Rongali Bihu 2025: বিহুৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ, চৌদিশে ৰঙালীৰ সুগন্ধ | Guwahati market is full of Bihu items, see how they are preparing for Bihu Assam news - Assam Tv9

Rongali Bihu 2025: বিহুৰ সামগ্ৰীৰে উভৈনদী মহানগৰীৰ বজাৰ, চৌদিশে ৰঙালীৰ সুগন্ধ

Published: 

11 Apr 2025 | 03:17 PM

পদূলি মুখত হেঁপাহৰ ৰঙালী । বিহু বুলি ক’লেই উলাহে নধৰা হয় প্ৰতিজন অসমীয়াৰ মন । বিহু অসমীয়াৰ চিনাকি, অসমীয়া জাতিৰ আয়ুস ৰেখা । জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই বিহুক লোক সংস্কৃতিৰ দপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰে ।

1 / 6ৰাজ্যজুৰি এতিয়া বিহুৰ প্ৰস্তুতিত ব্যস্ত সকলো । গাঁৱে-ভূঁঞে চহৰে-নগৰে এতিয়া কেৱল ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ।

ৰাজ্যজুৰি এতিয়া বিহুৰ প্ৰস্তুতিত ব্যস্ত সকলো । গাঁৱে-ভূঁঞে চহৰে-নগৰে এতিয়া কেৱল ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ।

2 / 6

সমান্তৰালকৈ মহানগৰীৰ বজাৰ এতিয়া ভৰি পৰিছে বিহুৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰে । নাচনীক সজাব পৰাকৈ কেৰু মণি গাম খাৰুৰ পৰা পিঠা পনালৈ বজাৰত ব্যাপক প্ৰয়োভৰ ।

3 / 6

বিহুলৈ বুলি যাবলৈ হেঁপাহৰ ৰিহাখন, প্ৰিয় বিহুৱান, টঙালি সকলো সামগ্ৰীৰে ভৰি পৰিছে বজাৰ । মুঠৰ ওপৰত মহানগৰীৰ বজাৰটো এতিয়া পোৱা গৈছে ৰঙালীৰ সুগন্ধ ।

4 / 6

একাংশ ব্যৱসায়ীৰ মতে বিহু আৰু ঈদ প্ৰায় ওচৰা-ওচৰিকৈ পৰাৰ বাবে বিহুৰ বজাৰ এইবাৰ পূৰ্বতকৈ ভাল হৈছে ৷ বিহুৰ সময়ত আত্মীয়-স্বজন, শুভাকাংক্ষী, বন্ধু-বান্ধৱক বিহুৱান এখন, এসাজ নতুন কাপোৰ দিয়াৰ মানসেৰে বহু অসমীয়াই ভিৰ কৰিছে বজাৰত ৷

5 / 6

হেঁপাহৰ বিহুটো থলুৱা সামগ্ৰীৰে সকলোৱে পালন কৰক বুলি বজাৰলৈ উপলব্ধ হৈছে বহু সামগ্ৰী । জাপিৰ পৰা আৰম্ভ কৰি হাতে বোৱা গামোচালৈ ।

6 / 6

মহানগৰীত উভৈনদী হৈ পৰিছে চিৰা, পিঠা, লাড়ু মুড়ি, গুড় ইত্যাদিৰে। বিহুটি নপতাকৈ থাকিব জানো পাৰি । কিয়নো বিহু থাকিলেহে থাকিব অসমীয়াৰ পৰিচয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...