গৌৰৱ গগৈয়ে নিজেই আবেদন কৰি সন্তানক দিছে বিদেশী নাগৰিকত্ব: দাবী মুখ্যমন্ত্ৰীৰ | CM Himanta Biswa Sarma says Gaurav Gogoi himself applied and gave foreign citizenship to his child Assam news - Assam Tv9

গৌৰৱ গগৈয়ে নিজেই আবেদন কৰি সন্তানক দিছে বিদেশী নাগৰিকত্ব: দাবী মুখ্যমন্ত্ৰীৰ

Updated On: 

03 May 2025 17:46 PM

পাকিস্তান প্ৰসংগক লৈ পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পত্নীৰ পাছত গৌৰৱ গগৈৰ দুই সন্তান ভাৰতীয়া নাগৰিক নহয় বুলি দাবী মুখ্যমন্ত্ৰীৰ। ১০ ছেপ্তেম্বৰৰ পূৰ্বে ৰাইজক প্ৰমাণ দিয়াৰ কথাও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে।

1 / 5পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তান প্ৰসংগত পুনৰ গৌৰৱ গগৈক লৈ সৰৱ  হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পত্নীৰ পাছত গৌৰৱ গগৈৰ দুই সন্তান ভাৰতীয়া নাগৰিক নহয় বুলি দাবী।

পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তান প্ৰসংগত পুনৰ গৌৰৱ গগৈক লৈ সৰৱ হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পত্নীৰ পাছত গৌৰৱ গগৈৰ দুই সন্তান ভাৰতীয়া নাগৰিক নহয় বুলি দাবী।

2 / 5

মুখ্যমন্ত্ৰীৰ অভিযোগ, প্ৰথমে ভাৰতীয় আছিল গৌৰৱ গগৈৰ দুই সন্তান। কিন্তু পিছে তেওঁলোকক বিদেশী নাগৰিকলৈ স্থানান্তৰ কৰোৱা হৈছে। এই কাম কৰিছে খোদ গৌৰৱ গগৈয়ে।

3 / 5

মুখ্যমন্ত্ৰীয়ে কয়, 'গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয়। প্ৰথমে দুই সন্তানৰ নাগৰিকত্ব ভাৰতীয়ই আছিল। পিছত তেওঁৰ দিউ সন্তানৰ নাগৰিকত্ব বিদেশী ৰাষ্ট্ৰলৈ স্থানান্তৰ কৰে।"

4 / 5

মুখ্যমন্ত্ৰীয়ে লগতে কয়," দুৰ্ভাগ্যজনক কথাটো হ'ল যে গৌৰৱ গগৈয়ে পত্নীয়ে নহয়,গৌৰৱ গগৈয়ে নিজেই আবেদন কৰি সন্তানৰ নাগৰিকত্ব ভাৰতৰ পৰা বিদেশী ৰাষ্ট্ৰলৈ স্থানান্তৰ কৰিছে। গোটেই নথি-পত্ৰ আমি পায় যাম।"

5 / 5

১০ ছেপ্তেম্বৰৰ পূৰ্বে তথ্যসহকাৰে এই কথা ৰাইজক জনাব মুখ্যমন্ত্ৰীয়ে। সংবাদমাধ্যমৰ আগত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...
ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
এই ৫টা অভ্যাসে কম কৰে পুৰুষৰ যৌন ক্ষমতা! জানক...