ভুৱা প্ৰতিশ্ৰুতিৰ বাবে পাপ লাগিব প্ৰমোদ বড়োৰ, ক'লে হাগ্ৰামা মহিলাৰীয়ে | BPF Hagrama Mohilary takes out a huge rally in Udalguri District Assam news - Assam Tv9

ভুৱা প্ৰতিশ্ৰুতিৰ বাবে পাপ লাগিব প্ৰমোদ বড়োৰ, ক’লে হাগ্ৰামা মহিলাৰীয়ে

Updated On: 

19 Aug 2025 | 10:34 PM

ওদালগুৰিত বিপিএফৰ বিশাল আশীৰ্বাদ যাত্ৰা। এই আশীৰ্বাদ ৰেলীৰ পিছত হাগ্ৰামা মহিলাৰীয়ে কয়, 'প্ৰমোদ বড়োৱে বিপিএফৰ মিটিং মʼবাইলত চাই আছে। বিশাল গণসভা দেখি ভয় খাইছে।'

1 / 5সমাগত BTC নিৰ্বাচন। সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতত ব্যস্ত শাসক-বিৰোধী। আজি ওদালগুৰিত বিপিএফৰ আশীৰ্বাদ যাত্ৰাত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিশাল ৰেলী। দলীয় কৰ্মীৰ উৎসাহে মুখৰিত হয় অঞ্চলটো।

সমাগত BTC নিৰ্বাচন। সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতত ব্যস্ত শাসক-বিৰোধী। আজি ওদালগুৰিত বিপিএফৰ আশীৰ্বাদ যাত্ৰাত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিশাল ৰেলী। দলীয় কৰ্মীৰ উৎসাহে মুখৰিত হয় অঞ্চলটো।

2 / 5

হাজাৰ হাজাৰ লোকৰ মাজত বিপিএফ'ৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। প্ৰায় ২৫ হাজাৰ বিপিএফ কৰ্মীৰ সৈতে পদ যাত্ৰাৰে অংশগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ। প্ৰমোদ বড়োক হৰুৱাবলৈ ৰণনীতি তৈয়াৰ হাগ্ৰামা মহিলাৰীৰ।

3 / 5

এই আশীৰ্বাদ ৰেলীৰ পিছত হাগ্ৰামা মহিলাৰীয়ে কয়, বিপিএফৰ মিটিং মʼবাইলত চাই আছে প্ৰমোদ বড়োৱে। বিশাল গণ সভা দেখি ভয় খাইছে তেওঁ।

4 / 5

ইয়াৰ পিছত হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত কয়, এই যাত্ৰা আমাৰ সফল হৈছে। প্ৰমোদ বড়োৱে ওদালগুৰিত এখন আসনো জিকিব নোৱাৰে। একক সংখ্যাগৰিষ্ঠাৰে চৰকাৰ গঠন কৰিব বিপিএফে। ভুৱা প্ৰতিশ্ৰুতিৰ বাবে পাপ লাগিব প্ৰমোদ বড়োৰ। আমাৰ কাৰো লগত মিত্ৰতা নাই। নিজকে জিকাবলৈ বাকী দলে ভুৱা প্ৰতিশ্ৰুতি দিছে।

5 / 5

এতিয়া ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত ব্যস্ত হৈ পৰিছে হাগ্ৰামা মহিলাৰী। তেওঁ ৰাইজক মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ লগতে এতিয়া বিপিএফে কেনেকৈ চৰকাৰ গঠনৰ প্ৰস্তুতি কৰি আছে সেই বিষয়েও জনায় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...