উচ্চ ৰক্তচাপৰ পৰা ৰক্ষা পৰিব বিচাৰে যদি শীতকালত খাওক এইসমূহ খাদ্য, বিশেষজ্ঞই দিছে পৰামৰ্শ

শীতকালত সাধাৰণতে আমাৰ দৈনন্দিন খাদ্যাভ্যাস কিছু সলনি হয়, ইয়াৰ ফলতো উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে শীতকালত কি কি স্বাস্থ্যসন্মত খাদ্য খাব লাগে আৰু ৰক্তচাপ কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, সেই বিষয়ে জানি লোৱা উচিত।

উচ্চ ৰক্তচাপৰ পৰা ৰক্ষা পৰিব বিচাৰে যদি শীতকালত খাওক এইসমূহ খাদ্য, বিশেষজ্ঞই দিছে পৰামৰ্শ

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব এনে খাদ্যই

Updated On: 

15 Nov 2025 | 10:20 AM

উচ্চ ৰক্তচাপ আজিৰ সময়ত এক চিন্তনীয় সমস্যা হৈ পৰিছে। বয়োজ্যেষ্ঠ লোকৰ লগতে কম বয়সীয়া লোকো শেহতীয়া সময়ছোৱাত উচ্চ ৰক্তচাপৰ চিকাৰ হৈছে। এই উচ্চ ৰক্তচাপৰ ফলত আকৌ বহুতো ৰোগ হয়। আনকি ইয়াৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰোক পৰ্যন্ত হ’ব পাৰে। শীতকালত সাধাৰণতে আমাৰ দৈনন্দিন খাদ্যাভ্যাস কিছু সলনি হয়, ইয়াৰ ফলতো উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে শীতকালত কি কি স্বাস্থ্যসন্মত খাদ্য খাব লাগে আৰু ৰক্তচাপ কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, সেই বিষয়ে জানি লোৱা উচিত।

দিল্লীস্থিত এইমছৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ নীৰজ নিচ্চালে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। ডাঃ নীৰজে কয় যে শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। শীতকালত ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পৰা কিছুমান বিশেষ খাদ্য নিশ্চিতভাৱে খাব লাগে বুলি তেওঁ কয়।

পালেং

শীতকালত খাদ্য তালিকাত পালেং অন্তৰ্ভুক্ত কৰিব লাগে বুলি তেওঁ পৰামৰ্শ দিয়ে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত পালেং অত্যন্ত উপকাৰী। ডাঃ নীৰজে জানিবলৈ দিয়া মতে যে পালেং শাকত যথেষ্ট পৰিমাণৰ নাইট্ৰেট পোৱা যায়, এই যৌগই উচ্চ ৰক্তচাপ হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰিও পালেঙত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম থাকে। এই উপাদানসমূহ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী।

ড্ৰাই ফ্ৰুটছ

শীতকালত ড্ৰাই ফ্ৰুটছ অতি উপযোগী বুলিও চিকিৎসকগৰাকীয়ে কয়। তেওঁৰ পৰামৰ্শ মতে, উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত ড্ৰাই ফ্ৰুটছৰ উপকাৰী প্ৰভাৱ পৰিব পাৰে। ৰক্তচাপ হ্ৰাস কৰাত সুষম খাদ্যৰ অংশ হিচাপে ড্ৰাই ফ্ৰুটছ আৰু কিছুমান বীজ অতি উপকাৰী।

গাজৰ

শীতকালত সততে উপলব্ধ পাচলি গাজৰ আমাৰ খাদ্য তালিকাৰ এক প্ৰধান অংশ হ’ব লাগে। গাজৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ২০২৩ চনৰ এক অধ্যয়ন অনুসৰি দৈনিক প্ৰায় ১০০ গ্ৰাম গাজৰ খালে উচ্চ ৰক্তচাপৰ সম্ভাৱনা ১০% হ্ৰাস পায়।

কণী

কণীত বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। গৱেষণা অনুসৰি, কণী উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে এক উত্তম উপায়। ২০২৩ চনত আমেৰিকাৰ ২,৩৪৯ জন প্ৰাপ্তবয়স্ক লোকৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে প্ৰতি সপ্তাহত পাঁচটা বা তাতকৈ অধিক কণী খোৱা লোকসকলৰ এই পৰিমাণতকৈ কম কণী খোৱা লোকৰ তুলনাত উচ্চ ৰক্তচাপৰ মাত্ৰা 2.5 mm Hg কম হ’ব পাৰে। অধ্যয়নত নিয়মিত কণী খোৱা লোকসকলৰ দীৰ্ঘদিনীয়া উচ্চ ৰক্তচাপৰ সমস্যা হোৱাৰ সম্ভাৱনাও যথেষ্ট কম দেখা গৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...