মহিলাসকলৰ মাজত বৃদ্ধি পোৱা Ovarian Cysts আৰু PCOD ৰ সমস্যা কি? ইয়াৰ লক্ষণ জানো আহক
পৰিয়ালৰ দায়িত্ব আৰু অফিচৰ দায়িত্ব পালন কৰোঁতে, মহিলাসকলে প্ৰায়ে নিজৰ যত্ন ল’বলৈ পাহৰি যায়। ইয়াৰ ফলত স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সমস্যা হয়। আজি জানক মহিলাসকলৰ মাজত বৃদ্ধি পোৱা Ovarian Cysts আৰু PCOD ৰ সমস্যা কি?

আজিকালি Psod বা Cyst ৰ দৰে সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। পৰিৱৰ্তিত জীৱনশৈলী, হ’ৰমনৰ সমস্যা, সাৰ প্ৰয়োগ কৰা খাদ্য আদি বিভিন্ন কাৰণত মহিলাসকলক বহু বেমাৰে দেখা দিছে। কেৱল সেয়াই নহয়, পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে আজিকালি মহিলাসকলৰ Psod বা Cyst ৰ দৰে সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এনেধৰণৰ বেমাৰৰ পৰা ৰক্ষা পৰিবলৈ মহিলাসকলে কি কৰিব জানো আহক…
আজিকালি PCOD (Polycystic Ovarian Disease) ৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আগতে এই সমস্যা ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত বেছি দেখা গৈছিল কিন্তু এতিয়া ১৮ৰ পৰা ২০ বছৰ বয়সৰ ছোৱালীৰ ক্ষেত্ৰতো PCODৰ সমস্যা সাধাৰণ হৈ পৰিছে। এই সমস্যাক PCOS (Polycystic Ovarian Syndrome) বুলিও কোৱা হয়। PCOD হৈছে হৰম’নৰ সমস্যা যিটো আমাৰ বেয়া জীৱনশৈলীৰ ফল। ইয়াৰ লক্ষণ কি কি জানক…
PCOD ৰ লক্ষণ হৈছে
- ওজন বৃদ্ধি
- অনিয়মীয়া ঋতুস্ৰাৱ
- শালমইনা আৰু উফি
- শৰীৰ বা মুখমণ্ডলত অলাগতিয়াল চুলি বৃদ্ধি
ইফালে Ovarian Cysts হৈছে মহিলাসকলৰ শৰীৰত হোৱা আন এবিধ সমস্যা। প্ৰতিগৰাকী মহিলাৰ শৰীৰত দুটা ডিম্বাশয় থাকে। সেয়া মহিলাৰ জৰায়ুৰ দুয়োকাষে থাকে আৰু ই হৰম’ন (ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন)ৰ ভাৰসাম্য ৰক্ষাৰ কাম কৰে। যোৱা কেইবছৰমানৰ পৰা মহিলাৰ ডিম্বাশয়ত চিষ্ট গঠনৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবেই এনে হৈছে। ডিম্বাশয়ত ওখহি গাঁঠি গঠন হোৱাৰ সমস্যাক অভেৰিয়ান চিষ্ট বোলা হয়। কিছুমান ক্ষেত্ৰত এই গোটবোৰ নিজে নিজে নাইকিয়া হৈ যায়, আৰু আন কিছুমানৰ শৰীৰত বেছি গাঁঠি গঠন হ’লে বিশেষ ডাঙৰ ৰোগৰ আশংকা থাকে।
Cysts ৰ লক্ষণ হৈছে
- ঋতুস্ৰাৱৰ আগতে বা সময়ত তলপেটত তীব্ৰ বিষ
- ঋতুস্ৰাৱ অনিয়মীয়া
- যৌন মিলনৰ সময়ত বিষ
- পিঠি আৰু উৰুৰ বিষ
এনে লক্ষণবোৰ দেখিলে অৱহেলা নকৰিব আৰু লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব। যদি PCOD বা Ovarian Cysts ৰ সন্দেহ কৰা হয়, তেন্তে বিশেষজ্ঞই চোনোগ্ৰাফী কৰাৰ পৰামৰ্শ দিব। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ নাখাব।