26 Sep 2025 18:21 PM
জুবিন গাৰ্গৰ আকস্মিক বিয়োগক মানি ল’ব পৰা নাই অসমবাসীয়ে। বৃহস্পতিবাৰে স্পেচিয়েল ইনভেস্টিগেশন টিমে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বাসগৃহত তালাচী চলায়।
কিন্তু আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ CID এ জাননী প্ৰেৰণ কৰিছে। দুয়োজনক ১০ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে চিআইডিয়ে।
জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰৰ উপৰিও ছিংগাপুৰৰ বহুকেইজন প্ৰৱাসী অসমীয়া লগত আছিল।
তথ্যনুসৰি, দুয়োগৰাকী ব্যক্তিক ৬ অক্টোবৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ লগতে ছিংগাপুৰৰ ১১ জন প্ৰৱাসী অসমীয়ালৈ CIDৰ দিছে জাননী।
যদিহে CIDৰ জাননী উলংঘা কৰে আৰু উপস্থিত নাথাকে, তেন্তে সকলোৰে বিৰুদ্ধে লুক আউট নটিচ জাৰি হ'ব।