শীতকালত দেহৰ বাবে মহৌষধ এই তিনি ড্ৰাই ফ্ৰুট, দূৰ কৰিব ভিটামিন ডিৰ অভাৱ | Expert says these dry fruits provide vitamin D to the body Assam news - Assam Tv9

শীতকালত দেহৰ বাবে মহৌষধ এই তিনি ড্ৰাই ফ্ৰুট, দূৰ কৰিব ভিটামিন ডিৰ অভাৱ

Edited By: 

Barasha Misra | Updated On: 03 Jan 2025 | 03:00 PM

সুস্বাস্থ্যৰ বাবে শৰীৰত আন ভিটামিনৰ লগতে আমাৰ শৰীৰত ডি ভিটামিনৰ পৰিমাণ যাতে সঠিকভাৱে থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এতিয়া শীতকাল চলি আছে, সাধাৰণতে শীতকালত বহু লোক ভিটামিন ডিৰ অভাৱত ভোগা দেখা যায়। সূৰ্যৰ পোহৰ কম মাত্ৰাত পোৱাৰ বাবে এই সমস্যা হোৱা দেখা যায়। এইক্ষেত্ৰত আপোনাৰ ডি ভিটামিনৰ অভাৱ দূৰ কৰিব পৰা তিনিবিধ ড্ৰাই ফ্ৰুটৰ বিষয়ে জানো আহক।

1 / 5আমাৰ শৰীৰত ভিটামিন ডিৰ প্ৰয়োজনীয়তা পূৰ কৰে সূৰ্যৰ পোহৰে। কিন্তু শীতকালত স্বাভাৱিকতেই সূৰ্যৰ পোহৰ অধিক মাত্ৰাত পোৱা নাযায়। তেনে পৰিস্থিতিত এই ভিটামিনৰ অভাৱে আমাৰ দেহত দেখা দিব পাৰে। কিছুমান খাদ্য বস্তুৰ পৰাও আমাৰ দেহে ভিটামিন ডি লাভ কৰে। সেয়ে শীতকালত এই খাদ্য বস্তুবোৰৰ প্ৰতি শীতকালত আমি গুৰুত্ব দিব লাগে।

আমাৰ শৰীৰত ভিটামিন ডিৰ প্ৰয়োজনীয়তা পূৰ কৰে সূৰ্যৰ পোহৰে। কিন্তু শীতকালত স্বাভাৱিকতেই সূৰ্যৰ পোহৰ অধিক মাত্ৰাত পোৱা নাযায়। তেনে পৰিস্থিতিত এই ভিটামিনৰ অভাৱে আমাৰ দেহত দেখা দিব পাৰে। কিছুমান খাদ্য বস্তুৰ পৰাও আমাৰ দেহে ভিটামিন ডি লাভ কৰে। সেয়ে শীতকালত এই খাদ্য বস্তুবোৰৰ প্ৰতি শীতকালত আমি গুৰুত্ব দিব লাগে।

2 / 5

শৰীৰত ভিটামিন ডিৰ অভাৱত ভাগৰুৱা, আলস্য ভাৱ অহাৰ লগতে হাড় আৰু পেশী দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত ভিটামিন ডিৰ পৰিমাণ পূৰ কৰাৰ বাবে গুৰুত্ব দিব লাগে। শীতকালত ভিটামিন ডিৰ অভাৱ পূৰণ কৰিবলৈ ড্ৰাই ফ্ৰুটছ খাব পাৰে। ভিটামিন ডিৰ অভাৱ দূৰ কৰাত সহায় কৰা এনে তিনিবিধ ড্ৰাই ফ্ৰুটছৰ বিষয়ে চাওঁ আহক।

3 / 5

ফাইবাৰ, প্ৰটিন, পটাছিয়াম আৰু মেগনেছিয়ামৰ উপৰিও খেজুৰত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে। ই শৰীৰত শক্তিৰ মাত্ৰা বজাই ৰখাত সহায় কৰে। ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ দৈনিক ২ৰ পৰা ৩টা খেজুৰ খাব লাগে।

4 / 5

ডিমৰু ফলক ভিটামিন ডিৰ এক উৎকৃষ্ট উৎস হিচাপে গণ্য কৰা হয়। ইয়াত কেলচিয়াম আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। এই ফলবিধ হাড়ৰ মজবুত কৰি তোলাৰ লগতে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। লগতে দাঁতৰ বাবেও এই ফলবিধ অতি উপকাৰী।

5 / 5

দৈনিক আলমণ্ড খালে স্মৃতিশক্তি বৃদ্ধি পায়। চুলিৰ বাবেও আলমণ্ডক উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন ইৰ লগতে ভিটামিন ডিও থাকে। ফাইবাৰ, প্ৰটিন, কপাৰ আৰু মেগনেছিয়াম আদিও আলমণ্ডত পোৱা যায়। এই সকলোবোৰ পুষ্টিকৰ উপাদানে হাড় আৰু পেশী শক্তিশালী কৰি তোলে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব