কি হৈছিল আমি জানিব লাগিব, কথাবোৰে বহুত অশান্তি দি আছে: গৰিমা গাৰ্গ | Garima Garg reaction on Shyamkanu Mahanta, Siddharth Sharma Arrest Zubeen Garg Death Case Assam news - Assam Tv9

কি হৈছিল আমি জানিব লাগিব, কথাবোৰে বহুত অশান্তি দি আছে: গৰিমা গাৰ্গ

Updated On: 

01 Oct 2025 22:55 PM

শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ সন্দৰ্ভত গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া। গৰিমাই ক'লে, “আমি আৰু মানুহজন কেতিয়াও ঘূৰাই নাপাওঁ, অসমে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ কেতিয়াও নহয়। ছিংগাপুৰলৈ নি জুবিন গাৰ্গক কিয় ইমান অনাদৰ কৰা হ’ল? আমাক সকলো ক’ব লাগিব”।

1 / 5আজি যোৰহাটত অনুষ্ঠিত হৈছে জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ।  প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি গৰিমা গাৰ্গ আৰু গুণমুগ্ধৰ।

আজি যোৰহাটত অনুষ্ঠিত হৈছে জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ। প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি গৰিমা গাৰ্গ আৰু গুণমুগ্ধৰ।

2 / 5

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৰ্বধর্মীয় প্ৰাৰ্থনাৰে আৰম্ভ হৈছে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ ৰীতি-নীতি। সেৱা লৈছে গৰিমা শইকীয়া গাৰ্গে। চিতাভস্মৰ সন্মুখত উচুপি উঠিল পত্নী গৰিমা।

3 / 5

শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ সন্দৰ্ভত গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া। গৰিমাই ক'লে, “আমি আৰু মানুহজন কেতিয়াও ঘূৰাই নাপাওঁ, অসমে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ কেতিয়াও নহয়। ছিংগাপুৰলৈ নি জুবিন গাৰ্গক কিয় ইমান অনাদৰ কৰা হ’ল? আমাক সকলো ক’ব লাগিব”।

4 / 5

তেওঁ কয়, “তদন্ত ভালদৰে আৰম্ভ হওক ,গোটেই কথাখিনি তেওঁলোকক সোধক ,কি হৈছিল আমি জানিব লাগে। সেই কথাটোৱে বহুত অশান্তি দি আছে । আমি ফাষ্ট ট্ৰেক তদন্ত বিচাৰিছোঁ। তেওঁলোকে নিজৰ মতে কাম কৰক। আমি সহযোগিতা কৰিব লাগে। উচিত তদন্ত হওক। মই ভাবো আমি ন্যায় পাম”।

5 / 5

আদ্যশ্ৰাদ্ধৰ দিনা যোৰহাটবাসীৰ ওচৰত কৃতজ্ঞ গৰিমা শইকীয়া গাৰ্গৰ। তেওঁ কয়, ‘জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী। মোক আপোনালোকে এৰি নিদিব। নিজৰ ঠাইত মানুহখিনি মোৰ সদায় আপোন হৈ থাকিব।

কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...