20 Sep 2025 | 12:47 PM
জুবিনৰ মৃত্যুত ভাগি পৰিছে সকলো। আজি নিৰৱে হৈ ৰৈছে গুৱাহাটী মহানগৰ।
কেৱল গুৱাহাটীয়েই নহয়, আজি অসমৰ ভিন্ন প্ৰান্তত ব্যৱসায়িসকলে স্বতস্ফূৰ্তভাৱে বন্ধ ৰাখিছে সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।
বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাঙি পৰিছে সকলো। কোনো কোলাহল নাই আজি ৰাজপথত।
পুৱতি নিশা অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰটো পোনে পোনে নিয়া হ'ব কাহিলীপাৰাৰ নিজ বাসগৃহলৈ।
কাইলৈ পুৱা কাহিলীপাৰাৰ বাসগৃহৰ পৰা সৰুসজাইলৈ নিয়া হ'ব জুবিনৰ নশ্বৰদেহটো। সৰুসজাই ষ্টেডিয়ামত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব। এই কথা আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।