যোগ আৰু আয়ুৰ্বেদে কৰিব পাৰে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসা, এইমছৰ গৱেষণাত সবিশেষ তথ্য প্ৰকাশ

বৰ্তমান সময়ত যোগ আৰু আয়ুৰ্বেদৰ শক্তিক স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে চিকিৎসা বিজ্ঞানে। এইমছৰ অধ্যয়নত প্ৰকাশ পাইছে যে যোগ, প্ৰাণায়াম আৰু আয়ুৰ্বেদৰ জৰিয়তে বহু ৰোগ নিৰাময় কৰিব পৰা যায়। শেহতীয়াকৈ এখন সন্মিলনত উপস্থাপন কৰা হৈছিল এই গৱেষণা। য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ৪০০ গৰাকীকৈ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছিল।

যোগ আৰু আয়ুৰ্বেদে কৰিব পাৰে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসা, এইমছৰ গৱেষণাত সবিশেষ তথ্য প্ৰকাশ

যোগ

Published: 

19 Mar 2025 | 07:35 AM

বিজ্ঞানীসকলে পুনৰবাৰ শলাগ লৈছে যোগ আৰু আয়ুৰ্বেদৰ উপকাৰিতাক। এইমছৰ চেণ্টাৰ ফৰ ইন্টিগ্ৰেটিভ মেডিচিন ৰিচাৰ্চ (চিআইএমআৰ)ত কৰা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, বহু গুৰুতৰ ৰোগৰ চিকিৎসাত যোগ আৰু আয়ুৰ্বেদ ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। হাৰ্ট এটেক, ষ্ট্ৰোক, মাইগ্ৰেইন, ডায়েবেটিছ আৰু টোপনিৰ সমস্যা আদি ৰোগৰ ক্ষেত্ৰত যোগ আৰু আয়ুৰ্বেদৰ ইতিবাচক প্ৰভাৱ দেখা গৈছে। এই গৱেষণাৰ নেতৃত্ব দিয়া এইমছৰ হৃদৰোগ বিশেষজ্ঞ তথা চিআইএমআৰৰ প্ৰতিষ্ঠাপক ডাঃ গৌতম শৰ্মাই কয় যে, এই গৱেষণাত ২৮খনতকৈও অধিক বৈজ্ঞানিক গৱেষণা পত্ৰ প্ৰকাশ পাইছে। এই অধ্যয়নসমূহে প্ৰমাণ কৰিছে যে যোগ আৰু আয়ুৰ্বেদিক কৌশলৰ জৰিয়তে শৰীৰক প্ৰাকৃতিকভাৱে সুস্থ কৰি ৰাখিব পাৰি।

ড০ গৌতম শৰ্মাই কয় যে, যোগ কেৱল  ব্যায়াম নহয়, ই জীৱনশৈলী সলনি কৰাৰ এক উপায়। যথাযথ যোগাসন আৰু প্ৰাণায়ামৰ দ্বাৰা বহুতো দীৰ্ঘদিনীয়া ৰোগ নিৰাময় কৰিব পাৰি। অৱশ্যে গৱেষণাৰ পৰা এইটোৱে পোৱা গৈছে যে প্ৰতিটো ৰোগৰ বাবে পৃথক পৃথক যোগ কৌশলৰ প্ৰয়োজন।  কিছুমান বিশেষ যোগাসনৰ আসনে উচ্চ ৰক্তচাপ ৰোগীৰ ক্ষতি কৰিব পাৰে। সেয়েহে শুদ্ধ যোগাসন কৰাৰ প্ৰয়োজন। একে সময়তে প্ৰাণায়াম আৰু ধ্যান-ধাৰণাৰ দ্বাৰা অনিদ্ৰা অৰ্থাৎ টোপনিহীনতাৰ সমস্যা বহু পৰিমাণে সমাধান হয়। ডাঃ শৰ্মাই কয় যে, এইমছৰ গৱেষকসকলে প্ৰতিটো ৰোগৰ বাবে বিভিন্ন যোগ মডিউল প্ৰস্তুত কৰিছে।

যোগে স্নায়ুতন্ত্ৰ শক্তিশালী কৰে

আমাৰ শৰীৰৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰত যোগৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে বুলিও প্ৰমাণ কৰিছে গৱেষণাই। এই স্নায়ুতন্ত্ৰই হৃদস্পন্দন, হজম আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰে। যোগ আৰু প্ৰাণায়ামে এই প্ৰক্ৰিয়াৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত ব্যক্তিজনে অধিক সুস্থ অনুভৱ কৰে। এই গৱেষণা শেহতীয়াকৈ “এডভান্সেছ ইন ইন্টিগ্ৰেটিভ মেডিচিন” (AIM) সন্মিলনত উপস্থাপন কৰা হৈছিল,। অংশগ্ৰহণ কৰিছিল য’ত ৪০০ৰো অধিক আয়ুছ আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ চিকিৎসকে । এই সময়ত বিজ্ঞানী আৰু চিকিৎসকে একেলগে পৰম্পৰাগত আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰে।

গৱেষণাৰ ফলাফলত দেখা গৈছে যে, গুৰুতৰ ৰোগৰ চিকিৎসাত যোগ আৰু আয়ুৰ্বেদিক চিকিৎসাৰ অন্তৰ্ভুক্তি হ’ব লাগে। আধুনিক ঔষধৰ সীমাবদ্ধতা থাকিলেও যোগ আৰু আয়ুৰ্বেদে ৰোগৰ মূলত উপনীত হৈ চিকিৎসা কৰে। ডাঃ শৰ্মাই কয় যে, প্ৰতিজন ব্যক্তিয়ে যোগ আৰু আয়ুৰ্বেদত যোগদান কৰিব লাগে, কাৰণ ই কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ শৰীৰক সুস্থ কৰি ৰাখে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...