ভূপেন হাজৰিকা সকলোৰে, ৰাজনীতিৰ জৰিয়তে বৰ অসমৰ কল্পনা কৰো: গৌৰৱ গগৈ Assam news - Assam Tv9

ভূপেন হাজৰিকা সকলোৰে, ৰাজনীতিৰ জৰিয়তে বৰ অসমৰ কল্পনা কৰো: গৌৰৱ গগৈ

Published: 

08 Sep 2025 11:30 AM

Bhupen Hazarika Centenary: ওপজা দিনটোত আজি সৰ্বত্ৰে গুঞ্জৰিত হৈছে ‘ভূপেন দা’ৰ গুণগান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোৱে সুধাকণ্ঠৰ জন্মদিনত শ্ৰদ্ধা জনাইছে। পুৱাই ভূপেন হাজৰিকাৰ সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

1 / 6আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি ওপজা দিন। অসমীয়া সমাজ–সংস্কৃতিক মহীয়ান কৰি তোলা গণশিল্পীগৰাকীৰ ওপজা দিনটোত আজি সৰ্বত্ৰে গুঞ্জৰিত হৈছে ‘ভূপেন দা’ৰ গুণগান।

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি ওপজা দিন। অসমীয়া সমাজ–সংস্কৃতিক মহীয়ান কৰি তোলা গণশিল্পীগৰাকীৰ ওপজা দিনটোত আজি সৰ্বত্ৰে গুঞ্জৰিত হৈছে ‘ভূপেন দা’ৰ গুণগান।

2 / 6

সকলো গুণমুগ্ধই আজি এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে। ইফালে মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসালয়ৰ খেলপথাৰত আজিৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান।

3 / 6

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোৱে সুধাকণ্ঠৰ জন্মদিনত শ্ৰদ্ধা জনাইছে। পুৱাই ভূপেন হাজৰিকাৰ সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক সংগ দিলে বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাসে। Anniversary (3)

4 / 6

সমাধিস্থলত উপস্থিত হৈ গৌৰৱ গগৈয়ে কয়," প্ৰতিগৰাকী ৰাজনীতিকে ভূপেন হাজৰিকাৰ পৰা শিকিবলগা আছে। ভূপেন হাজৰিকা আমাৰ মাজত সদায় থাকিব ৷ ভূপেন হাজৰিকা এজন আইকন, এজন লিজেণ্ড। ভূপেন হাজৰিকা অসমীয়া সংস্কৃতিৰ আতাইতকৈ বেষ্ট এম্বেছাদৰ।"

5 / 6

তেওঁ কয়, "আমি ৰাজনীতিৰ জৰিয়তে ব্যক্তিগত স্বাৰ্থ নহয়, এখন বৰ অসমৰ কল্পনা কৰো ৷ সেইখন বৰ অসমৰ কথা ভূপেন হাজৰিকাই গীতৰ জৰিয়তে কৈ গৈছে।"

6 / 6

সাংসদগৰাকীয়ে কয়, "ভূপেন হাজৰিকা আমাৰ সম্পদ ৷ ভূপেন হাজৰিকা আমাৰ সকলোৰে৷ আজিৰ পৰা ১০০ বছৰ পিছতো ভূপেন হাজৰিকা আমাৰ মাজত থাকিব।"

আজিৰ পৰা এছিয়া কাপ ২০২৫, এতিয়ালৈকে কেইবাৰ এই প্ৰতিযোগিতা জয় কৰিছে ভাৰতে!
পাকঘৰত ব্যৱহাৰ হোৱা এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ...
এই ৪ ৰাশিৰ ওপৰত থাকে হনুমানৰ বিশেষ কৃপা, কেতিয়াও নহয় সুখ- সমৃদ্ধিৰ অভাৱ!
৯-৯-৯ দুৰ্লভ সংযোগ! মনৰ কামনা পূৰণ কৰিবলৈ কৰক এই কাম...