সঘনাই চৰ্দি-জ্বৰ হৈ থাকে নেকি? তেন্তে হ’ব পাৰে এই সমস্যাৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

আজিৰ সময়ত মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগা দেখা যায়। কিছুমান মানুহে সঘনাই বেমাৰত পৰা দেখা যায়। ইয়াৰোপৰি কিছুমানৰ অন্য কিছুমান সমস্যা হৈ থাকে।

সঘনাই চৰ্দি-জ্বৰ হৈ থাকে নেকি? তেন্তে হব পাৰে এই সমস্যাৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা...

স্বাস্থ্যৰ সমস্যা

Published: 

27 Aug 2025 15:29 PM

শৰীৰ সুস্থ কৰিবলৈ প্ৰ’টিন, ভিটামিন, কেলছিয়াম আদি প্ৰয়োজনীয় বুলি কোৱা হয়। কিন্তু বহু খনিজ পদাৰ্থইও আমাৰ শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে। এনে এক গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ জিংক, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় কৰে। ইয়াৰোপৰি শৰীৰত আঘাত পালে সেই ঘা সোনকালে ঠিক হোৱাত সহায় কৰে আৰু সংক্ৰমণ অন্য ঠাইত বিয়পি পৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে।

জিংক সকলোৰে বাবে প্ৰয়োজন। কিন্তু যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণে জিংক লাভ নকৰে তেতিয়া শৰীৰত বহু ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যেতিয়া শৰীৰত জিংকৰ অভাৱ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ। ইয়াৰ বিষয়ে জানি ইয়াৰ অভাৱ দূৰ কৰিব পাৰে।

বাৰে বাৰে সংক্ৰমণঃ জিংকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে। যাৰ ফলত শৰীৰ সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা পৰে। কিন্তু যেতিয়া শৰীৰত ইয়াৰ অভাৱ হয় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। যাৰ ফলত চৰ্দি, জ্বৰ আদি সঘনাই হৈ থাকে। যদি আপোনাৰ বাৰে বাৰে বেমাৰ হৈ থাকে। তেন্তে ইয়াৰ কাৰণ জিংক হ’ব পাৰে।

ঘা শুকাবলৈ সময়- জিংকে কলা মেৰামতি আৰু নতুন কলা গঠনত সহায় কৰে। যেতিয়া শৰীৰত আঘাত পাই তেতিয়া সেই ঘা ভাল হ’বলৈ সময় লাগে। জিংকৰ অভাৱ পূৰ কৰিবলৈ ড্ৰাই ফ্ৰুট, বাদাম, গোটা শস্য আদি খাব পাৰে।

চুলি সৰা– বিভিন্ন কাৰণত চুলি সৰাৰ সমস্যা হ’ব পাৰে। কিন্তু জিংকৰ অভাৱৰ ফলতো চুলি সৰাৰ সমস্যা হ’ব পাৰে। জিংকে চুলিৰ স্বাস্থ্য ভাল কৰে আৰু বিকাশত সহায় কৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া চুলি দুৰ্বল হৈ পৰে।

ভোক নলগা- ভোক নলগা জিংকৰ অভাৱৰ মূল কাৰণ। জিংকে পাচন প্ৰক্ৰিয়াত সহায় কৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰে। যাৰ ফলত ভোক নালাগিব পাৰে।

ছালৰ সমস্যা– জিংকৰ অভাৱৰ ফলত ব্ৰণ, একজিমা আৰু ছাল শুকান হৈ পৰিব পাৰে। জিংকে ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণৰ বাবে ছালখনক সুস্থ কৰি ৰাখে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া ছালৰ লগত জড়িত সমস্যা হ’ব পাৰে। ইয়াৰ বাবে আপুনি ৰঙালাউ গুটি, বিনছ, বুট আদি খাব পাৰে।

যদি আপোনাৰ শৰীৰতো ওপৰত উল্লেখ কৰা লক্ষণসমূহে দেখা দিছে তেন্তে ই জিংক অভাৱৰ লক্ষণ হ’ব পাৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ কঁকালৰ বিষ হৈ থাকে নেকি? ইয়াৰ কাৰণ কি, জানক বিশেষজ্ঞৰ পৰা…

আপুনিও প্লাষ্টিকৰ বটলত পানী খাই নেকি? তেন্তে হ'ব পাৰে এই ডাঙৰ ৰোগ...
বৃক্ক বিকল কৰিব পাৰে এই ৫ বিধ বস্তুই! জানক সকলো...
কি ভিটামিনৰ অভাৱ হ'লে টোপনি বেছিকৈ লাগে? জানক...
মুখত ঘাঁ লাগিছে নেকি ? তৎক্ষণাত সকাহ পোৱাৰ বাবে সহজ টিপছ জানক...