পুথিভঁৰালৰ আৰ্হিত সজোৱা হৈছে দুলীয়াজানৰ পূজা মণ্ডপ... | Assamese literature featured in Duliajan Yuva Sangha Unique Durga Puja Mandap Assam news - Assam Tv9

প্ৰতিফলিত হৈছে অসমৰ স্বনামধন্য সাহিত্যিকৰ ২০ হাজাৰ গ্ৰন্থ, পুথিভঁৰালৰ আৰ্হিত সজোৱা হৈছে দুলীয়াজানৰ পূজা মণ্ডপ…

Updated On: 

07 Oct 2024 | 06:45 PM

লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ স্বনামধন্য সাহিত্যিকৰ প্ৰায় ২০ হাজাৰ গ্ৰন্থ প্ৰতিফলিত হোৱা পুথিভঁৰালৰ আৰ্হিৰে সজোৱা হৈছে পূজা মণ্ডপ । এই পূজা মণ্ডপটোৰ জৰিয়তে পূজাৰ আনন্দ-উল্লাসৰ মাজতো নতুন প্ৰজন্মৰ মাজত অধ্যয়নৰ প্ৰয়োজনীয়তাক তুলি ধৰিছে উদ্যোক্তাসকলে ।

1 / 5শাৰদীয় দূৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী আছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাৰ প্ৰস্তুতি অব্য়াহত ৰাখিছে পূজা সমিতিসমূহে । এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গৈছে ডিব্ৰুগড়ৰ দুলীয়াজান যুৱ সংঘই অনুষ্ঠিত কৰা জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপ ।

শাৰদীয় দূৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী আছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাৰ প্ৰস্তুতি অব্য়াহত ৰাখিছে পূজা সমিতিসমূহে । এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গৈছে ডিব্ৰুগড়ৰ দুলীয়াজান যুৱ সংঘই অনুষ্ঠিত কৰা জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপ ।

2 / 5

লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ স্বনামধন্য সাহিত্যিকৰ প্ৰায় ২০ হাজাৰ গ্ৰন্থ প্ৰতিফলিত হোৱা পুথিভঁৰালৰ আৰ্হিৰে সজোৱা হৈছে এই পূজা মণ্ডপটো । এই পূজা মণ্ডপটোৰ জৰিয়তে পূজাৰ আনন্দ-উল্লাসৰ মাজতো নতুন প্ৰজন্মৰ মাজত অধ্যয়নৰ প্ৰয়োজনীয়তাক তুলি ধৰিছে দুলীয়াজান যুৱ সংঘই । সম্পূৰ্ণ পুথিভঁৰালৰ আৰ্হিত সজোৱা হৈছে জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপটি ।

3 / 5

এক কথাত এই মণ্ডপটোত অসমীয়া সাহিত্যৰ কাণ্ডাৰী সকলৰ সৃষ্টিৰাজি প্ৰতিফলিত হৈছে । মণ্ডপটোৰ জৰিয়তে অসমীয়া সাহিত্যৰ প্ৰতি নৱ-প্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে দুলীয়াজান যুৱ সংঘই ।

4 / 5

লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ড৹ হীৰেন গোহাঁই, ড৹ মামনি ৰয়চম গোস্বামী, কবি নীলমনি ফুকন, ৰীতা চৌধুৰীকে ধৰি ৰাজ্যৰ সকলো স্বনামধন্য অসমীয়া সাহিত্যৰ প্ৰায় ২০ হাজাৰ গ্ৰন্থ থকা পুথিভঁৰালৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে মণ্ডপটো ।

5 / 5

জানিব পৰা মতে, এই মণ্ডপটোৰ নিৰ্মাণৰ বাজেট হৈছে প্ৰায় ১৫ লাখ টকা । প্ৰায় এমাহ ধৰি এই মণ্ডপটো সজোৱাৰ কাম চলি আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে মণ্ডপটোৰ ৯০ শতাংশ কামে সম্পূৰ্ণ হৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...