শীঘ্ৰে সম্পূৰ্ণ হ’ব কামাখ্যা মন্দিৰলৈ যোৱা ৰ’পৱেৰ নিৰ্মাণ কাৰ্য, মুখ্যমন্ত্ৰীয়ে ক'লে... | CM Himanta Biswa Sarma announced Two ropeways to Kamakhya Temple completed soon Assam news - Assam Tv9

শীঘ্ৰে সম্পূৰ্ণ হ’ব কামাখ্যা মন্দিৰলৈ যোৱা ৰ’পৱেৰ নিৰ্মাণ কাৰ্য, মুখ্যমন্ত্ৰীয়ে ক’লে…

Updated On: 

28 Jun 2025 18:23 PM

দ্ৰুতগতিত আগবাঢ়িছে কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ নিৰ্মাণৰ কৰা ৰ’পৱেৰ কাম। ইয়াৰ উপৰিও সোণাৰাম ফিল্ডৰ পৰা মন্দিৰলৈ দ্বিতীয়টো ৰ’পৱেৰ পৰিকল্পনা কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, " প্ৰথমে কামাখ্যা ষ্টেচন আৰু তাৰ পিছত সোণাৰাম ফিল্ডৰ কাম সম্পূৰ্ণ হ’ব।"

1 / 5সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "তীৰ্থযাত্ৰাৰ আন্তঃগাঁথনি উন্নত কৰাৰ বহল প্ৰচেষ্টাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক মেনেজমেণ্ট লিমিটেডে এই প্ৰকল্পৰ তদাৰক কৰি আছে। তেওঁ কয়, ‘ইতিমধ্যে কামৰ যথেষ্ট অগ্ৰগতি হৈছে।  এই ৰ’পৱেই কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰা ভক্তসকলৰ বাবে যাত্ৰা বহু পৰিমাণে সহজ কৰি তুলিব।"

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "তীৰ্থযাত্ৰাৰ আন্তঃগাঁথনি উন্নত কৰাৰ বহল প্ৰচেষ্টাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিক মেনেজমেণ্ট লিমিটেডে এই প্ৰকল্পৰ তদাৰক কৰি আছে। তেওঁ কয়, ‘ইতিমধ্যে কামৰ যথেষ্ট অগ্ৰগতি হৈছে। এই ৰ’পৱেই কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰা ভক্তসকলৰ বাবে যাত্ৰা বহু পৰিমাণে সহজ কৰি তুলিব।"

2 / 5

কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰ পথৰ উপৰিও সোণাৰাম ফিল্ডৰ পৰা মন্দিৰলৈ দ্বিতীয়টো ৰ’পৱেৰ পৰিকল্পনা কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, " প্ৰথমে কামাখ্যা ষ্টেচন আৰু তাৰ পিছত সোণাৰাম ফিল্ডৰ কাম সম্পূৰ্ণ হ’ব।"

3 / 5

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘ইতিমধ্যে নিবিদা জাৰি কৰা হৈছে । মন্দিৰ সম্পৰ্কীয় কিছুমান বিষয়ৰ বাবে প্ৰাৰম্ভিক অৱস্থাত পলম হৈছিল, এতিয়া সকলো সংগঠিত আৰু সমন্বিতভাৱে আগবাঢ়িছে।’

4 / 5

পাহাৰীয়া আৰু তীৰ্থ এলেকাত সংযোগ বৃদ্ধিৰ ওপৰত কেন্দ্ৰই গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি ড০ শৰ্মাই কয়, "সমগ্ৰ উত্তৰ-পূবত একাধিক ৰ’পৱে প্ৰকল্পৰ বাবে সম্ভাৱনীয়তা অধ্যয়ন চলি আছে। ইয়াৰ ভিতৰত বৰাক উপত্যকাৰ ভুবন তীৰ্থ আৰু বিশ্বনাথৰ প্ৰস্তাৱিত ৰ’পৱে অন্তৰ্ভুক্ত।"

5 / 5

তেওঁ কয়, ‘ভাৰত চৰকাৰে সমগ্ৰ উত্তৰ-পূবত ৰ’পৱেৰ আন্তঃগাঁথনিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। এই প্ৰকল্পসমূহে পৰ্যটন বৃদ্ধি কৰিব, তীৰ্থযাত্ৰীসকলৰ প্ৰৱেশ সহজ হ’ব, আৰু নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিব।’

এগৰাকী মহিলাৰ দেহত আৱিষ্কাৰ নতুন ব্লাড গ্ৰুপ, ইয়াৰ নাম কি আৰু ক'ৰ পৰা আহিল?
বাৰে বাৰে আপোনাৰ শৰীৰটো ভাগৰুৱা যেন লাগে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক