পুথিভঁৰালৰ আৰ্হিত সজোৱা হৈছে দুলীয়াজানৰ পূজা মণ্ডপ... | Assamese literature featured in Duliajan Yuva Sangha Unique Durga Puja Mandap Assam news - Assam Tv9

প্ৰতিফলিত হৈছে অসমৰ স্বনামধন্য সাহিত্যিকৰ ২০ হাজাৰ গ্ৰন্থ, পুথিভঁৰালৰ আৰ্হিত সজোৱা হৈছে দুলীয়াজানৰ পূজা মণ্ডপ…

Updated On: 

07 Oct 2024 18:45 PM

লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ স্বনামধন্য সাহিত্যিকৰ প্ৰায় ২০ হাজাৰ গ্ৰন্থ প্ৰতিফলিত হোৱা পুথিভঁৰালৰ আৰ্হিৰে সজোৱা হৈছে পূজা মণ্ডপ । এই পূজা মণ্ডপটোৰ জৰিয়তে পূজাৰ আনন্দ-উল্লাসৰ মাজতো নতুন প্ৰজন্মৰ মাজত অধ্যয়নৰ প্ৰয়োজনীয়তাক তুলি ধৰিছে উদ্যোক্তাসকলে ।

1 / 5শাৰদীয় দূৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী আছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাৰ প্ৰস্তুতি অব্য়াহত ৰাখিছে পূজা সমিতিসমূহে । এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গৈছে ডিব্ৰুগড়ৰ দুলীয়াজান যুৱ সংঘই অনুষ্ঠিত কৰা জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপ ।

শাৰদীয় দূৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী আছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাৰ প্ৰস্তুতি অব্য়াহত ৰাখিছে পূজা সমিতিসমূহে । এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গৈছে ডিব্ৰুগড়ৰ দুলীয়াজান যুৱ সংঘই অনুষ্ঠিত কৰা জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপ ।

2 / 5

লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ স্বনামধন্য সাহিত্যিকৰ প্ৰায় ২০ হাজাৰ গ্ৰন্থ প্ৰতিফলিত হোৱা পুথিভঁৰালৰ আৰ্হিৰে সজোৱা হৈছে এই পূজা মণ্ডপটো । এই পূজা মণ্ডপটোৰ জৰিয়তে পূজাৰ আনন্দ-উল্লাসৰ মাজতো নতুন প্ৰজন্মৰ মাজত অধ্যয়নৰ প্ৰয়োজনীয়তাক তুলি ধৰিছে দুলীয়াজান যুৱ সংঘই । সম্পূৰ্ণ পুথিভঁৰালৰ আৰ্হিত সজোৱা হৈছে জয়ানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ মণ্ডপটি ।

3 / 5

এক কথাত এই মণ্ডপটোত অসমীয়া সাহিত্যৰ কাণ্ডাৰী সকলৰ সৃষ্টিৰাজি প্ৰতিফলিত হৈছে । মণ্ডপটোৰ জৰিয়তে অসমীয়া সাহিত্যৰ প্ৰতি নৱ-প্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে দুলীয়াজান যুৱ সংঘই ।

4 / 5

লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ড৹ হীৰেন গোহাঁই, ড৹ মামনি ৰয়চম গোস্বামী, কবি নীলমনি ফুকন, ৰীতা চৌধুৰীকে ধৰি ৰাজ্যৰ সকলো স্বনামধন্য অসমীয়া সাহিত্যৰ প্ৰায় ২০ হাজাৰ গ্ৰন্থ থকা পুথিভঁৰালৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে মণ্ডপটো ।

5 / 5

জানিব পৰা মতে, এই মণ্ডপটোৰ নিৰ্মাণৰ বাজেট হৈছে প্ৰায় ১৫ লাখ টকা । প্ৰায় এমাহ ধৰি এই মণ্ডপটো সজোৱাৰ কাম চলি আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে মণ্ডপটোৰ ৯০ শতাংশ কামে সম্পূৰ্ণ হৈছে ।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...