নেৰানেপেৰা বৰষুণত বিধ্বস্ত জনজীৱন! আজি কেনে হ'ব ৰাজ্যৰ বতৰ? | Assam weather update for 1 June rainfall Thunderstorms with surface wind Alert IMD Assam news - Assam Tv9

নেৰানেপেৰা বৰষুণত বিধ্বস্ত জনজীৱন! আজি কেনে হ’ব ৰাজ্যৰ বতৰ?

Updated On: 

01 Jun 2025 | 01:39 PM

নেৰানেপেৰা বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰলৈ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ বুকু। ইফালে উত্তৰ-পূবত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD-এ। মহানগৰীত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

1 / 5কেইবাদিনো নেৰানেপেৰা বৰষুণৰ পিছত ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। বিপদসীমাৰ কাষেৰে বৈছে নৈ-উপনৈ। ঘন্টাত ৩-৪ ছেন্টিমিটাৰলৈকে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

কেইবাদিনো নেৰানেপেৰা বৰষুণৰ পিছত ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। বিপদসীমাৰ কাষেৰে বৈছে নৈ-উপনৈ। ঘন্টাত ৩-৪ ছেন্টিমিটাৰলৈকে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

2 / 5

বিপদ সীমাৰ ওপৰলৈ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ বুকু। মাজুলীৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ । অনিৰ্দিষ্ট কাললৈ বন্ধ নিমাতী-মাজুলী সংযোগী ফেৰী সেৱা।

3 / 5

মহানগৰীত নিশাৰে পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ। ইয়াৰ মাজতে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বলিব বতাহ।

4 / 5

ইফালে উত্তৰ-পূবত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD-এ। আগন্তুক ৭ দিনত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

5 / 5

আজি অসমৰ সৰ্বনিম্ন তাপমাত্ৰা ১৭ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে, আনহাতে সৰ্বোচ্চ তাপমাত্ৰা ২৪ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। নিশা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...