নেৰানেপেৰা বৰষুণত বিধ্বস্ত জনজীৱন! আজি কেনে হ'ব ৰাজ্যৰ বতৰ? | Assam weather update for 1 June rainfall Thunderstorms with surface wind Alert IMD Assam news - Assam Tv9

নেৰানেপেৰা বৰষুণত বিধ্বস্ত জনজীৱন! আজি কেনে হ’ব ৰাজ্যৰ বতৰ?

Updated On: 

01 Jun 2025 | 01:39 PM

নেৰানেপেৰা বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰলৈ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ বুকু। ইফালে উত্তৰ-পূবত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD-এ। মহানগৰীত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

1 / 5কেইবাদিনো নেৰানেপেৰা বৰষুণৰ পিছত ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। বিপদসীমাৰ কাষেৰে বৈছে নৈ-উপনৈ। ঘন্টাত ৩-৪ ছেন্টিমিটাৰলৈকে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

কেইবাদিনো নেৰানেপেৰা বৰষুণৰ পিছত ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। বিপদসীমাৰ কাষেৰে বৈছে নৈ-উপনৈ। ঘন্টাত ৩-৪ ছেন্টিমিটাৰলৈকে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

2 / 5

বিপদ সীমাৰ ওপৰলৈ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ বুকু। মাজুলীৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ । অনিৰ্দিষ্ট কাললৈ বন্ধ নিমাতী-মাজুলী সংযোগী ফেৰী সেৱা।

3 / 5

মহানগৰীত নিশাৰে পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ। ইয়াৰ মাজতে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বলিব বতাহ।

4 / 5

ইফালে উত্তৰ-পূবত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD-এ। আগন্তুক ৭ দিনত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

5 / 5

আজি অসমৰ সৰ্বনিম্ন তাপমাত্ৰা ১৭ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে, আনহাতে সৰ্বোচ্চ তাপমাত্ৰা ২৪ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। নিশা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি