কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ কাৰণ, প্ৰতিৰোধৰ উপায় জানক…

Hair Problems: বহু লোকে ৩০ বছৰ বয়সৰ আগতেই চুলি পকিবলৈ আৰম্ভ কৰে।যুৱক-যুৱতীসকলৰ মাজতো এই সমস্যা ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে। কিন্তু কিয় এনেকুৱা হৈছে? এই সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব?

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ কাৰণ, প্ৰতিৰোধৰ উপায় জানক...

আয়ুৰ্বেদৰ সহায়ত চুলি কৰক ধুনীয়া

Published: 

23 Jul 2025 | 12:05 PM

৩০ বছৰ বয়সৰ আগতেই বহু লোকে চুলি চুলি পকিবলৈ আৰম্ভ কৰে।যুৱক-যুৱতীসকলৰ মাজতো এই সমস্যা ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে। কিয় এনেকুৱা হৈছে? এই সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব?

চুলি পকাৰ কাৰণ

১) জিনীয় প্ৰভাৱ: পৰিয়ালৰ কোনোবাই যদি কম বয়সতে চুলি পকিছে, তেন্তে বংশধৰসকলৰ ক্ষেত্ৰতো একে প্ৰৱণতা দেখা যায়। ইয়াক ‘Genetic Premature Graying’ বুলি কোৱা হয়।

২) অত্যধিক মানসিক চাপ: অত্যধিক মানসিক চাপ বা চিন্তাই শৰীৰৰ হৰম’নৰ ভাৰসাম্য পোনপটীয়াকৈ বিঘ্নিত কৰে। কৰ্টিছল হৰম’ন বৃদ্ধিৰ বাবে মেলানিনৰ উৎপাদন কমি যায় আৰু চুলি বগা হৈ পৰে।

৩) খাদ্যৰ ভুল: ভিটামিন বি ১২, আইৰণ, ফলিক এচিড আৰু এন্টিঅক্সিডেন্টৰ অভাৱ হ’লে চুলি ধূসৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও অত্যধিক ফাষ্ট ফুড আৰু সংৰক্ষক দ্ৰব্য থকা খাদ্যও ক্ষতিকাৰক।

৪) হৰম’ন আৰু থাইৰয়ডৰ সমস্যা: থাইৰয়ড গ্ৰন্থিৰ ভাৰসাম্যহীনতা বা অন্যান্য হৰম’নৰ ৰোগে চুলিৰ ৰং সলনি কৰিব পাৰে।

৫) ধূমপান আৰু প্ৰদূষণ: ধূমপানে তেজলৈ অক্সিজেন যোগান ধৰাত বাধা দিয়ে আৰু কোষৰ ক্ষতি কৰে। ফলত চুলিবোৰ খৰকৈ বাঢ়ি যায়। একেদৰে চুলিত থকা মেলানিনও প্ৰদূষণৰ বাবে হেৰাই যায়।

ইয়াৰ সমাধানৰ বাবে কি কৰিব পাৰি?

১) পুষ্টিকৰ খাদ্য খোৱা: আমলখি, গাজৰ, গাখীৰ, দৈ, পালেং, বাদাম, কণী আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ইয়াত থকা ভিটামিন আৰু খনিজ পদাৰ্থই চুলিত মেলানিন উৎপাদনত সহায় কৰে।

২) আয়ুৰ্বেদিক তেলৰ ব্যৱহাৰ: ভৃংগৰাজ তেল, আমলখিৰ তেল বা নাৰিকল তেলত মেথি উতলাই লগালে উপকাৰ পোৱা যায়। নিয়মিত মালিচ কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু পকা চুলিৰ প্ৰৱণতা হ্ৰাস পায়।

৩) মানসিক চাপ কমোৱা: ধ্যান, যোগাসন, পৰ্যাপ্ত টোপনি আৰু ব্যায়াম মানসিক চাপ কমোৱাত সহায়ক।

৪) হোম পেক: আদা আৰু মৌ মিহলাই মূৰৰ ছালত লগালে, বা আমলখি আৰু হেনাৰ সৈতে চুলিৰ পেক ব্যৱহাৰ কৰিলে চুলিৰ ৰং বজাই ৰখাত সহায় কৰিব পাৰি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...