Bigg Boss: কুনিকাই মালতীক ‘লেচবিয়ান’ বুলি অভিহিত কৰে, বক্তব্যই সকলোকে কৰিলে আচৰিত! | Bigg Boss 19: kunickaa sadanand calls Malti Chahar a lesbian, Know the Bigg Boss 19 details Assam news - Assam Tv9

Bigg Boss: কুনিকাই মালতীক ‘লেচবিয়ান’ বুলি অভিহিত কৰে, বক্তব্যই সকলোকে কৰিলে আচৰিত!

Published: 

16 Nov 2025 10:50 AM

অনুৰাগীৰ মাজত বিগ বছ ১৯ৰ জনপ্ৰিয় বৃদ্ধি পাইছে। অৱশ্যে কুনিকাৰ এটা মন্তব্যই এতিয়া শ্ব’টো গৰম কৰি তুলিছে। ক্ৰিকেটাৰ দীপক চহৰৰ ভগ্নী মালতী চহৰক লৈ মন্তব্য কৰিছে কুনিকাই।

1 / 8শেহতীয়াকৈ বিগ বছ ১৯ৰ এটা খণ্ডত কুনিকা সদানন্দই মালতী চহৰক লৈ গুৰুতৰ দাবী উত্থাপন কৰিছিল। তেওঁৰ যৌনতাক লৈ মন্তব্য কৰি অনুৰাগীক ক্ষুব্ধ কৰি তুলিছিল।

শেহতীয়াকৈ বিগ বছ ১৯ৰ এটা খণ্ডত কুনিকা সদানন্দই মালতী চহৰক লৈ গুৰুতৰ দাবী উত্থাপন কৰিছিল। তেওঁৰ যৌনতাক লৈ মন্তব্য কৰি অনুৰাগীক ক্ষুব্ধ কৰি তুলিছিল।

2 / 8

গোটেই কাহিনীটো আৰম্ভ হ’ল যেতিয়া তানিয়া মিট্টলে কুনিকাক কৈছিল যে মালতীক প্লেটেৰে খুন্দা মাৰিবলৈ চেষ্টা কৰাৰ বাবে ৰান টাস্কৰ সময়ত মালতীৰ ওপৰত খং উঠিছিল। ইয়াৰ পিছত কুনিকাই তনিয়াৰ ওচৰলৈ গৈ দাবী কৰিলে যে মালতী লেচবিয়ান বুলি তেওঁ একেবাৰে নিশ্চিত।

3 / 8

কুনিকা সদানন্দই তানিয়াক ক'লে, "মোৰ এটা কথা ক'বলগীয়া আছে। মই মোটামুটি নিশ্চিত যে এই মালতী মেডাম এগৰাকী লেচবিয়ান।" কুনিকাই ফুচফুচাই আৰু ক'লে, "তেওঁ শৰীৰৰ ভাষা আৰু তাইৰ কথা কোৱাৰ ধৰণটোৱে যেন সেইটোৱেই বুজাইছে। সেইটোত মনোযোগ দিয়ক।" তাৰ পিছত বিগ বছে ফুচফুচাই কোৱাৰ বাবে তাইৰ কথাত বাধা দিলে।

4 / 8

কুনিকাৰ এই দাবী সন্দৰ্ভত কোনো মন্তব্য কৰা নাছিল তানিয়াই। অৱশ্যে এতিয়া খণ্ডটোত এই কথা-বতৰা প্ৰচাৰৰ লগে লগে ব্যৱহাৰকাৰীয়ে ইয়াৰ ওপৰত মন্তব্য আগবঢ়াইছে। ছ'চিয়েল মিডিয়াতো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে এই ক্লিপটো।

5 / 8

মালাতীৰ অনুৰাগী, আৰু বহু বিগ বছৰ অনুৰাগীয়ে কুনিকাৰ এই মন্তব্য একেবাৰেই ভাল নাপালে। কুনিকাৰ এই দাবীক লৈ তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰে। এজন ব্যৱহাৰকাৰীয়ে ক'লে, "কাৰোবাৰ যৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁ কোন?"

6 / 8

ইফালে মালতীৰ ভাতৃ ক্ৰিকেটাৰ দীপক চহৰৰ অনুৰাগীয়েও কুনিকাৰ মন্তব্যৰ পিছতে ঘেৰি ধৰিছে। অৱশ্যে সকলোৱে কৈছে যে কুনিকাই ইচ্ছাকৃতভাৱে বস্তুবোৰৰ ডাঙৰ কৰিব বিচাৰিছে।

7 / 8

অনুৰাগীৰ মাজত "বিগ বছ ১৯"ৰ উন্মাদনা বৃদ্ধি পাইছে। শ্ব’টো আগবাঢ়ি যোৱাৰ লগে লগে কামবোৰ অধিক তীব্ৰতৰ হৈ পৰে। এই সপ্তাহত 'উইকেণ্ড কা ৱাৰ'ৰ আগতে ঘৰটোত যথেষ্ট হুলস্থুলৰ সাক্ষী হৈ পৰিছে।

8 / 8

অৱশ্যে মালতীক লৈ কুনিকাই কৰা মন্তব্যই ইণ্টাৰনেটত উত্তাল কৰি তুলিছে। এই বিষয়টো উইকেণ্ড কা ৱাৰত উত্থাপন হ’ব নে নহয় সেয়া হ’ব লক্ষ্যণীয়। অৱশ্যে এইবাৰ চলমান খানৰ সলনি ৰোহিত শ্বেট্টীয়ে আয়োজন কৰিছে উইকেণ্ড কা ৱাৰ।

IPL নিলামলৈ আৰু কিছু দিন, ৰিটেনচনৰ পিছত কিমান টকা বাকী থাকিল প্ৰতিটো দলৰ হাতত!
এনে লক্ষণে দেখা দিছে নেকি? সাৱধান, হ’ব পাৰে ব্লাড কেঞ্চাৰৰ পূৰ্বাভাস!
ৰাতিপুৱা খালী পেটত নৰসিংহৰ পাত চোবাই খালে কি হয় জানেনে? আছে বহু উপকাৰ...
নিয়ন্ত্ৰিত হ'ব ব্লাড চুগাৰ, খাবলৈ আৰম্ভ কৰক এইবিধ পাত...