ৰাজ্যৰ এই তিনি জিলাত অ’ৰেঞ্জ এলাৰ্ট জাৰিঃ প্ৰবল ধুমুহা-বৰষুণ, বজ্ৰপাতৰ আগজাননী বতৰ বিভাগৰ | Assam Weather update IMD Guwahati issued orange alert in Sivasagar Jorhat and Golaghat Assam news - Assam Tv9

ৰাজ্যৰ এই তিনি জিলাত অ’ৰেঞ্জ এলাৰ্ট জাৰিঃ প্ৰবল ধুমুহা-বৰষুণ, বজ্ৰপাতৰ আগজাননী বতৰ বিভাগৰ

monjit-dutta
Published: 

14 Jun 2025 06:42 AM

ৰাজ্যত আজি দেখা পোৱা যাব পাৰে বৰষুণৰ প্ৰভাৱ। উৎকট গৰমৰ পিছত আজি ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী কৰিছে। বতৰ বিভাগে তিনিখন জিলাত অ’ৰেঞ্জ এলাৰ্টো জাৰি কৰিছে।

1 / 5প্ৰচণ্ড গৰমে শেহতীয়া কেইটামান দিনত ৰাজ্যবাসীক বাৰুকৈয়ে অতিষ্ঠ কৰিলে। গৰমৰ প্ৰকোপত ত্ৰাহি মধুসূদন দেখিলে ৰাজ্যবাসীয়ে। অৱশ্যে আজি বতৰে গৰমৰ পৰা কিছু ৰেহাই দিব বুলি আগজাননী কৰিছে বতৰ বিভাগে।

প্ৰচণ্ড গৰমে শেহতীয়া কেইটামান দিনত ৰাজ্যবাসীক বাৰুকৈয়ে অতিষ্ঠ কৰিলে। গৰমৰ প্ৰকোপত ত্ৰাহি মধুসূদন দেখিলে ৰাজ্যবাসীয়ে। অৱশ্যে আজি বতৰে গৰমৰ পৰা কিছু ৰেহাই দিব বুলি আগজাননী কৰিছে বতৰ বিভাগে।

2 / 5ৰাজ্যৰ কেইবাখনো জিলাত আজি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ আগজাননী কৰিছে। লক্ষণীয়ভাৱে তিনিখন জিলাত অ’ৰেঞ্জ’ এলাৰ্টো জাৰি কৰা হৈছে। আনহাতে কেইখনমান জিলাত ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ৰাজ্যৰ কেইবাখনো জিলাত আজি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ আগজাননী কৰিছে। লক্ষণীয়ভাৱে তিনিখন জিলাত অ’ৰেঞ্জ’ এলাৰ্টো জাৰি কৰা হৈছে। আনহাতে কেইখনমান জিলাত ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

3 / 5আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আজি শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটত বিজুলী আৰু বজ্ৰপাতৰ লগতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ হ’ব পাৰে। আগন্তুক তিনি ঘণ্টাত জিলাকেইখনৰ ভিন্ন স্থানত বতৰৰ এনে প্ৰভাৱ দেখা যাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বাভাস জাৰি কৰিছে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আজি শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটত বিজুলী আৰু বজ্ৰপাতৰ লগতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ হ’ব পাৰে। আগন্তুক তিনি ঘণ্টাত জিলাকেইখনৰ ভিন্ন স্থানত বতৰৰ এনে প্ৰভাৱ দেখা যাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বাভাস জাৰি কৰিছে।

4 / 5

ইফালে কামৰূপ, কামৰূপ (মেট্ৰ’), ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, মাজুলী, ধেমাজি, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, ধুবুৰী জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে।

5 / 5

এই জিলাকেইখনত পাতলীয়া বৰষুণৰ লগতে বজ্ৰপাত আৰু বতাহৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বাভাস জাৰি কৰিছে। আগন্তুক ৭ ঘণ্টালৈ জিলাকেইখনত বতৰৰ এনে প্ৰভাৱ দেখা যাব পাৰে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী কৰিছে।

মাত্ৰ এটা শব্দই আপোনাক দিব দুখ-যন্ত্ৰণাৰ পৰা মুক্তি, ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ তৃতীয়টো সোমবাৰে কৰক এই প্ৰতিকাৰ, লাভ কৰিব মহাদেৱৰ বিশেষ কৃপা
ভাৰতৰ কিমান বিমানবন্দৰ এতিয়া আদানী গ্ৰুপৰ নিয়ন্ত্ৰণত?
ধনৰ অভাৱত ভুগিছে নেকি? কৰক এই সহজ কাম, সকলো বাধা দূৰ হ'ব!