাইভ'ল্টেজচখনৰ বাবে ক্ৰিকেটৰ অনুৰাগীসকলে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। ভাৰতীয় অনুৰাগীৰ আশা আৰু বিশ্বাসত উপনীত হৈ ভাৰতীয় ক্ৰিকেট দলটোৱে দিলে জয়ৰ সোৱাদ।
ভাৰতৰ হৈ হাৰ্ডিক পাণ্ডিয়াই ২টা উইকেট লয়। কুলদ্বীপ যাদৱে ৩টা, ৰবীন্দ্ৰ জাদেজাই ১টা, হৰ্ষিত ৰাণাই ১টা আৰু অস্কৰ পেটেলে ১টা উইকেট দখল কৰে।
ইয়াৰোপৰি ভাৰতৰ হৈ ৰোহিত শৰ্মাই ২০ ৰান, শুভমন গিলে ৪৬ ৰান, বিৰাট কোহলিয়ে শতক,শ্ৰেয়ছ আয়াৰে ৫৬ ৰান, হাৰ্দিক পাণ্ডিয়াই ৮ ৰান আৰু অক্ষৰ পেটেলে ৩ ৰান কৰিবলৈ সক্ষম হয়।