World Mosquito Day: মহৰ কামোৰত অতিষ্ঠ হৈছে নেকি? মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়

বাৰিষাৰ সময়ত মহৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পায়। জমা হৈ থকা পানী মহৰ বংশবৃদ্ধিৰ স্থল হৈ পৰে। ফলত এই বতৰত মেলেৰিয়াৰ, ডেংগুৰ দৰে জ্বৰো হ'ব পাৰে। মহৰ উৎপাতৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ নহয়, কিন্তু ঘৰতে বনোৱা কিছুমান ঔষধ গ্ৰহণ কৰিও মহ খেদি পঠিয়াব পাৰে।

World Mosquito Day: মহৰ কামোৰত অতিষ্ঠ হৈছে নেকি? মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায়
Updated On: 

20 Aug 2025 | 04:59 PM

গৰমত আৰু বাৰিষা বতৰত মহে ত্ৰাস সৃষ্টি কৰে। ইহঁতৰ কামোৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। কেতিয়াবা মহে কামুৰিলে ডেংগু, মেলেৰিয়া আদিৰ দৰে বিপদজনক ৰোগ হ’ব পাৰে। সেয়ে মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ মানুহে আঁঠুৱা আৰু বহুতো বস্তু সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু এই সকলোবোৰৰ পিছতো কেতিয়াবা মহৰ পৰা আঁতৰি থকাটো বৰ কঠিন হৈ পৰে।

ঘৰত মহ সোমাব নোৱাৰাৰ বাবে দুৱাৰ বন্ধ কৰি ৰখাৰ লগতে মহ নিবাৰণকাৰী স্প্ৰে’ ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ বাহিৰেও মহক ঘৰৰ পৰা আঁতৰাই খেদিবলৈ আন বহুতো পদ্ধতি গ্ৰহণ কৰিব পাৰি। ইয়াৰ বাবে কিছুমান সহজ উপায় আগবঢ়োৱা হ’ল।

ঘৰত মহ সোমাব নোৱাৰাৰ বাবে দুৱাৰ বন্ধ কৰি ৰখাৰ লগতে মহ নিবাৰণকাৰী স্প্ৰে’ ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াৰ বাহিৰেও মহক ঘৰৰ পৰা আঁতৰাই খেদিবলৈ আন বহুতো পদ্ধতি গ্ৰহণ কৰিব পাৰি। ইয়াৰ বাবে কিছুমান সহজ উপায় আগবঢ়োৱা হ’ল।

কৰ্পূৰ জ্বলাই দিব

মহ খেদিবলৈ কৰ্পূৰ ফলপ্ৰসূ বুলিও প্ৰমাণিত হ’ব পাৰে। সন্ধিয়া এটা বাটিত কিছু কৰ্পূৰ লৈ জ্বলাই দিব। দুৱাৰ-খিৰিকী বন্ধ কৰক। কেইমিনিটমানৰ ভিতৰতে সকলো মহ নোহোৱা হৈ যাব।

নাৰিকল তেল আৰু নিমৰ মিশ্ৰণ

আজিকালি মহৰ পৰা ৰক্ষা পাবলৈ বজাৰত বহুতো স্প্ৰে পোৱা যায়। কিন্তু আপুনি এটা প্ৰাকৃতিক পদ্ধতিও গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে নাৰিকল আৰু নিম তেল মিহলাই লওক। মহ আঁতৰাই ৰখাৰ উপৰিও ই ছালৰ বাবেও ভাল হ’ব।

নহৰুৰ স্প্ৰে

নহৰুৰ গোন্ধেও মহ খেদি দিয়াত সহায় কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে কিছু নহৰু পিহি লওক। এতিয়া পানীত উতলাই স্প্ৰে বটলত ভৰাই ঘৰৰ চুকত স্প্ৰে কৰিব।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক

মহ বেছিকৈ লেতেৰা ঠাইত বা জমা পানীত পোৱা যায়। গতিকে ঘৰৰ আশে-পাশে পানী জমা হ’বলৈ নিদিব আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব। কুলাৰ, পাত্ৰ, টায়াৰ, বাল্টি বা আন কোনো ঠাইত পানী জমা হ’বলৈ নিদিব। ঘৰৰ আৱৰ্জনাবোৰ ঢাকি ৰাখি সময়মতে বাহিৰলৈ পেলাই দিব লাগে। পানীৰ টেংকিবোৰ ভালদৰে ঢাকি ৰাখিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...