কিয় বৃদ্ধি পাইছে স্তন কেন্সাৰ? জানক ইয়াৰ লক্ষণ কি কি
ভাৰতত বৃদ্ধি পাইছে স্তন কেন্সাৰ আক্ৰান্ত ৰোগী। ২০২২ চনত ১৪ লাখৰো অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। ভুল খাদ্যাভ্যাস, জীৱনশৈলী বিঘ্নিত আৰু মেদবহুলতা বৃদ্ধি এই ৰোগৰ প্ৰধান কাৰণ। আগতে ৫০ বছৰ বয়সৰ পিছত মহিলাৰ স্তন কেন্সাৰৰ ৰোগী দেখা গৈছিল যদিও বৰ্তমান মহিলাসকল ২৫ৰ পৰা ৩০ বছৰ বয়সতহে এই কেন্সাৰৰ কৱলত পৰিছে।

স্তনৰ কেন্সাৰ ৰোগৰ লক্ষণ সচৰাচৰ এক পিণ্ড হিচাপে ধৰা দিয়ে যি স্তনৰ বাকী কলাতকৈ পৃথক। স্তনত এনে পিণ্ড চিনাক্ত হ’লে এয়া কৰ্কট ৰোগ হিচাপে ৮০% ৰো অধিক নিশ্চিতি লাভ কৰিব পাৰি। অৱশ্যে পূৰ্বে লক্ষণ নেদেখা কিন্তু বহু পলমকৈ ধৰা দিয়া স্তনৰ কেন্সাৰ ৰোগ মেম’গ্ৰাফিৰ দ্বাৰাহে ধৰা পৰে। স্তনৰ কাষত অৱস্থিত লসীকা গ্ৰন্থিত পোৱা পিণ্ডবোৰে স্তনৰ কৰ্কট ৰোগো সূচিত কৰিব পাৰে। পিণ্ডৰ বাহিৰে স্তনৰ কৰ্কট ৰোগৰ ইঙ্গিতৰ স্বৰূপ লক্ষণ সমূহ হ’ল: আন স্তন কলাতকৈ পৃথক হোৱা, এটা স্তন ডাঙৰ বা তললৈ ওলমি পৰা, স্তনবৃন্ত সলনি হোৱা বা আকৃতি সলনি হোৱা, ছালৰ বৰণ সলনি হোৱা বা ডিম্পলিং, স্তনবৃন্তৰ ওপৰত বা চাৰিওফালে চোকোৰা পৰা, স্তনবৃন্তৰ পৰা স্ৰাৱ, স্তন বা কাষৰ অংশত নিৰন্তৰ বিষ আৰু তলৰ ফালে বা কলাৰবোনৰ চাৰিওফালে ফুলি উঠা ইত্যাদি। স্তনৰ কেন্সাৰ ৰোগৰ উপস্থিতি বা অনুপস্থিতি নিৰ্ধাৰণ কৰাৰ বাবে স্তনত অনুভৱ হোৱা বিষ (“মেষ্টোডাইনিয়া”) হৈছে এক অনিৰ্ভৰযোগ্য লক্ষণ, অৱশ্যে এই বিষ স্তনৰ অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ পৰিচায়কো হ’ব পাৰে।
স্তনৰ কেন্সাৰৰোগৰ আন এক জটিল লক্ষণ হৈছে পেজেটৰ স্তনৰ ৰোগ। এই লক্ষণটো একজিমাৰ দৰে ছালৰ পৰিৱৰ্তন হিচাপে ধৰা দিয়ে; যেনে স্তন ৰঙা পৰা, এইদৰে ৰঙা পৰা স্তনবৃন্তৰ ছালৰ মৃদু ফ্লেকিং। স্তনত আৰম্ভ হোৱা এই কৰ্কটৰোগ আগবাঢ়ি যোৱাৰ লগে লগে, দেখা দিব পৰা লক্ষণবোৰৰ ভিতৰত জিনজিননি অনুভৱ হোৱা, খজুৱতি, বৰ্ধিত সংবেদনশীলতা, জ্বলা-পোৰা, আৰু বিষ আদি অন্যতম। ইয়াৰোপৰি স্তনবৃন্তৰ পৰা জুলীয়া পদাৰ্থৰ নিৰ্গমন হোৱাও দেখা যায়। পেজেটৰ স্তনৰ ৰোগত আক্ৰান্ত প্ৰায় আধা মহিলাৰ স্তনতে পিণ্ড থাকে।
প্ৰদাহজনক স্তন কেন্সাৰ হৈছে এক বিৰল কৰ্কট ৰোগ। ইয়াৰ প্ৰভাৱত স্তন ফুলিবলৈ ধৰা, ৰঙা আদিবোৰ দৃশ্যমান লক্ষণ। প্ৰদাহজনক স্তন কৰ্কটৰোগৰ দৃশ্যমান প্ৰভাৱ বোৰ কৰ্কট কোষৰ দ্বাৰা লিম্ফ নলীবোৰ অৱৰোধ হোৱাৰ ফলস্বৰূপে দেখা দিয়ে। এই ধৰণৰ স্তন কৰ্কট ৰোগ কম সচৰাচৰ বয়সৰ, মেদবহুল মহিলা আৰু আফ্ৰিকান আমেৰিকান মহিলাৰ ক্ষেত্ৰত অধিক পৰিমাণে ধৰা পৰে। যিহেতু প্ৰদাহজনক স্তনকৰ্কট ৰোগৰ লক্ষণত পিণ্ড চিনাক্ত নহয় সেয়েহে কেতিয়াবা ৰোগ নিৰ্ণয়ত পলম হ’ব পাৰে।
স্তনৰ ৰোগৰ দ্বাৰা প্ৰভাৱিত স্থানৰ নমুনা বা বায়’প্সিৰ আণুবীক্ষণিক বিশ্লেষণৰ দ্বাৰা বেছিভাগ স্তন কৰ্কট ৰোগ নিৰ্ণয় কৰা সহজ হৈ পৰে। লগতে স্তনৰ কৰ্কট ৰোগৰ এনে কিছুমান প্ৰকাৰ আছে যি সমূহ ধৰা পৰিবৰ বাবে বিশেষ পৰীক্ষাগাৰত পৰীক্ষা কৰা প্ৰয়োজন।
দুটা আটাইতকৈ বেছি ব্যৱহৃত স্ক্ৰীণিং পদ্ধতি হিচাপে স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ দ্বাৰা স্তনৰ শাৰীৰিক পৰীক্ষণ আৰু মেমোগ্ৰাফীয়ে এক আনুমানিক সম্ভাৱনা প্ৰদান কৰিব পাৰে। ইয়াৰ দ্বাৰা স্তনত দেখা দিয়া পিণ্ড আৰু আন কিছুমান ঘাঁ চিনাক্ত কৰিব পাৰি (যেনে সৰল চিষ্ট)। বায়’প্সি অন্যান্য বিকল্পবোৰৰ ভিতৰত আছে মুখ্য বায়’প্সি বা ভেকুৱাম-সহায়ক স্তন বায়’প্সি।
চিকিৎক ডাঃ ভুৱনে কয় যে, স্তনৰ আত্মপৰীক্ষা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ লগে লগে এই কেন্সাৰ ৰোগটো সময়মতে চিনাক্ত কৰিব পৰা যায়। সেয়ে শীঘ্ৰে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।