মোৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়, এয়া তেওঁলোকৰ ব্যক্তিগত বিষয়ঃ গৌৰৱ গগৈ | Gaurav Gogoi admitted that his wife and children are not Indian citizens Assam news - Assam Tv9
Gaurav gogoi: অৱশেষত গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে তেওঁৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়। ইয়াৰোপৰি পাকিস্তান ভ্ৰমণৰ কথাও স্বীকাৰ কৰে তেওঁ।
1 / 5
অৱশেষত পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে সাংসদ গৌৰৱ গগৈয়ে। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে, ২০১১ চনত কৰ্মসূত্ৰে তেওঁৰ পত্নী পাকিস্তানত এবছৰ আছিল। ইয়াৰোপৰি বিয়াৰ পাছত পত্নীৰ সৈতে তেওঁ ২০১৩ চনত পাকিস্তানলৈ গৈছিল। এয়া এক ব্যক্তিগত ভ্ৰমণ বুলি কয় গগৈয়ে।
2 / 5
পত্নী আৰু সন্তানৰ নাগৰিকত্ব সন্দৰ্ভত উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত গৌৰৱে স্বীকাৰ কৰে যে, তেওঁৰ পত্নী আৰু দুই সন্তান ভাৰতীয় নাগৰিক নহয়। গগৈয়ে কয় যে, নাগৰিকত্ব তেওঁলোকৰ ব্যক্তিগত বিষয়। ইয়াৰোপৰি মাকৰ নাগৰিকত্বৰ ওপৰত সন্তানৰ নাগৰিকত্ব নিৰ্ভৰ কৰে বুলি কয় তেওঁ।
3 / 5
তেওঁ কয় যে, ক'ভিডৰ সময়ত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই সময়ত মোৰ সৰু ছোৱালী ইংলেণ্ডত জন্ম গ্ৰহণ কৰিছিল। মোৰ শহুৰ ক'ভিডত আক্ৰান্ত হৈছিল। গতিকে সেই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
4 / 5
উল্লেখ্য যে, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ তিনিটাকৈ অভিযোগ স্বীকাৰ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, গৌৰৱ গগৈয়ে পাকিস্তানলৈ গৈছিল আৰু তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল। ইমানেই নহয়, মুখ্যমন্ত্ৰীয়ে গৌৰৱৰ পত্নী আৰু সন্তান যে ভাৰতীয় নহয় তাৰ ওপৰতো মন্তব্য প্ৰদান কৰিছিল।