সঘনাই চৰ্দি-কাহ হৈ থাকে নেকি? হ’ব পাৰে জিংকৰ অভাৱৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
Zinc deficiency: শৰীৰ সুস্থ কৰি ৰাখিবলৈ বহু পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। সুস্থ শৰীৰৰ বাবে জিংক অতি গুৰুত্বপূৰ্ণ। কিন্তু যেতিয়া শৰীৰত জিংকৰ অভাৱ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে।

চৰ্দি
চৰ্দি আৰু কাহ এক সাধাৰণ ৰোগ, বিশেষকৈ বতৰ পৰিবৰ্তন হ’লে এই ৰোগ হয়। সাধাৰণতে ই কেইটামান দিনৰ পাছতে ঠিক হয়। কিন্তু যদি আপুনি বাৰে বাৰে এই সমস্যাত ভুগিছে তেন্তে সাৱধান হোৱাটো প্ৰয়োজন। কেতিয়াবা ই আপোনাৰ শৰীৰত কোনো বস্তুৰ অভাৱৰ লক্ষণ হ’ব পাৰে। ইয়াৰ ভিতৰত এটা হ’ল জিংক, যাৰ অভাৱৰ বাবে শৰীৰে সামান্য চৰ্দিৰ সৈতেও যুঁজিব নোৱাৰে।
চৰ্দি আৰু কাহ ভাইৰাছৰ দ্বাৰা হয়। ইয়াৰ ফলত নাকৰ পানী ওলোৱা, ডিঙিৰ বিষ, কাহ, হাঁচি আদি সমস্যাৰ সৃষ্টি হয়। সাধাৰণতে এই সংক্ৰমণ ৭ৰ পৰা ১০ দিনত ভাল হয়। কিন্তু যদি এই চৰ্দি আৰু কাহ দীৰ্ঘদিন ধৰি থাকে বা বাৰে বাৰে হয়, তেন্তে ই শৰীৰৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ লক্ষণ হ’ব পাৰে।
চিকিৎসকে কি কয়
দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ সুভাষ গিৰিয়ে কয় যে জিংক শৰীৰত পোৱা অন্যতম গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ। ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু প্ৰদাহ নিৰাময় কৰে। শৰীৰত উপস্থিত থকা টি কোষবোৰে বেক্টেৰিয়া বা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু জিংকে এই কোষবোৰ গঠনত সহায় কৰে। জিংকৰ অভাৱৰ বাবে এই কোষবোৰে সঠিকভাৱে কাম কৰিব নোৱাৰে। এনে ক্ষেত্ৰত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। জিংকৰ অভাৱ হ’লে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণবোৰ-
- সঘনাই চৰ্দি আৰু অন্যান্য সংক্ৰমণ
- কোনো ৰোগত আক্ৰান্ত হলে লাহে লাহে আৰোগ্য হোৱা বা দীৰ্ঘদিন ধৰি স্থায়ী হোৱা
- ঘাঁ ভাল হোৱাক অধিক সময় লগা
- চুলি সৰা আৰু ছালৰ সমস্যা
- সোৱাদ আৰু গোন্ধ চিনি পোৱাৰ ক্ষমতা কমি যায়
- ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু চৰ্দি আদি।
কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
দীৰ্ঘদিন ধৰি চৰ্দি থাকিলে শৰীৰত জিংকৰ অভাৱৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত সুষম খাদ্যৰ জৰিয়তে জিংকৰ অভাৱ পূৰণ কৰিব পাৰি। ইয়াৰোপৰি জীৱনশৈলী উন্নত কৰাও দৰকাৰ। কিন্তু তাৰ পাছতো যদি সমস্যা হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। জিংকৰ অভাৱ দূৰ কৰাৰ কিছুমান উপায়-
- জিংক সমৃদ্ধ খাদ্য গ্ৰহণ কৰকঃ কুমলীয়া গুটি, কাজু, আলমণ্ড, মাংস, মাছ, দাইস, গাখীৰ, কণী আদি খাদ্য খাওক। ইয়াৰ দ্বাৰা জিংকৰ অভাৱ দূৰ হোৱাত সহায় হব।
- সুষম খাদ্য গ্ৰহণ কৰকঃ নেমু, কমলাৰ দৰে ভিটামিন চি সমৃদ্ধ বস্তু খাব পাৰে। ইয়াৰোপৰি পুৱাৰ ৰদত বহি ভিটামিন ডিৰ অভাৱ দূৰ কৰিব পাৰে।
- পৰ্যাপ্ত পৰিমাণে টোপনিঃ পৰ্যাপ্ত পৰিমাণে টোপনি যাব লাগে। মানসিক চাপ কম কৰাৰ চেষ্টা কৰক।
- যদি সঘনাই সমস্যা হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
কেতিয়া চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে?
- যদি চৰ্দি আৰু কাহ ১০ দিনতকৈ অধিক সময় থাকে
- বেছি জ্বৰ হ’লে, উশাহ-নিশাহ লোৱাত কষ্ট, বুকুৰ বিষ হ’লে
- যদি সঘনাই সংক্ৰমণ হয়
- শৰীৰত দুৰ্বলতা আৰু ভাগৰ বেছি হয়।
অন্য খবৰ পঢ়কঃ হাত-ভৰি ফুলা, প্ৰস্ৰাৱৰ ৰং সলনি, ই কি ৰোগৰ লক্ষণ জানেনে? জানক চিকিৎসকৰ পৰা…