শীতকালত ফিটনেছ বজাই ৰাখিবলৈ খাদ্যাভ্যাস কেনেকুৱা হ’ব লাগে ?

শীতকালত ওজন নিয়ন্ত্ৰণক লৈ প্ৰায় সংখ্যক লোক চিন্তিত হৈ পৰে। এই সময়ছোৱাত খাদ্য কেনেধণৰ হ'ব লাগে ? এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক।

শীতকালত ফিটনেছ বজাই ৰাখিবলৈ খাদ্যাভ্যাস কেনেকুৱা হব লাগে ?
Updated On: 

30 Nov 2025 | 12:16 PM

ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে বনভোজৰ বতৰ আৰম্ভ হয়। এই সময়ত বিভিন্ন প্ৰকাৰৰ খাদ্য জুতি লোৱাটো স্বাভাৱিক। কিন্তু শীতকালত ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্যৰ বিশেষ যত্ন লোৱাৰ অতি প্ৰয়োজন। কিয়নো এই সময়ছোৱাত ৰাতিপুৱা সোনকালে উঠিবলৈ মন নাযায়, শৰীৰ চৰ্চাও হ্ৰাস পায়। গতিকে এই সময়ত ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ কেনেধৰণৰ খাদ্যাভ্যাস বজাই ৰাখিব জানোঁ আহক।

শীতকালত ওজন নিয়ন্ত্ৰণৰ বাবে খাদ্য কেনেকুৱা হ’ব লাগে ?

ৰাতিপুৱা সাৰ পোৱাৰ পাছত গৰম পানীত মৌ আৰু নেমুৰ ৰস মিহলাই লওক। লগতে জিৰা তিয়াই থোৱা পানী খাব পাৰে।

চাহ বা কফি খোৱাৰ অভ্যাস থাকিলে গাখীৰ আৰু চেনি খোৱা সম্পূৰ্ণ বন্ধ কৰক। গ্ৰীণ টি খাব পাৰে, কফিৰ প্ৰতি আসক্ত হ’লে গাখীৰ আৰু চেনি নোহোৱাকৈ ক’লা কফি খাব পাৰে। আটাৰ বিস্কুট খোৱাটো একেবাৰেই উপকাৰী নহয়।

আপুনি নিশ্চয় ভালকৈ ব্ৰেকফাষ্ট কৰিব। ডাবল টোন গাখীৰৰ লগত ওটচ মিহলাই খাব পাৰে। অথবা দৈৰ লগত ওটচ মিহলাই যিকোনো বতৰৰ ফল সৰু সৰুকৈ কাটি খাব পাৰে।

ওটচ পিহি গাজৰ, বীন, কেপচিকাম আৰু কটা পিঁয়াজৰ সৈতে মিহলাই অতি কম তেল দি ননষ্টিক কেৰাহীত ভাজিব পাৰে। যদি আপোনাৰ ওজন অতি বেছি হয় তেন্তে শস্যৰ সলনি শাক-পাচলিৰে অমলেট বনাব পাৰে।

দিনৰ আহাৰত একাপ বগা চাউল, কম মছলা দি সিজোৱা শাক-পাচলি, এবাটি দালি, চিকেন বা পাতল মাছৰ জোল। ইয়াৰ লগত চালাড খাব পাৰে।

ৰাতিৰ আহাৰ লঘু হ’ব লাগে। ভাত বা ৰুটি খোৱাৰ সলনি সিজোৱা শাক-পাচলি, চিকেন, চালাড বা শাক-পাচলিৰ সৈতে চুৰুহা খাব পাৰে।

নিৰামিষভোজীৰ বাবে পনীৰ বা সৰিয়হৰ লগত তৰকাৰী বনাব পাৰে বা সকলো শাক-পাচলি মিহলাই খাব পাৰে।

লগতে পঢ়ক: ব্ৰেইন টিউমাৰৰ মূল কাৰণ কি ? ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ জানক

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...