Durga puja: ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহক কিমান টকাৰ চেক প্ৰদান কৰিলে চৰকাৰে? | durga puja 2024 assam 10k to each puja committee assam govt Assam news - Assam Tv9

Durga puja: ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহক কিমান টকাৰ চেক প্ৰদান কৰিলে চৰকাৰে?

barasha-sarma
Updated On: 

08 Oct 2024 08:09 AM

Durga puja: সমাগত দুৰ্গা পূজা। ইয়াৰ পূৰ্বে ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহলৈ ভাল খবৰ। কিয়নো এই পূজা সমিতিসমূহক চৰকাৰে প্ৰদান কৰিছে আৰ্থিক সাহাৰ্য। ইতিমধ্যে চেক প্ৰদান কৰিছে চৰকাৰে।

1 / 5কেতিয়াৰ পৰা আৰম্ভ চৈত্ৰ নৱৰাত্ৰি?

কেতিয়াৰ পৰা আৰম্ভ চৈত্ৰ নৱৰাত্ৰি?

Twitter
2 / 5ইতিমধ্যে ৰাজ্যৰ একাংশ সমিতিয়ে লাভ কৰিছে ধন। কামৰূপ জিলাৰ ৮৫ খন দুৰ্গা পূজা সমিতিক চৰকাৰৰ ফালৰ পৰা চেক প্ৰদান কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। জিলা প্ৰশাসনৰ উদ্যোগত এই চেক বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

ইতিমধ্যে ৰাজ্যৰ একাংশ সমিতিয়ে লাভ কৰিছে ধন। কামৰূপ জিলাৰ ৮৫ খন দুৰ্গা পূজা সমিতিক চৰকাৰৰ ফালৰ পৰা চেক প্ৰদান কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। জিলা প্ৰশাসনৰ উদ্যোগত এই চেক বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

Twitter
3 / 5ইয়াৰোপৰি বজালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯ খন পূজা সমিতিক চেক প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ইয়াৰ লগতে ৰাজ্যৰ কেইবাখন পূজা সমিতিলৈ ধন প্ৰদান কৰা হৈছে।

ইয়াৰোপৰি বজালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯ খন পূজা সমিতিক চেক প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। ইয়াৰ লগতে ৰাজ্যৰ কেইবাখন পূজা সমিতিলৈ ধন প্ৰদান কৰা হৈছে।

4 / 5

দুৰ্গা পূজা

5 / 5

উল্লেখ্য যে, যোৱা কেইটামান দিনত বিজেপি চৰকাৰক কটাক্ষ কৰি আহিছে বিৰোধী তথা একাংশই। তেওঁলোকে দাবী কৰিছে যে ঋণৰ বোজা লৈ আছে অসম চৰকাৰে। অৱশ্যে এই দাবী মানি লোৱা নাছিল অসম চৰকাৰৰ কোনো মন্ত্ৰীয়ে। তাৰ মাজতে এই আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে চৰকাৰে।

লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ
বাৰে বাৰে ভোক লাগে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...