Honeymoon কি? বিয়াৰ পিছত স্বামী-স্ত্ৰীৰ প্ৰথম ভ্ৰমণক কিয় Honeymoon বুলি কোৱা হয়?

বিয়াৰ পিছত স্বামী-স্ত্ৰীয়ে যেতিয়া ভ্ৰমণলৈ যায় তেতিয়া Honeymoonnলৈ যোৱা বুলি কোৱা হয়। কিন্তু আপুনি জানেনে এই Honeymoon শব্দটো ক'ৰ পৰা আহিছে?

Honeymoon কি? বিয়াৰ পিছত স্বামী-স্ত্ৰীৰ প্ৰথম ভ্ৰমণক কিয় Honeymoon বুলি কোৱা হয়?

After Marriage When Couple Go To Somewhere For Travel And Spend Time Alone Why Is It Called Honeymoon

Updated On: 

08 Jan 2025 22:37 PM

বিয়াৰ দিনটো সকলোৰে বাবে অতি বিশেষ। বিবাহ এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়। হিন্দু পৰম্পৰা মতে প্ৰত্যেকজন পুৰুষ-নাৰীয়ে বিবাহ বান্ধোনৰ দ্বাৰা সুখ-শান্তিৰে গাৰ্হস্থ্য জীৱনৰ আৰম্ভণি কৰে।

আজিকালি বিয়াৰ পিছত নৱবিবাহিত দম্পতীয়ে ভ্ৰমণলৈ যায়, যাক Honeymoon বুলি কোৱা হয়। বিবাহৰ কিছুদিন পূৰ্বেই ইয়াৰ পৰিকল্পনা আৰম্ভ হয়। বিয়াৰ ৫ৰ পৰা ১০ দিনৰ পিছতে সংগীৰ সৈতে ভ্ৰমণলৈ যায় আৰু সেই ভ্ৰমণ তেওঁলোকৰ বাবে সদায় স্মৰণীয় হৈ ৰয়।

Honeymoon এনেকুৱা এটা সময়, য’ত দুয়োজনে শান্তিত সময় কটাব পাৰে। Honeymoon কেৱল ভ্ৰমণেই নহয়, স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ লগত ব্যক্তিগত সময় অতিবাহিত কৰিব পাৰে। ইয়াৰ ফলত সম্পৰ্ক মজবুত হয় আৰু ভালদৰে বুজিবলৈ সুযোগ পায়।

দুয়োজনে Honeymoon ত কটোৱা প্ৰতিটো মুহূৰ্তক নিজৰ স্মৃতি কৰি ৰাখিব পাৰে। এই সময়ত দুয়োজনে নিজৰ আশা, ইচ্ছা আৰু সপোনৰ বিষয়ে কথা পাতে। কিন্তু বিয়াৰ পিছত যেতিয়া দম্পতীয়ে প্ৰথমবাৰৰ বাবে বাহিৰলৈ যায়, তেতিয়া ইয়াক কিয় Honeymoon বুলি কোৱা হয়? এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈও আহিছে। আজি জানক এই Honeymoon ৰ অৰ্থ…

বিয়াৰ পিছত ভ্ৰমণলৈ গ’লে কিয় Honeymoon বুলি কোৱা হয়?

কিছুমান লোকৰ মতে, এই পৰম্পৰা ৪০০০ বছৰ পুৰণি বেবিলনৰ পৰা আহিছে। সেই সময়ত নতুন দম্পতীক বিয়াৰ লগে লগে মৌৰ পৰা তৈয়াৰী মদ খাবলৈ দিয়া হৈছিল। বেবিলনত এই মাহটোক মৌ মাহ বুলি জনা গৈছিল আৰু ইয়াক চন্দ্ৰ পঞ্জিকা অনুসৰি দিয়া হৈছিল। ইয়াৰ পৰা লাহে লাহে ই Honeymoon নামেৰে প্ৰচলিত হয়। ৫ম শতিকাত ইউৰোপত বিবাহিত দম্পতীয়ে ‘Honeymoon’ আৰম্ভ কৰিছিল। যদিও এই বিষয়ে বহু কাহিনী আছে, তথাপিও কোনো কথা স্পষ্ট নহয়।

জিভাত কিয় বাৰে বাৰে ঘাঁ হয়? কাৰণ জানক...
সঘনাই বমি ভাব, ভোক নলগা..এয়া কি ৰোগৰ লক্ষণ? জানক
দেহৰ গাঁঠিৰ বিষৰ সমস্যাত সকাহ দিব পাৰে এই ৭বিধ খাদ্যই, চাই লওক এতিয়াই
শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...