খাদ্য খোৱাৰ কিমান ঘণ্টা পাছত ব্যায়াম কৰা উচিত? এই গুৰুত্বপূৰ্ণ কথাবোৰ জানক

Workout After Eating: ব্যায়ামৰ লগতে, আপুনি সঠিক খাদ্য অনুসৰণ কৰা আৰু জিমৰ পাছত বা ব্যায়ামৰ আগতে সঠিক বস্তু খোৱাটো গুৰুত্বপূৰ্ণ। কিন্তু বহুলোকৰ মনত প্ৰশ্ন উত্থাপিত হয় যে খোৱা আৰু ব্যায়ামৰ মাজত কিমান ব্যৱধান প্ৰয়োজন।

খাদ্য খোৱাৰ কিমান ঘণ্টা পাছত ব্যায়াম কৰা উচিত? এই গুৰুত্বপূৰ্ণ কথাবোৰ জানক

ব্যায়াম

trishna-kalita
Published: 

26 Jul 2024 11:03 AM

Workout After Eating: শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ ব্যায়াম অতি গুৰুত্বপূৰ্ণ। নিজকে শাৰীৰিকভাৱে সক্ৰিয় ৰাখি আপুনি ৰোগৰ পৰা দূৰত থাকিব পাৰিব। বহুতো মানুহে ব্যায়াম কৰিবলৈ জিমলৈ যায়। কিছুমানে ৰাতিপুৱা খোজ কাঢ়িবলৈ যায়, আনহাতে বহুতো লোক আছে যি শোৱাৰ আগতে ব্যায়াম কৰে।

কিন্তু ব্যায়ামৰ লগতে, স্বাস্থ্যকৰ খাদ্য অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ। তেতিয়াহে আপুনি ব্যায়ামৰ পৰা সঠিক লাভালাভ লাভ কৰে। কিন্তু বহুলোকে ভাবে যে খাদ্য খোৱাৰ কিমান সময় পাছত ব্যায়াম কৰা উচিত। খাদ্য খোৱাৰ পাছত কিমান সময়ত ব্যায়াম কৰিব লাগে জানো আহক।

 

খাদ্য খোৱাৰ পাছত ব্যায়াম

আপুনি নিশ্চয় বহুবাৰ শুনিছে যে যদি আপুনি খাদ্য খোৱাৰ পাছত ব্যায়াম কৰে তেনেহ’লে সোনকালে কেলৰি কম হয়। কিন্তু এনে কৰাৰ আগতে আপুনি আপোনাৰ জিম প্ৰশিক্ষকৰ পৰামৰ্শ লোৱা উচিত। বিশেষজ্ঞসকলে কৈছে যে ব্যায়ামৰ তীব্ৰতা বুজি এইটো সিদ্ধান্ত লোৱা হয়। কিন্তু মনত ৰাখিব যে যদি আপুন্ বহু সময় একো নোখোৱাকৈ আছে, তেন্তে ব্যায়াম নকৰিব।

কিমান সময় পাছত ব্যায়াম কৰা উচিত?

যদি আপুনি ৰাতিপুৱাৰ পাতল খাদ্য খায় তেন্তে আপুনি এঘণ্টাৰ পাছত ব্যায়াম কৰিব পাৰে। আপুনি আধা ঘণ্টা বা ৪০ মিনিটৰ বাবে ব্যায়াম কৰিব পাৰে। একে সময়তে দুপৰীয়া গধুৰ খাদ্যৰ গ্ৰহণ কৰাৰ পাছত, আপুনি কমেও ৪ ঘণ্টাৰ বিৰতি ল’ব আৰু তাৰ পাছতহে ব্যায়াম কৰিব।

স্বাস্থ্যকৰ আহাৰ

যদি আপুনি ব্যায়াম কৰি আছে তেন্তে আপোনাৰ খাদ্যৰ যত্ন লওক। আপোনাৰ আহাৰত প্ৰ’টিনযুক্ত সামগ্ৰী অন্তৰ্ভুক্ত কৰিব। যেনে কণী, কল, চয়াবিন, মুৰ্গী আৰু দাইল। ই আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰিব। ইয়াৰ লগতে নিজকে যিমান সম্ভৱ হাইড্ৰেটেড ৰাখিব।

চেকআপ কৰক

যদি আপুনি জিমত যোগদান কৰিবলৈ বিচাৰিছে, প্ৰথমে আপোনাৰ গোটেই শৰীৰৰ পৰীক্ষা সম্পন্ন কৰক যাতে শৰীৰত থকা সমস্যা সময়মতে চিনাক্ত কৰিব পাৰি।

খাদ্য বিষক্ৰিয়া হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক
ইংলেণ্ডৰ মাটিত এক মহাৰেকৰ্ড স্থাপনৰ দিশে কে এল ৰাহুল, অতিক্ৰমৰ সুযোগ এই কিংবদন্তিক
সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?