12 Jan 2026 | 12:25 PM
অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ দিন। কাইলৈ উৰুকা আৰু মাঘ বিহু পালন কৰিব অসমীয়াই। চৌদিশে চলিছে বিহুৰ ব্যাপক প্ৰস্তুতি।
মহানগৰীটো দেখা গৈছে ভোগালীৰ উছাহ। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তুৰে ভৰিছে বজাৰ। ইয়াৰ মাজতে উৰুকাৰ আগদিনাই মেজি জ্বলিল গুৱাহাটীত।
নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত উৰুকাৰ আগদিনাই জ্বলালে মেজি । ভোগৰ উৎসৱ মাঘ বিহুৰ লগত সংগতি ৰাখি আজি নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ প্ৰাংগণত ভোগালী চ'ৰাৰ আয়োজন কৰা হয়।
অসম জাতীয় বিদ্যালয়ৰ ৬জন ছাত্ৰই পৰম্পৰাগত মেজি প্ৰজ্বলন কৰি ভোগালী চ'ৰাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰে। ভোগালী চ'ৰাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি টেকেলি ভঙা, কণী যুজঁকে ধৰি বিভিন্ন পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত কৰা হয়।
এই পৰম্পৰাগত খেল-ধেমালিত ভাগ লৈ আপ্লুত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকলক অসমীয়াৰ বাপতি সাহোন মাঘ বিহুৰ তাৎপৰ্য বুজাবলৈ অসম জাতীয় বিদ্যালয়ে উৰুকাৰ আগদিনাই মেজি জ্বলাই ভোগালী চ'ৰাৰ কাৰ্যসূচীৰ আয়োজন কৰে।