আপোনাৰ হাতৰ নখেই দিব পাৰে স্বাস্থ্যজনিত সমস্যাৰ আভাস, জানেনে এই বিষয়ে?

নখৰ ৰং, গঠন, বা নখৰ ওপৰত হোৱা কিছুমান সৰু সৰু পৰিৱৰ্তনে আপোনাৰ শৰীৰৰ কোনো সমস্যাৰ সংকেত দিব পাৰে। স্বাভাৱিকতেই এই কথাই আপোনাক কিছু আচৰিত কৰি তুলিব পাৰে। কিন্তু বিশেষজ্ঞসকলে এই বিষয়ত মতামত প্ৰকাশ কৰি গৈছে। জানো আহক এই বিষয়ে।

আপোনাৰ হাতৰ নখেই দিব পাৰে স্বাস্থ্যজনিত সমস্যাৰ আভাস, জানেনে এই বিষয়ে?

নখে দিব পাৰে স্বাস্থ্যৰ আভাস

Updated On: 

09 Jun 2025 | 07:41 PM

কোৱা হয়, ব্যক্তিৰ আভ্যন্তৰীণ স্বাস্থ্যৰ সমস্যা মুখমণ্ডল বা বাহ্যিক চেহেৰাতো প্ৰকাশ পায়। এই কথাষাৰ আমি প্ৰায়ে শুনিবলৈ পাওঁ। পিছে আপুনি জানেনে, আপোনাৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত হাতৰ নখেই আভাস দিব পাৰে? আমি অধিকাংশ লোকেই নখক কেৱল ৰূপচর্চা বা সৌন্দৰ্যৰ অংশ বুলি ভাবোঁ। কিন্তু চিকিৎসকসকলে নখক বহুসময়ত শৰীৰৰ ভিতৰৰ অসুবিধাৰ আগতীয়া সংকেত হিচাপে অনুমান কৰে। নখৰ ৰং, গঠন, বা নখৰ ওপৰত হোৱা কিছুমান সৰু সৰু পৰিৱৰ্তনে আপোনাৰ শৰীৰৰ কোনো সমস্যাৰ সংকেত দিব পাৰে।

স্বাভাৱিকতেই এই কথাই আপোনাক কিছু আচৰিত কৰি তুলিব পাৰে। কিন্তু বিশেষজ্ঞসকলে এই বিষয়ত মতামত প্ৰকাশ কৰি গৈছে। জানো আহক এই বিষয়ে-

অতি বগা নখ

ৰক্তহীনতা, যকৃতৰ ৰোগ, বা হৃদযন্ত্ৰৰ বিকলতাৰ সংকেত হ’ব পাৰে। যদি নখৰ প্ৰায় সকলো অংশ বগা আৰু কাষত কিছু গাঢ় ৰঙা থাকে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

হালধীয়া নখ

সাধাৰণতে সংক্রমণৰ ফলত নখত হালধীয়া ৰং ধৰিব পাৰে। কিন্তু যদি এই ৰং লাহে লাহে ডাঠ হৈ বাঢ়ি যায়, হাওঁফাওঁৰ সমস্যা বা থাইৰয়ডৰ সমস্যাৰ সংকেত হ’ব পাৰে।

নীলা ৰঙৰ নখ

আপোনাৰ শৰীৰে যদি পৰ্যাপ্ত অক্সিজেন লাভ নকৰে, তেতিয়া নখত নীলা ৰং ধৰিব পাৰে। হাওঁফাওঁৰ ৰোগ, হৃদযন্ত্ৰৰ সমস্যা বা ৰক্ত সঞ্চালনৰ সমস্যাৰ বাবে এনে হয়।

নখৰ তলত ক’লা ৰেখা

নখৰ তলত হোৱা ক’লা ৰেখা প্ৰায় নিৰাপদ যদিও কিছুমান ক্ষেত্ৰত ই মেলানোমা নামৰ ছালৰ কৰ্কট ৰোগৰ এক প্ৰকাৰৰ সংকেত দিয়ে। হঠাতে এনে দাগে দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বেঁকা হৈ ফুলি উঠা নখ

এই অৱস্থা প্ৰায়ে হাওঁফাওঁৰ ৰোগ, প্ৰদাহজনিত অন্ত্ৰৰ ৰোগ বা যকৃতৰ সমস্যাৰ সৈতে জড়িত।

নখ ভঙা বা ফাটি যোৱা

থাইৰয়ডৰ সমস্যা বা ভিটামিনৰ অভাৱ (বিশেষকৈ বায়’টিন, আইৰণ, বা জিংক) থকা লোকৰ ক্ষেত্ৰত এই সমস্যা হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...