সাৱধান! ভাদ মাহত ভুলতো নকৰিব এই কাম, হ'ব পাৰে বিপদ... | dont do this thing on bhadrapada month in assamese Assam news - Assam Tv9

সাৱধান! ভাদ মাহত ভুলতো নকৰিব এই কাম, হ’ব পাৰে বিপদ…

Edited By: 

Monjit Dutta | Updated On: 18 Aug 2024 | 11:17 PM

হিন্দু ধৰ্মত ভাদ মাহৰ মান্যতা অধিক। কোৱা হয়, এই মাহটোত শ্ৰীকৃষ্ণই জন্ম লাভ কৰিছিল। এই মাহটোত নাম- কীৰ্তন আদি কৰিব লাগে। কিন্তু কিছুমান কাম কৰাৰ পৰা এই মাহটোত বিৰত থাকিব লাগে।

1 / 5

আজিৰ পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ। হিন্দু ধৰ্মত এই মাহটোৰ যথেষ্ঠ মান্যতা আছে। এই মাহটোত ভগৱান শ্ৰী কৃষ্ণই জন্মলাভ কৰিছিল। কোৱা হয়, এই মাহটোত কিছুমান কাম কৰা ভাল নহয়। এই মাহটোত ভগৱানৰ প্ৰাৰ্থনা, নাম- কীৰ্তন আদি কৰিব লাগে।

2 / 5

নিয়ম অনুসৰি ভাদ মাহত মাছ,মাংস, মৌ, গুড়, সেউজীয়া শাক-পাচলি, মূলা আৰু বেঙেনা আদি খাব নালাগে। ইয়াৰ ফলত স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে। এই মাহটো আধ্যাত্মিক অনুশীলনৰ বাবে শুভ।

3 / 5

ভাদ মাহত মৌৰ লগতে ভাদ মাহত তেলৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। এই সময়ত পাচন ক্ৰিয়া দুৰ্বল হৈ থাকে। মচলাযুক্ত খাদ্যও এই মাহত খাব নালাগে।

4 / 5

স্বাস্থ্যৰ বাবে নিচাযুক্ত দ্ৰব্য অতি বেয়া। বিশেষকৈ ভাদ মাহত এনে দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে।

5 / 5

এই মাহটোত দান কৰাতো ভাল আৰু সদায় ইশ্বৰক স্মৰণ কৰিব লাগে। এই মাহত দিনত এবাৰহে খাদ্য গ্ৰহণ কৰিলে ভাল বুলি কোৱা হয়। শাৰীৰিক শক্তি লাভৰ বাবে ভাদ মাহত পঞ্চগব্য অৰ্থাৎ গাখীৰ, দৈ, ঘিউ, গৰুৰ প্ৰস্ৰাৱ আৰু গৰুৰ গোবৰ ব্যৱহাৰ কৰিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...