গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিলে মুখ্যমন্ত্ৰীয়ে, গুৰুজনাৰ জন্মভূমিত উদ্বোধন কৰিব অভিলাসী বটদ্ৰৱা প্ৰকল্প | Amit Shah to Inaugurate Batadrava Project at Srimanta Sankardeva’s Birthplace Himanta Biswa Sarma Assam news - Assam Tv9

গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিলে মুখ্যমন্ত্ৰীয়ে, গুৰুজনাৰ জন্মভূমিত উদ্বোধন কৰিব অভিলাসী বটদ্ৰৱা প্ৰকল্প

Updated On: 

29 Dec 2025 | 12:55 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰঝাৰ বিমান বন্দৰত আদৰণি জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক। এই ভ্ৰমণসূচীৰ সময়ত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

1 / 5অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰঝাৰ বিমান বন্দৰত আদৰণি জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক। এই ভ্ৰমণসূচীৰ সময়ত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰঝাৰ বিমান বন্দৰত আদৰণি জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক। এই ভ্ৰমণসূচীৰ সময়ত অমিত শ্বাহে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

2 / 5

বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৰ বটদ্ৰৱালৈ ৰাওনা হয়। ইয়াৰ পিছতে তেওঁ উদ্বোধন কৰিব বটদ্ৰৱাৰ অভিলাসী প্ৰকল্প। এই সময়ত অমিত শ্বাহে উপস্থিত ভকত-বৈষ্ণৱৰ সমুখত ভাষণ প্ৰদান কৰিব গৃহমন্ত্ৰীয়ে।

3 / 5

উল্লেখ্য যে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানক ধর্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে এই বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰিছে। মুঠ ১৬২ বিঘা ভূমিত প্রায় ২১৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই প্রকল্প।

4 / 5

এই অভিলাসী প্ৰকল্পত আছে সত্ৰীয়া সংস্কৃতি প্রতিফলিত কৰি সাজি তোলা অতিথি গৃহ, দেৱবাদ্য খোলৰ সাজত গৱেষণা কেন্দ্ৰ আৰু তালৰ সাজত কলাকেন্দ্ৰ, জাপিৰ সাজত নাটঘৰ, বিশ্বৰ উচ্চতম গুৰু আসন, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ আদি আটকধুনীয়া স্থপতি।

5 / 5

বটদ্ৰৱা প্ৰকল্পৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। তদুপৰি তেওঁ মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ো উদ্বোধন কৰিব। এদিনীয়া কাৰ্যসূচী অন্ত পৰাৰ পিছতে তেওঁ অসমৰ পৰা উভতিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...