Yoga for health: এই ৫ আসনে সুস্থ কৰি ৰাখিব আপোনাৰ শৰীৰ… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Yoga for health: এই ৫ আসনে সুস্থ কৰি ৰাখিব আপোনাৰ শৰীৰ…

Published: 

08 Jul 2024 11:57 AM

যোগ আমাৰ দেহৰ বাবে অত্যন্ত জৰুৰী। প্ৰতিদিনে যোগাসন কৰিলে ই আমাৰ শৰীৰৰ লগতে মানসিক দিশটোও সুস্থ কৰি ৰাখে। আমাৰ শৰীৰত শক্তি যোগোৱাৰ লগতে ই শৰীৰক বেমাৰৰ লগত যুঁজিবলৈ শক্তি প্ৰদান কৰে। কেইটামান এনে আসন, যিয়ে আমাৰ শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে।

1 / 5পাচ্চিমোত্তনাসন – এই আসন কৰিবলৈ মাটিত বহি লওক। পাছত ভৰি দুখন পোৱ কৰি হাতেৰে ভৰি দুখন ঘৰি ৰাখক। মূৰটো আঁঠুত লগাই দিওক।  এনে আসন বিভিন্ন সমস্যাৰ লগতে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে।

পাচ্চিমোত্তনাসন – এই আসন কৰিবলৈ মাটিত বহি লওক। পাছত ভৰি দুখন পোৱ কৰি হাতেৰে ভৰি দুখন ঘৰি ৰাখক। মূৰটো আঁঠুত লগাই দিওক। এনে আসন বিভিন্ন সমস্যাৰ লগতে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে।

2 / 5

আধো মুখা শৱাসন –এই আসন কৰিবলৈ ভৰি দুখন পোন কৰি গোৰোহা দুটা সামান্য উঠাই দিয়ক। পাছত মেৰুদণ্ড পোন কৰি হাতৰ তলুৱাৰে মাটি স্পৰ্ষ কৰক। এই আসন কৰিলে শাৰীৰীক আৰু মানসিক শান্তি পোৱা যায়। কঁকালৰ সমস্যাৰ বাবে এই আসন উপকাৰী।

3 / 5

বিথিলাসনঃ এই আসন কৰিবলৈ হাত আৰু আঁঠু মজিয়াত ৰাখিব লাগে। হাতৰ তলুৱা দুখন কান্ধৰ প্ৰায় ঠিক তলত ৰাখিব লাগে। মেৰুদণ্ড এবাৰ তলত এবাৰ ওপৰৰ পিনে কৰিব লাগে। এনে কৰাৰ সময়ত দীঘললৈ উশাহ লওক। এই আসন কৰিলে শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ পৰা সকাহ পোৱা যায়।

4 / 5

অঞ্জনেয়াসন – এই আসন কৰিবলৈ বাওঁ ভৰিখন পিছফালে ৰাখক। পাছত সোঁ ভৰি খন আগফালে আনি প্ৰাৰ্থনা কৰা ভংগীমাৰে শৰীৰটো পিছফালে লৈ যাওঁক। এই আসন আমাৰ শৰীৰৰ বাবে অতি জৰুৰী। ইয়াৰ বাবে শৰীৰ সুস্থ হৈ থকাৰ লগতে মানসিক চাপো হ্ৰাস পায়।

5 / 5

সেতু বন্ধাসন –এই আসন কৰিবলৈ পিঠিৰ ওপৰত ভৰ দি শুই দিয়ক। পাছত ভৰি দুখন আঁঠুৰ ওচৰত বেঁকা কৰক। হাতেৰে গোৰোহাটো ধৰি দেহটো ওপৰলৈ উঠাই দিয়। এই আসনেও শৰীৰ সুস্থ হৈ ৰথাত সহায় কৰে আৰু মানসিক শান্তি দিয়ে।

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী