''তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম ?" সামাজিক মাধ্যমত গৰিমাৰ আৱেগিক পোষ্ট | Garrima Garg's emotional post on social media in memory of Zubeen Garg Assam news - Assam Tv9

”তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম ?” সামাজিক মাধ্যমত গৰিমাৰ আৱেগিক পোষ্ট

Published: 

14 Oct 2025 | 07:24 PM

ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যু। ১৯ ছেপ্তেম্বৰত অসমবাসীয়ে পাইছিল সেই বেয়া খবৰটো। কিন্তু আজি পৰ্যন্ত পোহৰলৈ অহা নাই জুবিনৰ মৃত্যু প্ৰকৃত ৰহস্য। জুবিনৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গ শইকীয়াই সামাজিক মাধ্যমত দিছে এক আৱেগিক পোষ্ট।

1 / 5চিৰ নিদ্ৰাত জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুত শোকত ভাগি পৰিছে অসমবাসী। শিল্পীগৰাকীৰ আকস্মিক বিয়োগক মানি ল’ব পৰা নাই কোনোৱে। জুবিনৰ মৃত্যু হৈছিল নে হত্যা কৰা হৈছিল সেয়া এক নুবুজা সাঁথৰ!

চিৰ নিদ্ৰাত জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুত শোকত ভাগি পৰিছে অসমবাসী। শিল্পীগৰাকীৰ আকস্মিক বিয়োগক মানি ল’ব পৰা নাই কোনোৱে। জুবিনৰ মৃত্যু হৈছিল নে হত্যা কৰা হৈছিল সেয়া এক নুবুজা সাঁথৰ!

2 / 5

১৯ ছেপ্তেম্বৰত অসমবাসীয়ে পাইছিল সেই বেয়া খবৰটো। কিন্তু আজি পৰ্যন্ত পোহৰলৈ অহা নাই জুবিনৰ মৃত্যু প্ৰকৃত ৰহস্য। পত্নীৰ আহ্বানত সকলোৱে সামাজিক মাধ্যমত লিখিছে #JusticeForZubeenGarg বুলি। জুবিনৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গ শইকীয়াই আজি সামাজিক মাধ্যমত দিছে এক আৱেগিক পোষ্ট।

3 / 5

গৰিমাই লিখিছে, মোৰ বুকুত মূৰ থৈ কৈছিলা, "তোমাৰ প্ৰতিটো স্পন্দনত ইমান স্পষ্ট যে মোৰ নাম?" শুনি আছানে আজিও কিমান‌ আকুলতাৰে, কিমান হেঁপাহেৰে মাতি আছো মই? #JusticeForZubeenGarg"

4 / 5

মুহূৰ্তৰ ভিতৰতে গৰিমাৰ এই পোষ্টটো ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়। স্বামীৰ অকাল মৃত্যুক সহজভাৱে ল'ব পৰা নাই গৰিমাই।

5 / 5

গৰিমাৰ সুখ- দুখৰ লগৰী আছিল জুবিন।বন্ধুত্বৰ পৰা জীৱন সংগীলৈ এক সুৰীয়া যাত্ৰা অতিক্ৰম কৰিছিল জুবিনৰ সৈতে। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো। নিজৰ মানুহজনক হেৰুৱাৰ শোকে প্ৰতিদিনে খুন্দিয়াইছে গৰিমাক।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি