বগা স্ৰাৱৰ পৰা দুৰ্গন্ধ ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
মহিলাসকলৰ বগা স্ৰাৱ হোৱা সাধাৰণ কথা। কিন্তু ইয়াৰ ৰং বা আন দিশত যদি কিবা সলনি হয় তেন্তে ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। এয়া সহজভাৱে ল'ব নালাগে। সাৱধান হোৱা ভাল।
বগা স্ৰাৱ মহিলাসকলৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। ই যোনি পৰিষ্কাৰ,আৰ্দ্ৰ আৰু সংক্ৰমণ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে। মাহেকীয়াৰ আগত বা পাছত, ডিম্বাণু নিঃসৰণৰ সময়ত এয়া হোৱা দেখা যায়। মানসিক চাপ, দুৰ্বলতা, টোপনিৰ অভাৱ আদিৰ ফলতো এয়া হ’ব পাৰে। কিন্তু বগা স্ৰাৱত দেখা দিয়া কিছুমান লক্ষণ সহজভাৱে লোৱা ঠিক নহয়।
লক্ষণ
যদি বগা স্ৰাৱৰ লগত কোনো দুৰ্গন্ধ, খজুৱতি, ৰং সলনি হয় তেন্তে ই সমস্যাৰ কাৰণ হ’ব পাৰে। শৰীৰত কিবা সংক্ৰমণ বা ৰোগ হ’লে বগা স্ৰাৱৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰোপৰি কেতিয়াবা ৰং হালধীয়া, সেউজীয়া বা বাদামী হ’ব পাৰে। ইয়াৰ লগতে খজুৱতি, জলা-পোৰা বা বিষ হ’ব পাৰে। ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ, যেনে কেণ্ডিডিয়াছিছ বা বেক্টেৰিয়াজনিত যোনিৰ ৰোগত এনে লক্ষণ দেখা দিয়ে। কেতিয়াবা STIৰ ফলতো এনে হয়। যদি সময়মতে চিকিৎসা কৰা নহয় তেন্তে ই জৰায়ুলৈ বিয়পিব পাৰে। যাৰ বাবে প্ৰজনন তন্ত্ৰৰ সমস্যা আহিব পাৰে।
কিহৰ ইংগিত দিয়ে
এই সন্দৰ্ভত সবিশেষ জনাইছে আৰ এম এল হাস্পতালৰ অংকো-গাইনেক’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ ছালনী চাড্ডাই। তেওঁ কয় যে, বগা স্ৰাৱ স্বাভাৱিক। কিন্তু ৰং সলনিয়ে বহু ৰোগৰ ইংগিত দিয়ে।
- বেক্টেৰিয়াৰ যোনিৰ ৰোগত পাতল আৰু দুৰ্গন্ধযুক্ত স্ৰাৱ হয়।
- ট্ৰাইক’ম’নিয়াছিছ হ’লে হালধীয়া বা সেউজীয়া স্ৰাৱ ওলায়।
- ছাৰ্ভাইচাইটিছ বা পেলভিক ইনফ্লেমেটৰী ডিজিজ (PID)ৰ বেছি স্ৰাৱ ওলাব পাৰে। ই জৰায়ু আৰু ফেল’পিয়ান টিউবক প্ৰভাৱিত কৰে।
- এনে অৱস্থাত যৌন সম্পৰ্কৰ সময়ত পেটৰ বিষ, জলা-পোৰা হয়।
- দীৰ্ঘদিন ধৰি সমস্যা দি থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
গুৰুত্বপূৰ্ণ
- পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজন।
- কপাহী আণ্ডাৰৱেৰ পৰিধান কৰিব।
- ব্যক্তিগত স্থান শুকান কৰি ৰাখিব।
- পৰ্যাপ্ত পৰিমাণৰ পানী খাব।
- সুষম খাদ্য গ্ৰহণ কৰক।
- তিতা কাপোৰ বেছি সময় পিন্ধি নাথাকিব।
- মানসিক চাপ কম কৰক।
- অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লওক।
অন্য খবৰ পঢ়কঃ কোনসকল লোকৰ ব্ৰেইন ষ্ট্ৰোক হোৱাৰ আশংকা বেছি? জানক চিকিৎসকৰ পৰা…