Menstrual Hygiene Day: মাহেকীয়াত অত্যাধিক পেটৰ বিষ হয় নেকি? তেন্তে ভুলতেও নকৰিব আওকাণ

মহিলাসকলে ঋতুস্ৰাৱ বা মাহেকীয়াৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এই সময়ত মূৰৰ বিষ, পেটৰ তলৰ অংশত বিষ, শৰীৰৰ বিষ দেখা দিয়ে। বহু সময়ত পেটৰ বিষ সহ্য কৰিব নোৱাৰা হৈ পৰে।

Menstrual Hygiene Day: মাহেকীয়াত অত্যাধিক পেটৰ বিষ হয় নেকি? তেন্তে ভুলতেও নকৰিব আওকাণ

মাহেকীয়াত অত্যাধিক পেটৰ বিষ হয় নেকি?

Published: 

28 May 2025 17:19 PM

মাহেকীয়াত বহু মহিলাৰ পেটৰ বিষৰ দৰে সমস্যা হয়। যাৰ বাবে মহিলাসকলে কাম-কাজ কৰাত ষথেষ্ঠ সমস্যাৰ সন্মুখীন হয়। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন। ঋতুস্ৰাৱৰ সময়ত কিছু অস্বস্তি সাধাৰণ হ’ব পাৰে যদিও আপোনাৰ জীৱনত ব্যাঘাত জন্মাব পৰা বিষ স্বাভাৱিক নহয়, আৰু ইয়াক আওকাণ কৰা উচিত নহয়। লাজপত নগৰৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফৰ ফাৰ্টিলিটি স্পেচিয়েলিষ্ট ডাঃ মুস্কান ছাব্ৰাই কি ক’লে জানো আহক…

কেতিয়া চিন্তা কৰিব লাগে

মাহেকীয়াৰ প্ৰথম দিনবোৰত মৃদু বিষ সাধাৰণতে প্ৰষ্টাগ্লেণ্ডিনৰ দ্বাৰা হয়, যিবোৰ হৰম’নৰ দৰে ৰাসায়নিক পদাৰ্থ যিয়ে জৰায়ুৰ আৱৰণ ঢালিবলৈ সহায় কৰে। যদি আপোনাৰ মাহেকীয়াৰ বিষে আপোনাক স্কুল বা অন্য কাম এৰিবলৈ বাধ্য কৰে আৰু বমি, মূৰ ঘূৰোৱাৰ সৃষ্টি হয় বা দিনটোৰ কামত বাধা দিয়ে, তেন্তে হয়তো চিন্তাৰ কাৰণ আহি পৰে। ইমান তীব্ৰ বিষ প্ৰায়ে আপোনাৰ শৰীৰে কিবা এটা সমস্যা থকাৰ সংকেত দিয়ে।

কিহৰ বাবে মাহেকীয়াৰ বিষ হ’ব পাৰে?

কেইবাটাও স্ত্ৰীৰোগজনিত অৱস্থাৰ কাৰণত অত্যধিক বা দুৰ্বল কৰি তোলা মাহেকীয়াৰ বিষ হ’ব পাৰে। ইয়াৰে এটা সাধাৰণ হ’ল এণ্ডোমেট্ৰিয়াছিছ, য’ত জৰায়ুৰ বাহিৰত জৰায়ুৰ আৱৰণৰ দৰে কলা বাঢ়ি যায়। ইয়াৰ ফলত দাগ, বহুত বিষ হ’ব পাৰে। আন এটা অৱস্থা হ’ল এডিন’মাই’ছিছ, যিটো জৰায়ুৰ আৱৰণখন ইয়াৰ পেশীৰ বেৰলৈ বৃদ্ধি হ’লে হয়। তাৰ পিছত কিছুমানৰ ফাইব্ৰইডৰ বাবে বিষ আৰু অত্যাধিক ৰক্তক্ষৰণ আদি হ’ব পাৰে।

স্বাভাৱিক মাহেকীয়া চক্ৰ ২৮ দিন। ইয়াৰ বাহিৰেও ১০ দিন পৰ্যন্ত পলম হ’ব পাৰে। যদি ৩৮ দিনত মাহেকীয়া নহয়, তেন্তে ইয়াক স্বাভাৱিক বুলি গণ্য কৰা নহয়। যদি ইয়াতকৈ বেছি সময় লৈছে তেন্তে বহু কাৰণত হ’ব পাৰে।

বিশেষকৈ কেইবাৰো মহিলাৰ ক্ষেত্ৰত পি.এম.এছ. (Premenstrual syndrome), এণ্ডোমেট্ৰিয়’ছিছ বা uterine fibroid আদি ৰোগৰ ফলতো মাহেকীয়া সময়ত পেটৰ বিষ বেছি অনুভৱ হয়।

যদি আপুনি প্ৰতিমাহে ঋতুস্ৰাৱৰ সময়ত যথেষ্ঠ বিষৰ লগতে শৰীৰ দুৰ্বল অনুভৱ কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নবাহৰিব।

 

পঞ্জাৱৰ বিপক্ষে জয়ৰ পিছতে আৰচিবিৰ নায়কৰ হুংকাৰ, স্পষ্টকৈ ক’লে ‘৩ জুনত…..’
ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে, জানক ৰঙালাওৰ উপকাৰিতা...
প্ৰতিদিনে কিমান মিলিলিটাৰ ফলৰ ৰস খালে ডায়েবেটিছ হোৱাৰ আশংকা থাকে ?
আপোনাৰো iPhone ত storage full দেখুৱাই নেকি? তেন্তে ভুলতেও নাৰাখিব এইকেইটা APP