Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়? জানক কিদৰে কৰিব প্ৰতিকাৰ

মহিলাসকলে মাহেকীয়াত পেটৰ বিষৰ বাবে বহুত কষ্ট অনুভৱ কৰে। এই সময়ত কিয় পেটৰ বিষ হয়? ইয়াৰ পৰা কেনেকৈ মুক্তি পাব? এই বিষয়ে জানিবলৈ আমি ডাঃ চাঞ্চল শৰ্মাৰ সৈতে কথা পাতিছিলোঁ। তেওঁ কি ক'লে জানো আহক।

Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়? জানক কিদৰে কৰিব প্ৰতিকাৰ

মাহেকীয়াত পেটৰ বিষৰ সমস্যা

Published: 

22 Mar 2025 | 02:05 PM

যিকোনো মহিলাৰে মাহেকীয়া সময়ত পেটৰ অংশত বিষ, কঁকালৰ বিষ আদিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সাধাৰণতে প্ৰথম তিনিদিনত এই সমস্যা বেছি হয়। বহু ক্ষেত্ৰত এই বিষ সহ্য কৰাটোও অতি কঠিন হৈ পৰে। কিছুমান ক্ষেত্ৰত মহিলাৰ এই বিষ কম বেছি হ’ব পাৰে। মেডিকেল জাৰ্নেল দ্য নেচাৰ জাৰ্নেলৰ তথ্য অনুসৰি প্ৰায় ৫০ শতাংশ মহিলাই মাহেকীয়াৰ সময়ত তীব্ৰ বিষ অনুভৱ কৰে। আনকি মহিলাসকলে ইয়াৰ পৰা হাত সাৰিবলৈ বিষনাশক ঔষধো সেৱন কৰে। কিছুমানে এই অসস্যকৰ বিষৰ বাবে বমি, পায়খানা সকলো কৰে। যাৰ ফলত সেই সময়ছোৱাত মহিলাগৰাকী দূৰ্বল হৈ পৰে। কিন্তু কিছুমান উপায় আছে যাৰ দ্বাৰা আপুনি কোনো ঔষধ নোখোৱাকৈ এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব।

Period Cramps কি?

মাহেকীয়াৰ সময়ত জৰায়ুৰ পেশীবোৰ সংকোচিত হয় আৰু ইয়াৰ ফলত মহিলাসকলৰ বিষ হয়। সাধাৰণতে মাহেকীয়া আৰম্ভ হোৱাৰ পিছত এদিন বা দুদিনলৈকে এই বিষ থাকে। মহিলাৰ দেহত উপস্থিত থকা প্ৰষ্টাগ্লেণ্ডিন হৰম’নৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থও ইয়াৰ কাৰণ। কিছুমান মহিলাৰ পিৰিয়ড ক্ৰেম্পৰ বিষ অতি তীব্ৰ হ’ব পাৰে আৰু কেইবাদিনো ধৰি থাকিব পাৰে। এই সময়ছোৱাত মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু ইয়াৰ প্ৰতিৰোধৰ বাবে ঔষধ খোৱাৰ প্ৰয়োজন নাই। খাদ্যাভ্যাস সলনি কৰিও ইয়াক প্ৰতিৰোধ কৰিব পাৰি। এই বিষয়ে চিকিৎসকে কি কৈছে জানো আহক।

মাহেকীয়াৰ পেটৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব পাৰি

স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ চঞ্চল শৰ্মাই কয় যে, যদি আপুনিও মাহেকীয়াৰ বিষৰ পৰা মুক্তি পাব বিচাৰে তেন্তে গৰম পানীৰে সেক দিব লাগে। আপুনি পানী অধিক পোৱা খাদ্য খাওক। যেনে, আপোনাৰ খাদ্যত তৰমুজ, তিঁয়হ অন্তৰ্ভুক্ত কৰক। ডাৰ্ক চকলেট পিৰিয়ডৰ ক্ৰেম্প অৰ্থাৎ মাহেকীয়াৰ বিষ কমোৱাতো সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰোপৰি দৈ হৈছে এনে এক খাদ্য সামগ্ৰী য’ত প্ৰ’বায়’টিক থাকে যিয়ে ক্ৰেম্পৰ পৰা সকাহ দিব পাৰে।

ঔষধ নিজে গ্ৰহণ নকৰিব

সেউজীয়া আৰু সতেজ পাতৰ শাক-পাচলিৰ বহু গুণ আছে। খাদ্যত ব্ৰকলি, কবি আৰু কচু অন্তৰ্ভুক্ত কৰক। ধ্যান আৰু যোগাসন কৰক। দীঘলকৈ উশাহ লওক আৰু যদি এই পদ্ধতিসমূহৰ জৰিয়তে কোনো ধৰণৰ সকাহ পোৱা নাই তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ খাব লাগে। কোনো ধৰণৰ ঔষধ নিজাববীয়াকৈ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...