আটক AIUDF ৰ বিধায়ক আমিনুল ইছলাম, পহলগাম ঘটনা সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য... | dhing mla aminul islam detained after controversial remark on pahalgam terror attack Assam news - Assam Tv9

আটক AIUDF ৰ বিধায়ক আমিনুল ইছলাম, পহলগাম ঘটনা সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য…

Updated On: 

24 Apr 2025 | 05:38 PM

পহলগাম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি আটক ধিঙৰ বিধায়ক আমিনুল ইছলাম। জানিব পৰা মতে, ধিঙৰ বিধায়কগৰাকীয়ে পুলৱামা কাণ্ড আৰু পহলগাম কাণ্ডত কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ থকা বুলি উল্লেখ কৰিছিল।

1 / 5আটক ধিঙৰ বিধায়ক আমিনুল ইছলাম। বৃহস্পতিবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকসহ বিশাল আৰক্ষী বাহিনীৰ দল এটাই আটক কৰি থানালৈ লৈ আনে বিধায়কগৰাকীক। পহলগাম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ পাছতে বিধায়কগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা হাতত লৈছে আৰক্ষীয়ে।

আটক ধিঙৰ বিধায়ক আমিনুল ইছলাম। বৃহস্পতিবাৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকসহ বিশাল আৰক্ষী বাহিনীৰ দল এটাই আটক কৰি থানালৈ লৈ আনে বিধায়কগৰাকীক। পহলগাম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ পাছতে বিধায়কগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা হাতত লৈছে আৰক্ষীয়ে।

2 / 5

আমিনুল ইছলামে কৈছিল যে, ২০১৯ চনৰ পুলৱামা কাণ্ডত কেন্দ্ৰীয় চৰকাৰ জড়িত আছিল। এইবাৰো কোনো ডাঙৰ ষড়যন্ত্ৰ কৰিছে বুলি কয়। লগতে কৈছিল, সন্ত্ৰাসবাদীয়ে নাম-ধৰ্ম সুধি পৰ্যটকক হত্যা কৰা বুলি বিজেপি চৰকাৰে ভুৱা প্ৰচাৰ চলাইছে।

3 / 5

তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছিল যে, মোৰ সন্দেহ হয় যে কাশ্মীৰত বাৰে বাৰে এনে কাণ্ড সংঘটিত কৰি হিন্দু-মুছলমানৰ মাজত বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰিছে কেন্দ্ৰীয় চৰকাৰ। গতিকে এই পহলগাম আৰু পুলৱামা কাণ্ডৰ ওপৰত নিৰক্ষেপ তদন্তৰ দাবী কৰিছিল ইছলামে।

4 / 5

বিধায়কগৰাকীৰ এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতেই বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছিল। দেশত পহলগাম কাণ্ডক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে ইছলামৰ এনে মন্তব্যই বিভিন্নজনক স্তম্ভিত কৰি তুলিছিল।

5 / 5

উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। ধৰ্ম সুধি সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল ২৬ জন লোকক। এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। ইতিমধ্যে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...