শীতকালৰ পুৱা কিয় বাঢ়ে হাৰ্ট এটেক অহাৰ আশংকা? এনেদৰে লওক হৃদযন্ত্ৰৰ যত্ন…

আপুনি জানেনে, শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়? হৃদৰোগীৰ বাবে শীতকাল বিশেষভাৱে প্ৰত্যাহ্বানজনক হ’ব পাৰে। গতিকে এই ঋতুত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি অতিৰিক্ত সজাগ হোৱাটো অতি প্ৰয়োজনীয়। এই বিষয়ে অধিক জানো আহক।

শীতকালৰ পুৱা কিয় বাঢ়ে হাৰ্ট এটেক অহাৰ আশংকা? এনেদৰে লওক হৃদযন্ত্ৰৰ যত্ন...

হাৰ্ট এটেক

Published: 

03 Dec 2025 | 10:47 AM

পৰিসংখ্যা অনুসৰি শীতকালত বিশেষকৈ পুৱা হাৰ্ট এটেকৰ ৰোগী ২০-৩০% বৃদ্ধি পায়। এই ঋতুত কিয় এনেকুৱা হয় আৰু কেনেকৈ হৃদযন্ত্ৰৰ যত্ন লব লাগে জানো আহক।

শীতকালত হাৰ্ট এটেক বৃদ্ধি হোৱাৰ কাৰণবোৰ কি কি?

  • ৰক্তবাহী নলী সংকোচন – ঠাণ্ডাৰ ফলত ধমনী সংকুচিত হয়, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত টান পৰে।
  • উচ্চ ৰক্তচাপ – ঠাণ্ডাত শৰীৰক গৰম কৰি ৰাখিবলৈ হৃদযন্ত্ৰই অধিক কষ্ট কৰিব লগা হয়, যাৰ ফলত ৰক্তচাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
  • বায়ু প্ৰদূষণ – শীতকালত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়, যিটো উশাহ-নিশাহ আৰু হৃদযন্ত্ৰ দুয়োটাৰে বাবে ক্ষতিকাৰক।
  • শাৰীৰিক ক্ৰিয়া-কলাপ হ্ৰাস – ঠাণ্ডাৰ বাবে মানুহে ব্যায়াম আৰু শাৰীৰিক ক্ৰিয়া-কলাপ কমি যায়, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে।
  • অতিমাত্ৰা খাদ্যাভ্যাস – এই ঋতুত উচ্চ চৰ্বিযুক্ত আৰু চেনিযুক্ত খাদ্য খালে কলেষ্টেৰলৰ সম্ভাৱনা বৃদ্ধি পায়।

শীতকালত নিজৰ হৃদয়ৰ যত্ন কেনেকৈ ল’ব?

  • শৰীৰটো গৰম কৰি ৰাখক – ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰক। বিশেষকৈ মূৰ, কাণ, হাত ঢাকি গৰম কাপোৰ পিন্ধক।
  • নিয়মিত ব্যায়াম – দৈনিক কমেও ৩০ মিনিট ঘৰৰ ভিতৰত ব্যায়াম কৰক। যোগ, প্ৰাণায়াম, আৰু ষ্ট্ৰেচিং লাভজনক হ’ব।
  • স্বাস্থ্যসন্মত খাদ্য – লঘু, উষ্ণ, আৰু পুষ্টিকৰ খাদ্য খাব লাগে। সেউজীয়া শাক-পাচলি, বতৰৰ ফল-মূল, আদা, নহৰু, হালধি আদি উপকাৰী। গধুৰ, ভজা খাদ্য আৰু অতিৰিক্ত নিমখ পৰিহাৰ কৰক।
  • সূৰ্যৰ পোহৰ – দুপৰীয়াৰ ৰ’দত কমেও ১৫-২০ মিনিট সময় কটাব লাগে যাতে আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰে।
  • ঔষধ এৰিব নালাগে – হৃদৰোগীয়ে নিয়মিতভাৱে ঔষধ সেৱন কৰিব লাগে আৰু চিকিৎসকৰ সৈতে যোগাযোগত থাকিব লাগে।
  • মানসিক চাপ ব্যৱস্থাপনা – প্ৰচুৰ টোপনি লওক, ধ্যান কৰক, আৰু প্ৰিয় কাৰ্য্যকলাপৰ বাবে সময় উলিয়াওক।
  • লক্ষণসমূহ নিৰীক্ষণ কৰক – যদি আপুনি বুকুৰ বিষ, উশাহ লোৱাত কষ্ট, হঠাতে মূৰ ঘূৰোৱা, বা ভাগৰুৱা হোৱা আদি লক্ষণ অনুভৱ কৰে, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।
  • ধূমপান আৰু মদ্যপানৰ পৰা আঁতৰি থাকক – এইবোৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে, গতিকে ইয়াক পৰিহাৰ কৰক।
    পৰ্যাপ্ত পৰিমাণে পানী খাওক – শীতকালত পিয়াহ কম হয়, কিন্তু শৰীৰত জলসিঞ্চিত কৰি ৰাখিবলৈ পানীৰ খাই থাকিব।

লগতে পঢ়ক: লিভাৰ দুৰ্বল হোৱাৰ আৰম্ভণিতে ছালত দেখা দিয়ে এইসমূহ লক্ষণ, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...