জুবিন গাৰ্গৰ ঘটনাৰ ছাৰ্জশ্বীট দাখিলৰ পাছতে আৰম্ভ হ'ব চৰকাৰৰ একশ্যনঃ মুখ্যমন্ত্ৰী | Himanta Biswa Sarma Reaction On Zubeen Garg Chargesheet And Congress See Details In Assamese Assam news - Assam Tv9

জুবিন গাৰ্গৰ ঘটনাৰ ছাৰ্জশ্বীট দাখিলৰ পাছতে আৰম্ভ হ’ব চৰকাৰৰ একশ্যনঃ মুখ্যমন্ত্ৰী

Published: 

23 Nov 2025 | 05:41 PM

Himanta Biswa Sarma: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ছাৰ্জশ্বীট সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইয়াৰোপৰি তেওঁ কংগ্ৰেছীসকলৰ বিৰোধিতা কৰি বিভিন্ন মত প্ৰকাশ কৰে।

1 / 5প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুনৰ দেওবাৰে মত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ  ছাৰ্জশ্বীট। এই ছাৰ্জশ্বীট দাখিলৰ পিছতে চৰকাৰী এক্সন দেখা পাব অসমবাসীয়ে। এতিয়ালৈকে মই চকু দিয়া নাই। ১০ ডিচেম্বৰৰ পাছত জুবিন ক্ষেত্ৰত দেৱাল নিৰ্মাণ কৰা হ'ব।

প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুনৰ দেওবাৰে মত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ ছাৰ্জশ্বীট। এই ছাৰ্জশ্বীট দাখিলৰ পিছতে চৰকাৰী এক্সন দেখা পাব অসমবাসীয়ে। এতিয়ালৈকে মই চকু দিয়া নাই। ১০ ডিচেম্বৰৰ পাছত জুবিন ক্ষেত্ৰত দেৱাল নিৰ্মাণ কৰা হ'ব।

2 / 5

তেওঁ কয় যে,জুবিন গাৰ্গক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টা চলোৱাৰ বাবে নিৰ্বাচনত ভোট কমিব কংগ্ৰেছৰ। কংগ্ৰেছে এটা নিৰৰ্থক চেষ্টা কৰি আছে। জুবিন কোনো দলৰ নহয়, সকলোৰে। জুবিনক কংগ্ৰেছী কৰিব বিচৰা প্ৰচেষ্টাৰ বাবে কংগ্ৰেছৰ ভোট কমিব। ভোট নাবাঢ়ে। জীৱনকালত তেওঁলোকে জুবিনক কেতিয়াও সন্মান দিয়া নাছিল তেওঁলোকে।

3 / 5

ইয়াৰোপৰি শৰ্মাই কয় যে, কংগ্ৰেছে ২২ টা সমষ্টিত নিৰ্বাচন খেলিব আৰু প্ৰাৰ্থীৰ পৰা টকা উঠাব। ১ কোটি আগধন, ৩ কোটি পিছত দিব লাগি কংগ্ৰেছ প্ৰাৰ্থীয়ে। মিঞা সমষ্টিৰ প্ৰাৰ্থীৰ পৰা ধন লোৱা আৰম্ভ কৰিছে কংগ্ৰেছে। ইয়াৰোপৰি অখিল গগৈৰ দৰে তুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে বুলি কয় শৰ্মাই।

4 / 5

উল্লেখ্য যে, কিছুদিন পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন ক্ষেত্ৰত উদ্ভাণ্ডলী কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি কোনোবাই মদ খাই জুবিন ক্ষেত্ৰলৈ যায় তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চোঁচৰাই তেওঁলোকক জেলত ভৰোৱা হ'ব।

5 / 5

ইয়াৰোপৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ছাৰ্জশ্বীটত বহু বিস্ফোৰক তথ্য প্ৰকাশ পাব বুলি ইতিমধ্যে কৈছে শৰ্মাই। তেওঁ কৈছে যে, ছাৰ্জশ্বীটত প্ৰকাশ পাব কেনেকৈ একাংশই জুবিন গাৰ্গক বলপূৰ্বকভাৱে সুৰাপান কৰোৱাইছিল। ইয়াৰোপৰি এই ছাৰ্জশ্বীটে মানুহক দুখিত আৰু ক্ষোভিত কৰিব বুলিও কৈছিল শৰ্মাই।

জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ