জুবিনবিহীন গৰিমা শইকীয়া গাৰ্গৰ আজি প্ৰথমটো জন্মদিন, সামাজিক মাধ্যমত আৱেগিক পোষ্ট... | Garima saikia garg birthday netizens wishes her see details in assamese Assam news - Assam Tv9

জুবিনবিহীন গৰিমা শইকীয়া গাৰ্গৰ আজি প্ৰথমটো জন্মদিন, সামাজিক মাধ্যমত আৱেগিক পোষ্ট…

Published: 

21 Oct 2025 | 11:08 AM

Garima Saikia Garg Birthday: আজি গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। জুবিনবিহীন প্ৰথমটো জন্মদিন গৰিমাৰ। এই সময়চোৱাত বিভিন্নজনে গৰিমাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ন্যায়ৰ যুঁজত একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছে।

1 / 5আজি ২১ অক্টোবৰ, গৰিমা শইকীয়াৰ জন্মদিন। জুবিনবিহীন প্ৰথমটো জন্মদিন আজি গৰিমাৰ। এই সময়চোৱাত বিভিন্নজনে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত একেলগে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

আজি ২১ অক্টোবৰ, গৰিমা শইকীয়াৰ জন্মদিন। জুবিনবিহীন প্ৰথমটো জন্মদিন আজি গৰিমাৰ। এই সময়চোৱাত বিভিন্নজনে প্ৰাণৰ শিল্পীগৰাকীৰ পত্নীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত একেলগে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

2 / 5

এই সময়চোৱাত গৰিমাই সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে দুখন ফটো আপলোড কৰিছে। য'ত তেওঁ লিখিছে 'গোল্ডি' বুলি। জুবিনৰ ঘৰত মতা নাম আছিল গোল্ডি। গৰিমাৰ লগতে বহু আত্মীয়ই তেওঁক এই নামেৰে সম্বোধন কৰিছিল।

3 / 5

বহু বছৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গে গৰিমাই শইকীয়া গাৰ্গক বিয়া পাতিছিল। এগৰাকী ফেশ্বন ডিজাইনৰ হিচাপে খ্যাত গৰিমা। অৱশ্যে তেওঁৰ কৰ্মক্ষেত্ৰখন ইয়াতেই সীমাবদ্ধ নহয়। কিন্তু স্বামীক হেৰুৱাই তেওঁ এতিয়া ভাগি পৰিছে। প্ৰতিটো দিনে স্বামীৰ বাবে ন্যায়ৰ দাবী কৰি আহিছে।

4 / 5

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যুক সাৱতি লৈছিল জুবিন গাৰ্গে। এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৫ জনক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এতিয়াও যেন জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ আৱৰ্তত। তেওঁক ছিংগাপুৰ লৈ যোৱাৰ পৰা মৃত্যুলৈকে বহু দিশত এতিয়া উত্থাপন হৈ আছে বহু প্ৰশ্নৰ।

5 / 5

ইয়াৰ মাজতে এতিয়া বহুতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আছে। সামাজিক মাধ্যত #JusticeForZubeenGarg য়ে ২ মিলিয়ন অতিক্ৰম কৰিছে। জুবিনৰ মৃত্যু শোকত এতিয়াও শোকস্তব্ধ ৰাজ্য। যাৰ বাবে এইবাৰ দুৰ্গাপূজা আৰু দেৱালীত অসমত দেখা নগ'ল বিশেষ উছাহ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...