Cucumber: হ’ব ডাঙৰ সমস্যা! এইসকল লোকে ভুলতো খাব নালাগে তিয়ঁহ, জানক সকলো…

Cucumber: তিয়ঁহ খাই বহু মানুহে ভাল পায়। কিন্তু কিছুমানৰ বাবে তিয়ঁহ ভাল নহয়। কিছুমান বিশেষ সমস্যা থকা লোকে তিয়ঁহ খালে সমস্যাত ভুগিব পাৰে। গতিকে এই বিষয়ে জনা দৰকাৰ।

Cucumber: হব ডাঙৰ সমস্যা! এইসকল লোকে ভুলতো খাব নালাগে তিয়ঁহ, জানক সকলো...

তিয়ঁহ

Published: 

03 Dec 2025 | 03:29 PM

তিয়ঁহত যথেষ্ঠ পৰিমাণৰ পানী থাকে। গৰমৰ দিনত শৰীৰক ঠাণ্ডা ৰখাত তিয়ঁহে সহায় কৰে। ইয়াক সব্জী বনাই, চালাদ আকাৰে বা সাধাৰণভাৱে কেঁচাই খাব পাৰে। অৱশ্যে শীতকালতো বহুতে তিয়ঁহ (Cucumber) খোৱা দেখা যায়। সীমিত পৰিমাণে তিয়ঁহ খালে শৰীৰ আৰ্দ্ৰ হৈ থাকে। তিয়ঁহত বহু পৰিমাণৰ পুষ্টিকৰ উপাদান থাকে। তিয়হত ভিটামিন চি, ফাইবাৰ, পটেছিয়াম, মেগনেছিয়ামৰ দৰে বিভিন্ন উপাদান থাকে। এক কথাত তিয়ঁহ শৰীৰৰ বাবে ভাল।

কিন্তু কিছুমানৰ বাবে তিয়হ ক্ষতিকাৰক। কিছুমান মানুহে ভুলতো তিয়ঁহ খাব নালাগে। এই সন্দৰ্ভত ইনষ্টাগ্ৰামত সবিশেষ জনাইছে ডাঃ বিনোদ শৰ্মাই। তেওঁ তিয়ঁহৰ উপকাৰ আৰু অপকাৰৰ বিষয়ে জনাইছে।

কোনে খাব নালাগে

পেটৰ সমস্যাঃ তিয়ঁহত ফাইবাৰ যথেষ্ঠ পৰিমাণে থাকে। যিসকল লোকৰ গেষ্ট্ৰিক, বদহজম, পেট ফুলা আদিৰ সমস্যা আছে সেইসকলে তিয়ঁহ খাব নালাগে। এনে লোকে তিয়ঁহ খালে এইবোৰ সমস্যা আৰু অধিক বৃদ্ধি পাব পাৰে।

চৰ্দি-জ্বৰঃ যিসকল লোকে বেছিকৈ চৰ্দি, জ্বৰ,ডিঙিৰ সমস্যা আদিত ভুগি থাকে সেইসকলে তিয়ঁহ খাব নালাগে। তিয়ঁহ ঠাণ্ডা। গতিকে এয়া খালে চৰ্দি,জ্বৰ আদি বাঢ়িব পাৰে।

এলাৰ্জিঃ বহু মানুহৰ বহু ধৰণৰ এলাৰ্জি আছে। যিসকল লোকৰ তিয়ঁহৰ পৰা এলাৰ্জি আছে সেইসকলে তিয়ঁহ খাব নালাগে।

মুত্ৰঃ তিয়ঁহ এক প্ৰাকৃতিক মুত্ৰবৰ্ধক, অৰ্থাৎ ই প্ৰস্ৰাৱ বৃদ্ধি কৰে। তিয়ঁহত অধিক পৰিমাণৰ পানী থাকে। গতিকে তিয়ঁহ খালে বাৰে বাৰে প্ৰস্ৰাৱ লাগি থাকিব পাৰে।

উপকাৰ

  • পাচন- পাচন প্ৰক্ৰিয়া ভাল আৰু কৌষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাৰ বাবে উপকাৰী।
  • ছালঃ ছালৰ বাবে ই উপকাৰী। ইয়াৰ ফলত ছাল উজ্বল আৰু ধুনীয়া হয়।
  • ব্লাড প্ৰেচাৰঃ তিয়হে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

উল্লেখ্য যে, এই লেখাটোত কিছুমান সাধাৰণ দিশৰ কথা উল্লেখ কৰা হৈছে। কিন্তু আপোনাৰ যদি কিবা বিশেষ ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ যকৃতৰ কৰ্কট ৰোগ কিয় হয়? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...